Friday, September 30, 2022
HomeNewsবিৰাট অবিহনে টিম ইণ্ডিয়াৰ পাৰ্টি...

বিৰাট অবিহনে টিম ইণ্ডিয়াৰ পাৰ্টি…

অলিম্পিয়াৰ প্ৰতিবেদন

অধিনায়ক কেন্দ্ৰিক বিতৰ্কই জুৰুলা কৰা ভাৰতীয় ক্ৰিকেট দলত ক্ৰমশঃ খেলুৱৈৰ মাজত বাঢ়ি আহিছে দুৰত্ব। তাৰ স্পষ্ট প্ৰণাণ পোৱা গ’ল দক্ষিণ আফ্ৰিকা ভ্ৰমণৰত ভাৰতীয় দলটোৰ কেইখনমান ফটোত। দক্ষিণ আফ্ৰিকা ভ্ৰমণ কৰা ভাৰতীয় দলটো মুখ্য প্ৰশিক্ষক ৰাহুল দ্ৰাবিড়ৰ লগত নিশাৰ আহাৰ গ্ৰহণৰ বাবে বাহিৰলৈ যোৱাৰ ফটো সামাজিক মাধ্যমত ভাইৰেল হৈছে। ইয়াত দেখা গৈছে প্ৰশিক্ষক ৰাহুল দ্ৰাবিড়ৰ লগতে ভাৰতীয় দলৰ সকলো খেলুৱৈ আছে যদিও টেষ্ট দলটোৰ অধিনায়ক বিৰাট কোহলি দলটোৰ লগত নাই। ইয়াৰ পিছতে সকলোতে আকৌ অৰম্ভ হৈছে চৰ্চা।

দেখা গৈছে বিৰাট কোহলীৰ অবিহনে ভাৰতীয় দলটোৱে পাৰ্টি কৰিছে। দলটোৰ বহুকেইজন সদস্যই সেই পাৰ্টিৰ ফটো ছবি সামাজিক মাধ্যমত শ্বেয়াৰ কৰিছে। প্ৰশিক্ষক ৰাহুল দ্ৰাবিড়, দলটোৰ সহায়ক কৰ্মচাৰী, জ্যেষ্ঠ সদস্য চেতেশ্বৰ পূজাৰা আৰু উপ-অধিনায়ক কে এল ৰাহুলকো দেখা গৈছে এই দলটোৰ লগত।কিন্তু আশ্চয্যজনক ভাৱে দলটোত নাই বিৰাট।

উল্লেখ্য যে, টীম ইণ্ডিয়াই ২৬ ডিচেম্বৰৰ পৰা চেঞ্চুৰিয়ানত প্ৰথমখন টেষ্ট মেচ খেলিব। ভাৰতীয় দলটোৱে জৈৱ সুৰক্ষাৰ মাজত নেট অনুশীলন কৰি আছে। ইয়াৰ মাজতে দলটোৱে পাৰ্টি উদযাপন কৰা বিষয়টোক লৈও সমালোচনা হৈছে। বহুতেই কৈছে খেলুৱৈসকলৰ স্বাস্থ্য আৰু সুৰক্ষাৰ ক্ষেত্ৰতো এই পাৰ্টি বিপদজনক প্ৰমাণিত হ’ব পাৰে। কিয়নো দক্ষিণ আফ্ৰিকা হৈছে অমিক্ৰনৰ দ্বাৰা আটাইতকৈ বেছি প্ৰভাৱিত দেশবোৰৰ ভিতৰত এখন।

ভাৰতীয় দলটোৰ অপেনাৰ মায়াংক আগৰৱালে ছচিয়েল মিডিয়াত দলটোৰ কিছুমান ফটো শ্বেয়াৰ কৰিছিল য’ত খেলুৱৈসকলৰ সৈতে মুখ্য প্ৰশিক্ষক ৰাহুল দ্ৰাবিড়ো আছিল। মায়াংক আগৰৱালে পোষ্টটো শ্বেয়াৰ কৰি লিখিছিল, নিশাৰ বাৰবিকিউৰ দৰে একো নহয়। প্ৰশিক্ষক দ্ৰাবিড়ৰ উপৰিও বেটিং প্ৰশিক্ষক বিক্ৰম ৰাঠৌৰ, উপ-অধিনায়ক কে এল ৰাহুল, চেতেশ্বৰ পূজাৰা আৰু আজিংক্য ৰাহানেকো মায়াঙ্কে আপলোড কৰা ছবিসমূহত দেখা গৈছিল।

বিৰাট আৰু বি চি চি আইৰ মাজত অধিনায়ক কেন্দ্ৰিক বিতৰ্ক চলি থকাৰ মাজতে এইদৰে জ্যেষ্ঠ, কনিষ্ঠ ক্ৰিকেটাৰৰ লগত প্ৰশিক্ষক দ্ৰাবিড় আৰু অন্যান্যসকলে নিশাৰ আহাৰ গ্ৰহণৰ বাবে বাহিৰলৈ যোৱা আৰু ইয়াত বিৰাটক নেদাখাৰ কথাটো সহজভাৱে ল’ব পৰা নাই বহুতেই। বহুতেই ক’ব খোজে অধিনায়ক কেন্দ্ৰিক বিতৰ্কৰ বাবেই বিৰাটে এইদৰে দলৰ পৰা নিজকে আঁতৰাই ৰাখিছে। যদি সেইয়াই হয় তেনে ই দলটোৰ বাবে যে ভাল সংকেট নহয় সেয়া স্পষ্ট।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

12 − 6 =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments