Monday, October 3, 2022
HomeNewsতেওঁ অসম ক্ৰিকেটৰ জীৱন্ত আৰ্কাইভ; নখ দৰ্পনত অসম ক্ৰিকেটৰ ইতিহাস; তেওঁ বি...

তেওঁ অসম ক্ৰিকেটৰ জীৱন্ত আৰ্কাইভ; নখ দৰ্পনত অসম ক্ৰিকেটৰ ইতিহাস; তেওঁ বি চি চি আইৰ স্বীকৃত অসমৰ প্ৰথমগৰাকী স্ক’ৰাৰ

২০১৮ চনৰ ২১ অক্টোবৰত ভাৰত বনাম ৱেষ্টইণ্ডিজৰ মাজত গুৱাহাটীৰ নৱনিৰ্মিত বর্ষাপাৰাত অনুষ্ঠিত হয় প্ৰথমখন আন্তঃৰাষ্ট্ৰীয় এদিনীয়া। ঠিক সেইদৰে ২০১০ চনৰ ২৮ নৱেম্বৰত নেহৰু ষ্টেডিয়ামত শেষৰখন আন্তঃৰাষ্ট্ৰীয় মেচ অনুষ্ঠিত হয় ভাৰত আৰু নিউজিলেণ্ডৰ মাজত এই দুয়োখন মেচৰে স্ক’ৰিঙত এগৰাকী অসম সন্তান বিশেষভাৱে জড়িত হৈ আছিল। গুৱাহাটীত বর্ষাপাৰাত অনুষ্ঠিত ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজৰ টি- টুৱেন্টিখনতো তেঁৱেই আছিল প্রধান স্ক’ৰাৰ।আজিলৈ অসমত অনুষ্ঠিত হোৱা প্ৰায়সমূহ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট মেচৰেই স্ক’ৰাৰ এইজন বিশিষ্ট ব্যক্তি। অসম ক্ৰিকেটৰ তেওঁ এক জীৱন্ত ভঁৰাল স্বৰূপ। অসমে প্ৰথমখন ৰঞ্জী মেচ খেলাৰ পৰা আৰম্ভ কৰি গুৱাহাটীত অনুষ্ঠিত প্ৰায় প্ৰতিখন আন্তঃৰাষ্ট্ৰীয় মেচৰ ৰেকৰ্ড অসমৰ এইজন ব্যক্তিৰ হাততে আছে। অসম ক্রিকেটৰ ইতিহাস তেওঁৰ নখদৰ্পণত। মানুহজনৰ নাম তাপস ৰয়। বি চি চি আইৰ স্বীকৃত অসমৰ প্ৰথমগৰাকী স্ক’ৰাৰ তেওঁ। তদুপৰি অসমৰ প্ৰথমজন ডি এল মেনেজাৰ আৰু অনলাইন স্ক’ৰাৰ তেওঁ।

১৯৮৫-৮৬ চনত তেওঁ প্ৰথমবাৰৰ বাবে ৰঞ্জি ট্ৰফীত স্ক’ৰাৰৰ ভূমিকা পালন কৰে। খেলখন হৈছিল অসম আৰু বংগৰ মাজত মালিগাঁও ৰেলৱে ষ্টেডিয়ামত। এয়া আছিল ৰাষ্ট্ৰীয় পৰ্যায়ত স্ক’ৰাৰ হিচাপে তেওঁৰ যাত্ৰাৰ আৰম্ভণি। ইয়াৰ পিছত স্ক’ৰাৰ হিচাবে আন্তঃৰাষ্ট্ৰীয় মেচত তেওঁ ভুমুকি মাৰে ১৯৮৭ চনত। উক্ত বৰ্ষত গুৱাহাটীৰ নেহৰু ষ্টেডিয়ামত দ্বিতীয়খন আন্তঃৰাষ্ট্ৰীয় মেচ অনুষ্ঠিত হৈছিল ভাৰত আৰু শ্ৰীলংকাৰ মাজত। মেচখনত সহযোগী স্ক’ৰাৰৰ দায়িত্ব পালন কৰিছিল তাপস ৰয়ে। সেই বছৰৰ ডিচেম্বৰত নেহৰু ষ্টেডিয়ামত অনুষ্ঠিত হৈছিল আন এখন আন্তঃৰাষ্ট্ৰীয় মেচ। দিলীপ ভেংচৰকাৰৰ নেতৃত্বাধীন ভাৰতীয় দলৰ সন্মুখত যুঁজত অৱতীৰ্ণ হৈছিল ভিভ ৰিচাৰ্ডছৰ ৱেষ্টইণ্ডিজ। এই দুয়োখন মেচতে স্ক’ৰাৰ হিচাবে জড়িত আছিল তাপস ৰয়। ১৯৯৩ চনৰ ২৩ মাৰ্চত জিম্বাব’ৱে আৰু ভাৰতৰ মাজত নেহৰু ষ্টেডিয়ামত অনুষ্ঠিত হৈছিল চতুৰ্থখন এদিনীয়া। সেই মেচখনৰ পৰাই গুৱাহাটীত অনুষ্ঠিত সকলোবোৰ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট মেচত ৰয়েই পালন কৰি আহিছে প্ৰধান স্ক’ৰাৰৰ দায়িত্ব।

দীৰ্ঘ সময়ত স্ক’ৰিঙৰ ক্ষেত্ৰখনলৈও আহিছে প্ৰযুক্তিগত বিভিন্ন পৰিৱৰ্তন। এই সকলো পৰিৱৰ্তনৰ লগত খাপ খুৱাই ক্ষেত্ৰখনত নিজকে সবলভাৱে প্ৰতিষ্ঠা কৰিছে ৰয়ে।

অসম ক্রিকেটৰ ইতিহাসক এক সুসংগবদ্ধ ৰূপ দিয়াৰ বাবে ৰয়ে ক্ৰীড়া সাংবাদিক পবিত্ৰ গগৈৰ সহযোগত লিখি উলিয়াই ‘আছাম ইন ৰঞ্জি ট্ৰফী’ শীৰ্ষক গ্ৰন্থখন। গ্ৰন্থখনত সবিস্তাৰে উল্লেখ আছে অসমে ভাগ লোৱা ৰঞ্জি মেচসমূহৰ স্ক’ৰব’ৰ্ড। আনকি অসম ক্ৰিকেট সন্থাৰ ৱেবচাইটত থকা অসম ক্ৰিকেট তথা ৰঞ্জি খেলুৱৈসকলৰ বিভিন্ন তথ্যসমূহ প্ৰস্তুত কৰা হৈছে তাপস ৰয়ৰ একান্ত প্ৰচেষ্টাত।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

twenty − five =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments