Tuesday, October 4, 2022
HomeNewsতালিবানৰ সৰ্তকবাণী, আফগানিস্তানত নিষিদ্ধ আই পি অল

তালিবানৰ সৰ্তকবাণী, আফগানিস্তানত নিষিদ্ধ আই পি অল

অলিম্পিয়া প্ৰতিবেদন

ডুবাইত এতিয়া আই পি এলৰ মহাৰণ ।ভাৰতৰ কোটি কোটি ক্ৰিকেটপ্ৰেমীয়ে টিভিৰ পৰ্দাত উপভোগ কৰিছে আই পি এল।পিছে আফগানিস্তানত নিষিদ্ধ আই পি এল।আফগান ক্ৰিকেটপ্ৰেমীলৈ বিশেষ সৰ্তকবাণী তালিবানৰ।


বিশ্ববাসীৰ জ্ঞাত যে কাবুল দখলৰ পাছতেই আফগানিস্তানত এতিয়া তালিবানীৰাজ।তালিবানৰ ভয়ত ত্রস্তমান হৈ ইতিমধ্যে দেশ এৰিছে দেশৰ সহস্ৰ জনতাই।তালিবানী নিয়মৰ কঠোৰ শিকলিত আবদ্ধ হৈ পৰিছে আফগানসকল।এইবাৰ তালিবানৰ চকু আই পি এলত। আই পি এল নিষিদ্ধ আফগানিস্তানত।তালিবানী নিয়মৰ হেনো বিৰোধী আই পি এল ।তালিবানৰ মতে, আই পি এলত যুৱতীয়ে কৰে উদ্দাম নৃত্য ।পুৰুষৰ সমানে মহিলাই খেল খেল চোৱাটো তালিবানৰ বাবে অসহ্যকৰ ।চিয়েৰ লিডাৰছ ৰ নৃত্যত যুৱতীয়ে পশ্চিমীয়া পোছাক পৰিধান কৰি নৃত্য কৰাক লৈ আপত্তি তালিবানৰ।তালিবানৰ মতে ই ইছলাম বিৰোধী।


সেয়েহে আফগানিস্তানৰ টিভি চেনেল সমূহক সাৱধান কৰি দিছে তালিবানে।কোনো কাৰণতে আফগানিস্তানৰ টিভিত সম্প্ৰচাৰ হ’ব নোৱাৰিব আই পি এল।গণতন্ত্রৰ চতুৰ্থ স্তম্ভ সংবাদ মাধ্যমকো এক প্ৰকাৰ সৰ্তক কৰি দিয়াৰ কথা টুইটযোগে উল্লেখ কৰিছে আফগানৰ জনপ্ৰিয় সাংবাদিক ফাৱাড আমানে।আনহাতে আফগানিস্তান ক্ৰিকেট বৰ্ডৰ প্ৰাক্তন মেডিয়া মেনেজাৰ মহম্মদ ইব্ৰাহিম মমান্দয়ে এই সম্পৰ্কে এক টুইট কৰিছে ।টুইটত উল্লেখ কৰিছে কিদৰে ইছলাম বিৰোধীৰ দোহাই দি আই পি এল ৰ সম্প্ৰচাৰ বন্ধ কৰিছে তালিবানে।


উল্লেখযোগ্য যে, আফগানিস্তানৰ তাৰকা ক্ৰিকেটাৰ ৰছিড খান,মহম্মদ নবী আৰু মজিবুৰ ৰহমান আই পি এলৰ একোজন নিৰ্ভৰযোগ্য খেলুৱৈ ।সম্প্ৰতি ডুবাইত আটাইকেইজনে নিজ নিজ আই পি দলৰ হৈ প্ৰতিনিধিত্ব কৰিছে যদিও এতিয়া অনুৰাগীসকলে নিজ দেশতেই উপভোগ কৰিব নোৱাৰিব ক্ৰিকেটাৰ কেইজনৰ খেল।এনেদৰেই আফগানিস্তানত এতিয়া পদে পদে ধূলিসাৎ হৈছে নাৰীৰ অধিকাৰ ।বিভিন্ন ক্ষেত্রৰ লগতে ক্ৰীড়াক্ষেত্রতো তালিবানৰ হস্তক্ষেপে দেশখনত দুঃবিৰ্ষহ কৰি তুলিছে সাধাৰণ ৰাইজৰ জীৱন।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

14 − 5 =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments