Sunday, October 2, 2022
HomeNewsগুৱাহাটীত ৪০ সংখ্যক পিএছপিবি টেনিছ টুৰ্ণামেণ্টৰ সামৰণি

গুৱাহাটীত ৪০ সংখ্যক পিএছপিবি টেনিছ টুৰ্ণামেণ্টৰ সামৰণি

অলিম্পিয়া প্ৰতিবেদন

এন আৰ এলৰ উদ্যোগত গুৱাহাটীত অনুষ্ঠিত ৪০ সংখ্যক পিএছপিবি ( পেট্ৰলিয়াম স্পৰ্টছ প্ৰমোচন বৰ্ড)ৰ আন্তঃগোট টেনিছ টুৰ্ণামেণ্টৰ ৩১ মাৰ্চত সামৰণি পৰে । চচল টেনিছ প্ৰকল্পৰ সামৰণি অনুষ্ঠানত উপস্থিত থাকে ক্ৰীড়া সঞ্চালক নিবেদন দাস পাটোৱাৰী, এন আৰ এলৰ মহা প্ৰবন্ধক কাজল শইকীয়া, অসম টেনিছ সন্থাৰ সম্পাদক অংকুশ দত্তকে ধৰি বহু বিশিষ্ট লোক । অ’এনজিচি য়ুকি ভামব্ৰীয়ে পুৰুষৰ শ্ৰেষ্ঠ খেলুৱৈ, আইঅ’চিএলৰ চিৰাগ দুহানে যুৱ খেলুৱৈ আৰু আইঅ’চিএলৰ ৰিয়া ভটিয়াই টুৰ্ণামেণ্টৰ শ্ৰেষ্ঠ মহিলা খেলুৱৈৰ বঁটা লাভ কৰে। পুৰুষ অপেন ছিংগলছ ফাইনেলত আইঅ’চি এলৰ ৰামকুমাৰ ৰামানাথনে অ’এন জি চি ৰ ভি এম ৰঞ্জিতক পৰাস্ত কৰি চেম্পিয়ন হয় । আনহাতে পুৰুষৰ ডাবলছ ফাইনেলত অ’ এন জি চিৰ বিষ্ণুবৰ্দ্ধন- ভি এম ৰঞ্জিত যুটিয়ে আই অ’ চি এলৰ ৰামকুমাৰ ৰামনাথন-চিৰাগ দুহান যুটিক পৰাস্ত কৰি খিতাপ দখল কৰে । পুৰুষৰ ভেটাৰ্ণ ছিংগলছত অইল ইণ্ডিয়াৰ হাকিম আলিয়ে এন আৰ এলৰ বুলবুলজ্যোতি দাসক হৰুৱাই চূড়ান্ত বিজয়ী হয় । মহিলা অপেনৰ ফাইনেলত আই অ’ চি এলৰ ৰিয়া ভাটিয়াই একে গোটৰে নিধি চিলোমোলাক পৰাস্ত কৰি চেম্পিয়নৰ খিতাপ দখল কৰে ।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

one × five =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments