Sunday, October 2, 2022
HomeNewsটেনিছক বিদায় জনালে অষ্ট্ৰেলিয়ান সুন্দৰী এছলে বাৰ্টিয়ে

টেনিছক বিদায় জনালে অষ্ট্ৰেলিয়ান সুন্দৰী এছলে বাৰ্টিয়ে

অলিম্পিয়া প্ৰতিবেদন

টেনিছ জগতত নিজৰ সুন্দৰ খেল প্ৰদৰ্শনেৰে অনুৰাগীৰ মন জয় কৰি মহিলাৰ ৰেংকিঙত শীৰ্ষস্থান দখল কৰিছিল তেওঁ । নাম তেওঁৰ এছলে বাৰ্টি । ১৩ বছৰ বয়সৰ পৰা টেনিছ আৰম্ভ কৰা এইগৰাকী প্ৰতিভাবান খেলুৱৈইৱে বিশ্বৰ মুঠ ১২ টা খিতাপ দখল কৰিবলৈ সক্ষম হৈছে । ২০১৯ চনত ফ্ৰেঞ্চ অপেন, ২০২১ ত উইম্বলডন আৰু শেহতীয়াকৈ জানুৱাৰীত অস্ট্ৰেলিয়ান অপেন মহিলা ছিংগল খিতাপ অৰ্জন কৰে । এই প্ৰতিভাবান মহান খেলুৱৈ গৰাকীয়ে যোৱা বৃহস্পতিবাৰে এক সংবাদমেল যোগে প্ৰেছাদাৰী টেনিছৰ পৰা অৱসৰ লোৱাৰ কথা ঘোষণা কৰে । এই ঘোষণাই বিশ্ব টেনিছ অনুৰাগীৰ মাজত আলোড়নৰ সৃষ্টি কৰিছে । লগতে তেওঁ ইনস্টাগ্ৰাম যোগে অনুৰাগীসকলক অৱসৰৰ কথা জনাই আবেগ প্ৰকাশ কৰে । লগতে অনুৰাগীসকলৰ অনুপ্ৰেৰণাক ধন্যবাদ জনায় । মাত্ৰ ২৫ বছৰ বয়সতে নিজৰ সোণালী জীৱনৰ যাত্ৰা ইতি পেলোৱা কথাটো অনুৰাগীৰ মাজত বিস্ময় হৈ ৰৈছে । বিশ্ব টেনিছ সন্থাইও এক বিবৃতি যোগে বাৰ্টিৰ অৱসৰ কথা ঘোষণা কৰিছে । বাৰ্টিৰ এই সিদ্ধান্ত যদিও ব্যক্তিগত কিন্তু বিশ্ব টেনিছ জগতত ই অবাঞ্চনীয় । বিদায় ললেও বিশ্ব টেনিছ ইতিহাসত সদায়ে জিলিকি ৰ’ৱ এছলে বাৰ্টি নামৰ সুন্দৰী টেনিছ তাৰকাগৰাকী ।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

sixteen − nine =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments