Monday, October 3, 2022
HomeNewsগোপীচান্দক পিছ পেলাই ৰেংকিঙত প্ৰথম স্থান অধিকাৰ কৰা কোন আছিল এইজন অসমীয়া!!

গোপীচান্দক পিছ পেলাই ৰেংকিঙত প্ৰথম স্থান অধিকাৰ কৰা কোন আছিল এইজন অসমীয়া!!

ভাৰতীয় বেডমিণ্টন ক্ষেত্ৰৰ এক উজ্জ্বল প্ৰতিভা আছিল তেওঁ। ১৯৯২ ৰ পৰা ১৯৯৬ চন পৰ্যন্ত একেলেথাৰিয়ে পাঁচ বছৰ দেশৰ এক নম্বৰ ৰেংকিং প্ৰাপ্ত শ্বাটলাৰ আছিল তেওঁ। সেই সময়ত ৰেংকিঙত পুলেল্লা গোপচান্দ ৰৈছিল দ্বিতীয় স্থানত। ইয়াত এজন অসম সন্তানৰ কথাই আলোচনা কৰা হৈছে। ১৯৯৬ চনত ভাৰতীয় থমাছ কাপ দলৰ অধিনায়কো আছিল তেওঁ। ছিনিয়ৰ ৰাষ্ট্ৰীয় বেডমিণ্টন চেম্পিয়নশ্বিপত তিনিবাৰকৈ খিতাপ জয় কৰি হেট্ৰিক অৰ্জন কৰিছিল তেওঁ। পৰাস্ত কৰিছিল সেই সময়ৰ দেশৰ তাৰকা শ্বাটলাৰ ক্ৰমে সুশান্ত ছাক্সেনা, ৰাজীৱ বাগ্গা আৰু পুলেল্লা গোপীচান্দক।


বিশ্বৰ প্ৰায়বোৰ বেডমিণ্টন টুৰ্ণামেণ্টতে অংশ লৈ সফলতা কঢ়িয়াই আনিবলৈ সক্ষম হৈছিল। অল ইংলেণ্ড অপেন, ফ্ৰেন্স অ’পেন, ছুইছ অ’পেন ,চাইনা অ’পেন, ইণ্ডোনেছিয়া অ’পেন আদিৰ দৰে প্ৰতিযোগিতাৰ কোনো খনেই বাদ পৰা নাছিল। বেমিণ্টনৰ প্ৰশিক্ষণ লৈছিল আকৌ প্ৰকাশ পাডুকণৰ অধীনত। এনে বিশাল অভিজ্ঞতাৰে ভাৰতীয় বেডমিণ্টন ক্ষেত্ৰখনত বহুদিন প্ৰভুত্ব বজাই ৰাখিবলৈ সক্ষম হোৱা সেই গৰাকী অসম সন্তান আছিল দীপাংকৰ ভট্টাচাৰ্য।

অলিম্পিকত দেশক দুবাৰকৈ প্ৰতিনিধিত্ব কৰা এইজন দীপাংকৰ ভট্টাচাৰ্যই চাৰি নে পাঁচ বছৰ বয়সতেই দেউতাক ঈশ্বৰ ভট্টাচাৰ্যৰ অনুপ্ৰেৰণাত হাতত তুলি লৈছিল বেডমিণ্টনৰ ৰেকেট। সাত বছৰ বয়সত নেহৰু ষ্টেডিয়ামৰ পৰাই প্ৰশিক্ষক প্ৰদীপ চলিহাৰ তত্বাৱধানত নিজৰ ক্ৰীড়া জীৱনৰ পাতনি মেলিছিল দীপাংকৰে। বহুকেইখন জুনিয়ৰ ৰাষ্ট্ৰীয় চেম্পিয়নশ্বিপত সফলতা অৰ্জন কৰাৰ পিছত ১৯৮৭ চনত অনুৰ্ধ ১৮ বছৰ শাখাত চেম্পিয়নৰ খিতাপ অৰ্জন কৰে দীপাংকৰে। সেয়াই আৰম্ভণি।তাৰ পিছত অশ্বমেধ ঘোঁৰাৰ দৰে সফলতাৰ বাটত চেকুৰি আগবাঢ়ি গ’ল দীপাংকৰ ভট্টাচাৰ্য। ১৯৯২ চনত গুৱাহাটীত অনুষ্ঠিত হৈছিল ছিনিয়ৰ ৰাষ্ট্ৰীয় বেডমিণ্টন প্ৰতিযোগিতা। সেই প্ৰতিযোগিতাত ঘৰুৱা সমৰ্থকৰ সন্মুখত দেশৰ আগশাৰীৰ শ্বাটলাৰ জৰ্জ থমাছক পৰাস্ত কৰি ফাইনেললৈ আগুৱাইছিল দীপাংকৰ। ফাইনেলত প্ৰবীণ কুমাৰক পৰাস্ত কৰি জীৱনৰ প্ৰথমটো ছিনিয়ৰ খিতাপ হস্তগত কৰে দীপাংকৰে। নিজৰ প্ৰদৰ্শনেৰে বেডমিণ্টন ক্ষেত্ৰখনত দপদপাই থকা অসমৰ শ্বাটলাৰ গৰাকীয়ে ১৯৯২ চনত অলিম্পিকলৈ নিৰ্বাচিত ভাৰতীয় দলত স্থান লাভ কৰে। সেই সময়ত অসমৰ পৰা অলিম্পিকলৈ নিৰ্বাচিত হোৱা তেওঁ দ্বিতীয়গৰাকী খেলুৱৈ আছিল। বাৰ্চিলোনাত অনুষ্ঠিত সেই ক্ৰীড়াৰ মহাৰণত তেওঁ তৃতীয় ৰাউণ্ডলৈ আগবাঢ়ি যাবলৈ সক্ষম হৈছিল। তৃতীয় ৰাউণ্ডত তেওঁ সেই সময়ৰ বিশ্ব ক্ৰমৰ এক নম্বৰ খেলুৱৈ চীনৰ ঝাও জিয়ানহুৱাৰ বিৰুদ্ধে খেলি পৰাস্ত হয়। তাৰ পাছত পুনৰ ১৯৯৬ৰ আটলাণ্টা অলিম্পিকতো ভাৰতীয় দলক প্ৰতিনিধিত্ব কৰাৰ সুযোগ পায় দীপাংকৰে। দুবাৰকৈ অলিম্পিকত অংশ লোৱা তেওঁ অসমৰ প্ৰথমগৰাকী খেলুৱৈ।

Source: The Birdge


১৯৭২ চনত গুৱাহাটীত জন্ম লাভ কৰিছিল এইজন তাৰকা শ্বাটলাৰে। নিজৰ বৰ্ণময় কেৰিয়াৰৰ উত্থানত মাতৃ আৰতি ভট্টাচাৰ্যৰ লগতে বেডমিণ্টন সন্থাৰ সদস্য ডম্বৰু দাসৰ অনুপ্ৰেৰণাক শ্ৰদ্ধাৰে সুঁৱৰে দীপাংকৰ ভট্টাচাৰ্যই। খেলৰ কেৰিয়াৰৰ পিছলৈ ইণ্ডিয়ান অইল কৰ্পোৰেচনৰ চাকৰিত যোগদান দিয়ে শ্বাটলাৰগৰাকীয়ে। ৰাজ্যৰ ভৱিষ্যত প্ৰজন্মৰ উত্তৰণৰ বাবে দীপাংকৰে নিজাকৈ প্ৰতিষ্ঠা কৰিছে আই চি বি এল বেডমিণ্টন অকাডেমিৰো। বেডমিণ্টনৰ বিশ্ব চেম্পিয়নশ্বিপৰ খিতাপ জয় কৰাৰ সপোন দেখিছিল দীপাংকৰে। সেই আশা যদিও পূৰণ ন’হল তথাপি আন বহুজনক তেনে আশা পুৰণত সহায় কৰাৰ বাবেই বদ্ধপৰিকৰ তেওঁৰ এই বেডমিণ্টন একাডেমিখন। পেইণ্টিং কৰি আৰু ডাক টিকট সংগ্ৰহ কৰি ভাল পোৱা দীপাংকৰ ভট্টাচাৰ্যৰ মন অৱসৰৰ পিছত তেওঁ পুনৰ পেইনটিঙৰ দুনীয়াত ভৰি থ’ব, প্ৰৱেশ কৰিব ৰং আৰু তুলিকাৰ অন্য এক জগতত।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

15 − six =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments