Tuesday, October 4, 2022
HomeNewsঅভাৱেই আবিষ্কাৰৰ মূল : অনুশীলনৰ বাবে বাচি লৈছে ৰ'ড, টায়াৰ, ইটা, চিৰি...

অভাৱেই আবিষ্কাৰৰ মূল : অনুশীলনৰ বাবে বাচি লৈছে ৰ’ড, টায়াৰ, ইটা, চিৰি আৰু চাদ

olympiasports.in

সমগ্ৰ বিশ্ব কৰ’নাৰ গ্ৰাসত। স্তব্ধ হৈ পৰিছে ক্ৰীড়া বিশ্ব‌। বাতিল কৰিবলগীয়া হৈছে অলিম্পিকৰ লগতে বিভিন্ন সৰু-বৰ ক্ৰীড়া প্ৰতিযোগিতা। ভাৰতীয় খেলুৱৈ সকল এতিয়া ব্যস্ত নিজৰ ঘৰতে বিভিন্ন প্ৰকাৰে অনুশীলন কৰাত।

লকডাউনৰ এই সময়চোৱাত নিজৰ ঘৰতে অনুশীলন কৰি সংবাদ শিৰোনামা দখল কৰা দুগৰাকী ভাৰতীয় বক্সাৰ ছনিয়া লাথাৰ আৰু কবিন্দৰ বিষ্ট। এই দুয়োগৰাকী বক্সাৰে অনুশীলন কৰিবলৈ ব্যৱহাৰ কৰিছে নিজৰ ঘৰতে উপলব্ধ বিভিন্ন সামগ্ৰী। বিশ্ব চেম্পিয়শ্বিপৰ দুবাৰৰ কোৱাৰ্টাৰ ফাইনেলিষ্ট ডেৰাডুনৰ কবিন্দৰ বিষ্টে সংবাদ মাধ্যমৰ আগত কয়—‘ দিনে দুবাৰকৈ মই অনুশীলনত অংশগ্ৰহণ কৰিছোঁ। আমাৰ ফেডাৰেচনৰ মুখ্য প্ৰশিক্ষকে আমাৰ সূচী তৈয়াৰ কৰি দিছে আৰু আমাক পৰ্যবেক্ষণ কৰি আছে। ৱাৰ্প আপৰ বাবে চিৰি বগাইছো, ঠাইৰ অভাৱৰ বাবে অনুশীলন কৰিছোঁ ঘৰৰ চাদত। স্কিপিং কৰিছোঁ, শ্বেড’ বক্সি‌ংত অংশ লৈছোঁ। বডী ৱেইট এক্সাৰছাইজ কৰিছোঁ। ৱেইট ট্ৰেইনিঙৰ বাবে পৰি থকা ৰড ব্যৱহাৰ কৰিছোঁ। ঘৰত থকা আন কিছু গধুৰ বস্তুৰো সহায় লৈছোঁ।

আনহাতে আন এগৰাকী বক্সাৰ ছোনিয়াই কয় যে ‘বেলেগ খেলুৱৈ অবিহনে অনুশীলন চলোৱাটো কঠিন হৈছে। কিন্তু মই উৎসাহ হেৰুৱা নাই।’ ইয়াৰ উপৰিও প্ৰতিশ্ৰুতি সম্পন্ন বক্সাৰ গৌৰৱ চৌহানে লোহাৰ ৰড, পৰি থকা টায়াৰ আদি ব্যৱহাৰ কৰিছে।

উল্লেখ্য যে চলিত বছৰত অনুষ্ঠিত হ’বলগীয়া টকিঅ’ অলিম্পিকৰ বাবে ইতিমধ্যে ভাৰতৰ ৯ গৰাকী বক্সাৰে যোগ্যতা অৰ্জন কৰিছে। এই ৯ গৰাকী বক্সাৰৰ ভিতৰত আছে অসমৰ লাভলীনা বৰগোঁহাই। অৱশিষ্ট চাৰিটা শাখাৰ বাবে বক্সাৰসকলৰ মাজত এতিয়াও যোগ্যতা অৰ্জন প্ৰতিযোগিতা অনুষ্ঠিত হোৱা নাই। অৱশিষ্ট এই চাৰিটা শাখা হৈছে পুৰুষৰ ৫৭কেজি, ৮১ কেজি, ৯১কেজি আৰু মহিলাৰ ৫৭ কেজি। অলিম্পিকৰ বাবে এই চাৰিটা শাখাৰ ট্ৰায়েল চলিত বছৰৰ ২৬ আৰু ২৭ মাৰ্চত অনুষ্ঠিত হোৱাৰ কথা আছিল যদিও কৰ’না মহামাৰীৰ বাবেই বাতিল কৰিবলগীয়া হৈছিল।

লকডাউনৰ এই সময়চোৱাত অসমৰ লাভলীনা, যমুনা, অংকুশিতা আদি উদীয়মান বক্সাৰেও নিজৰ ঘৰতেই থাকি ৱাৰ্ম আপৰ লগতে বিভিন্ন সামগ্ৰীৰ সহায়ত নিজকে ফীট ৰখাৰ উপৰিও প্ৰয়োজনীয় অনুশীলন কৰিবলৈ চেষ্টা কৰি আহিছে।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

three − 2 =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments