অলিম্পিয়া প্ৰতিবেদন
২৬ ডিচেম্বৰৰ পৰা আৰম্ভ হ’বলগীয়া অষ্ট্ৰেলিয়াৰ বিপক্ষে বক্সিং ডে টেষ্টৰ বাবে ঘোষণা কৰা হৈছে এঘাৰজনীয়া ভাৰতীয় দলটো।
শনিবাৰে ভাৰতীয় দলৰ হৈ অভিষেক ঘটিব অপেনিং বেটছমেন শুভমন গীল আৰু বেগী বলাৰ মহম্মদ চিৰাজৰ।
আনহাতে, উইকেট কীপাৰ বেটছমেন ঋদ্ধিমান সাহাৰ ঠাইত ঋষভ পণ্টে উইকেট কীপাৰ বেটছমেন হিচাপে ভাৰতীয় দলত স্থান লাভ কৰিছে।
বক্সি ডে টেষ্টত ভাৰতীয় দলটোৱে ছয়গৰাকী বেটছমেন আৰু পাঁচগৰাকী বলাৰেৰে অৱতীৰ্ণ হ’ব। টি-২০ শৃংখলাত আঘাতপ্ৰাপ্ত ৰবীন্দ্ৰ জাদেজা পুনৰ ভাৰতীয় দললৈ প্ৰত্যাৱৰ্তন ঘটিছে।
অধিনায়ক বিৰাট কোহলীয়ে পিতৃত্বকালীন ছুটিৰ বাবে বাকী টেষ্টসমূহত ভাগ লব নোৱাৰাৰ পৰিপ্ৰেক্ষিতত দলটোক নেতৃত্ব দিব আজিংক ৰাহানেই।