কামৰূপ (গ্ৰাম্য) জিলাৰ বাইহাটা চাৰিআলিৰ বৰহাজাৰা গাঁৱত থকা টাং চ্যু ড্যুৰ প্ৰশিক্ষণ শিবিৰত ১৬ ফেব্ৰুৱাৰীত বে’ল্টৰ পৰীক্ষা সম্পন্ন হৈ যায়। বে’ল্টৰ পৰীক্ষা আৰু বে’ল্ট প্ৰদান অনুষ্ঠানটোত উপস্থিত থাকে টাং চ্যু ড্যু অসমৰ মুখ্য প্ৰশিক্ষক তথা সৰ্বভাৰতীয় কাৰিকৰী প্ৰশিক্ষক মাষ্টাৰ দেৱজিৎ গগৈ, প্ৰশিক্ষক মিটুল আলী আৰু বৰহাজাৰা গাঁৱৰ জ্যেষ্ঠ নাগৰিক তথা সমাজ কৰ্মী ৰামধন ডেকা। অনুষ্ঠানটোত জ্যেষ্ঠ নাগৰিক ৰামধন ডেকাই অতি ভিতৰুৱা গাওঁখনত ছাত্ৰ-ছাত্ৰী সকলৰ মাজত সমৰ কলাৰ শিক্ষা আগবঢ়োৱাৰ বাবে টাং চ্যু ডুৰ প্ৰশিক্ষক সকলক ধন্যবাদ জনোৱাৰ লগতে সমৰ কলাত ছাত্র-ছাত্ৰী সকল আগবাঢ়ি যাবলৈ আহ্বান জনায়। উল্লেখ্য যে উক্ত বেল্ট পৰীক্ষাত প্ৰায় ২০ জন টাং চ্যু ড্যুৰ শিকাৰুৱে অংশগ্ৰহণ কৰিছিল।
