Thursday, July 7, 2022
HomeNewsতৰনী বৰ্মন-নিৰ্মল নুনিছা ৰাজ্যিক ভলীবলত পূব নলবাৰী ক'চিং চেন্টাৰ শ্ৰেষ্ঠ

তৰনী বৰ্মন-নিৰ্মল নুনিছা ৰাজ্যিক ভলীবলত পূব নলবাৰী ক’চিং চেন্টাৰ শ্ৰেষ্ঠ

অলিম্পিয়া প্ৰতিবেদন

ফটো সাংবাদিক তৰনী কান্ত বৰ্মন আৰু নিৰ্মল নুনিছা সোৱৰনী ৰাজ্যিক ভলীবলত পূৱ নলবাৰী ক’চিং চেন্টাৰে চেম্পিয়নৰ খিতাপ অৰ্জন কৰে।

প্ৰতিযোগিতাৰ এটা মুহূৰ্ত

নলবাৰী জিলাৰ আখাৰা চ’কৰ সমিপৰ পূৱ বকুৱাজাৰী নামঘৰ খেলপথাৰত অনুষ্ঠিত দিবা নৈশ আমন্ত্ৰনীমূলক ৰাজ্যিক ভলীবল প্ৰতিযোগিতাখনৰ চুড়ান্ত খেলখনত পূৱ নলবাৰী ক’চি‌ চেন্টাৰ দলে নলবাৰী ভলীবল প্ৰশিক্ষণ কেন্দ্ৰ দলক ২৫-১৩, ১৮-২৫ আৰু ১৫-৯ ব্যৱধানত পৰাস্ত কৰি ফটো সাংবাদিক তৰনী কান্ত বৰ্মন সোঁৱৰণি চেম্পিয়ন ট্ৰফীৰ লগতে নগদ ৫০০১ টকা প্ৰাইজমানি লাভ কৰে। বিজিত নলবাৰী ভলীবল প্ৰশিক্ষণ কেন্দ্ৰই নিৰ্মল নুনিছা সোঁৱৰণি ৰানাৰ্চ আপ ট্ৰফীৰ লগতে নগদ ৩০০১ টকা লাভ কৰে।

বৃহস্পতিবাৰে পুৱা ক্ৰীড়া সংগঠক গনেশ তামুলীয়ে উদ্ধোধন কৰা প্ৰতিযোগিতাখনত আমন্ত্ৰিত অতিথি হিচাপে উপস্থিত আছিল অসম অলিম্পিক সন্থাৰ উপ সভাপতি বিষ্ণুৰাম নুনিছা আৰু জ্যোষ্ঠ ক্ৰীড়া সাংবাদিক বিপুল বৰ্মন। বঁটাসমূহ বিতৰণ কৰে পূৱ বকুৱাজাৰী গাও উন্নয়নৰ সভাপতি হৰমোহন বৰ্মন, বিশিষ্ট সমাজকৰ্মী নিপুল বৰ্মন আৰু কৃষ্ণকান্ত বৰ্মনে। অনন্ত বৈশ্য সোঁৱৰণি প্ৰতিযোগিতাৰ শ্ৰেষ্ঠ খেলুৱৈৰ সন্মান লাভ কৰে বিজয়ী পূব নলবাৰী ক’চিং চেন্টাৰ দলৰ ইলু ৰয়ে।

সভাৰ বিশিষ্ট ব্যক্তিসকল

আয়োজক সমিটিৰ সভাপতি ব্ৰজেন বৰ্মন আৰু সাধাৰণ সম্পাদক বিশ্বজিৎ বৰ্মনে সংবাদ মাধ্যমক জনোৱা মতে আগন্তুক বৰ্ষত ফটো সাংবাদিক তৰনী কান্ত বৰ্মন আৰু নিৰ্মল নুনিছা ভলীবল প্ৰতিযোগিতাখন অসম ভলীবলৰ স্বীকৃতি লৈ উত্তৰ-পূব ভিত্তিত অনুষ্ঠিত কৰিব। উল্লেখযোগ্য যে এইবাৰৰ প্ৰতিযোগিতাত কোকৰাঝাৰ, বঙাইগাঁও, চিৰাং , নলবাৰী, গুৱাহাটী, বৰপেটা আৰু বাক্সাৰ দলে অংশগ্ৰহণ কৰিছিল।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

16 + five =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Archives list

Recent Comments