Monday, October 3, 2022
HomeNews৯/১১ আক্ৰমণৰ পৰা কেনেকৈ ৰক্ষা পৰিছিল লিয়েণ্ডাৰ; লিয়েণ্ডাৰ পেজৰ জীৱনৰ দহটা বিশেষ...

৯/১১ আক্ৰমণৰ পৰা কেনেকৈ ৰক্ষা পৰিছিল লিয়েণ্ডাৰ; লিয়েণ্ডাৰ পেজৰ জীৱনৰ দহটা বিশেষ কথা

অলিম্পিয়া বিশেষ প্ৰতিবেদন

✍️ পূৰ্ণানন্দ নেওগ

আজি ১৭ জুন। ১৯৭৩ চনৰ আজিৰ দিনটোতেই জন্ম লাভ কৰিছিল ভাৰতীয় টেনিছৰ প্ৰবাদপ্ৰতীম সম্ৰাট লিয়েণ্ডাৰ পেজে। অলিম্পিকত সাতবাৰকৈ দেশক প্ৰতিনিধিত্ব কৰা লিয়েণ্ডাৰ পেজ হৈছে ডাবলছৰ এজন প্ৰচুৰ প্ৰতিভাৱান খেলুৱৈ। তেওঁৰ নামত আছে অলেখ অভিলেখ। কেৰিয়াৰত ৫৪ টাকৈ খিতাপ দখল কৰিবলৈ সক্ষম হোৱা এইগৰাকী খেলুৱৈয়ে ১৯৯৬ চনৰ আটলাণ্টা অলিম্পিকত ভাৰতৰ হৈ ব্ৰঞ্জৰ পদক দখল কৰিছিল। বিশ্বৰ এজন অন্যতম সফল খেলুৱৈ লিয়েণ্ডাৰ পেজৰ জীৱনৰ কিছু নজনা কথাৰ বিষয়ে জানো আহক।

  • নিজৰ ডাবলছৰ কেৰিয়াৰত মহেশ ভূপতি আৰু চেক গণৰাজ্যৰ ৰাডেক ষ্টেপানেকৰ সৈতে যুটি বান্ধি গ্ৰেণ্ড শ্লেমৰ খিতাপ দখল কৰা লিয়েণ্ডাৰ পেজে তেওঁৰ সমগ্ৰ কেৰিয়াৰত যুটি বান্ধিছিল প্ৰায় ১০০ গৰাকী খেলুৱৈৰ সৈতে। মিক্সড ডাবলছতো ২০ তকৈ অধিক মহিলা খেলুৱৈৰ সৈতে যুটি বান্ধিছিল পেজে।
  • যি সময়ত ভাৰতৰ দৰে দেশত ক্ৰিকেটৰ বাহিৰে বেলেগ খেলে আধিপত্য বিস্তাৰ কৰিবলৈ সক্ষম হোৱা নাছিল সেই সময়ত লিয়েণ্ডাৰ পেজ আৰু মহেশ ভূপতিৰ যুটিয়ে ভাৰতবাসীক টেনিছৰ সোৱাদ দিবলৈ সক্ষম হৈছিল। এই জনপ্ৰিয় যুটিটোৱে ডেভিছ কাপত একেৰাহে ২৪ খনকৈ মেচত জিকাৰ অভিলেখো গঢ়ি থৈছে।
  • এটা ক্ৰীড়াপ্ৰেমী পৰিয়ালৰ সন্তান লিয়েণ্ডাৰ। তেওঁৰ পিতৃ ভেচ পেজ আছিল অলিম্পিকত অংশ লোৱা ভাৰতীয় হকী দলৰ এজন সদস্য। তাৰোপৰি মাতৃ জেনিফাৰ পেজ আছিল ভাৰতীয় বাস্কেটবল দলৰ অধিনায়ক। এনে এক পৰিৱেশত স্বাভাৱিকতেই খেলৰ প্ৰতি আকৰ্ষিত হৈছিল পুত্ৰ লিয়েণ্ডাৰ।
  • কেৰিয়াৰৰ এক গুৰুত্বপূৰ্ণ সময়ত অভিনয়লৈ মন মেলিছিল লিয়েণ্ডাৰে। ৰাজধানী এক্সপ্ৰেছ নামে এখন ছবিত অভিনয় কৰিছিল লিয়েণ্ডাৰে। গুলচন গ্ৰভাৰ, জিমি শ্বেৰগিল, শ্বায়েলি ভাগতে অভিনয় কৰা ছবিখনৰ মুখ্য ভূমিকাত আছিল লিয়েণ্ডাৰ।
  • ৯/১১ ত নিউয়ৰ্কৰ টুইন টাৱাৰ আৰু ৱৰ্ল্ড ট্ৰেড চেণ্টাৰত হোৱা সন্ত্ৰাসবাদীৰ আক্ৰমণৰ পৰা কথমপি ৰক্ষা পৰিছিল লিয়েণ্ডাৰ। আক্ৰমণ হোৱাৰ মাত্ৰ কেইঘণ্টা মানৰ আগত সেই টুইন টাৱাৰত বজাৰ কৰি আছিল লিয়েণ্ডাৰে।
  • লিয়েণ্ডাৰৰ সৈতে যুটি বন্ধা সহজ নাছিল তেওঁৰ সতীৰ্থ খেলুৱৈৰ বাবে।ছানিয়া মিৰ্জাই প্ৰায় খোলা খুলিকৈয়ে এই বিষয়ে উল্লেখ কৰিছিল। ছানিয়া মিৰ্জাৰ পৰা আঁতৰি আহি লিয়েণ্ডাৰে যুটি বান্ধিছিল মাৰ্টিনা হিংগিছৰ সৈতে। পিছত মাৰ্টিনাৰ সৈতে যুটি বান্ধি গোটেইকেইটা গ্ৰেণ্ড শ্লেমেই জয় কৰিছিল আগশাৰীৰ টেনিছ খেলুৱৈজনে।
  • ২০১৬ চনৰ অলিম্পিকত লিয়েণ্ডাৰ পেজে ৰোহন বোপান্নাৰ সৈতে যুটি বান্ধিছিল। সেই সময়ত হোৱা কিছু খেলিমেলিৰ বাবে লিয়েণ্ডাৰ অলিম্পিক আৰম্ভ হোৱাৰ এদিন আগতহে উপস্থিত হৈছিলগৈ ৰিউ’। পিছত অলিম্পিকৰ গেমছ ভিলেজত থকাৰ সুবিধা পোৱা নাছিল সাতবাৰকৈ দেশক অলিম্পিকত প্ৰতিনিধিত্ব কৰা খেলুৱৈগৰাকীয়ে।
  • মহম্মদ আলী আৰু মাদাৰ টেৰেছাৰ অনুৰাগী টেনিছ খেলুৱৈগৰাকী। দুয়ো গৰাকীকে আদৰ্শ হিচাবে মানি আহিছে তেওঁ।
  • টেনিছৰ লগতে তেওঁ ৱাটাৰ স্পৰ্টছৰ প্ৰতিও আগ্ৰহী। স্কুবা ডাইভিং তেওঁৰ অন্যতম প্ৰিয় খেল।
  • সাতবাৰকৈ অলিম্পিক খেলা খেলুৱৈগৰাকীয়ে অলিম্পিকৰ লগতে কমনৱেলথ গেমছ আৰু এছিয়ান গেমছৰ দৰে প্ৰতিযোগিতাতো দেশৰ বাবে পদক কঢ়িয়াই আনিছে। তেওঁ এছিয়ান গেমছত সাতটাকৈ পদক জয় কৰিছে।
  • ক্ৰীড়াক্ষেত্ৰলৈ আগবঢ়োৱা তেওঁৰ অৱদানৰ বাবে তেওঁ লাভ কৰিছে অৰ্জুন বঁটা, ৰাজীৱ গান্ধী খেলৰত্ন বঁটা আৰু পদ্মশ্ৰীৰ সন্মান।
- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

1 × three =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments