Tuesday, October 4, 2022
HomeNewsআন্তঃৰাষ্ট্ৰীয় ফুটবলত ১৫ টা বছৰৰ পৰিক্ৰমা: সুনীল চেত্ৰীৰ বিষয়ে দহটা বিশেষ কথা

আন্তঃৰাষ্ট্ৰীয় ফুটবলত ১৫ টা বছৰৰ পৰিক্ৰমা: সুনীল চেত্ৰীৰ বিষয়ে দহটা বিশেষ কথা

অলিম্পিয়া বিশেষ প্ৰতিবেদন

✍️ পূৰ্ণানন্দ নেওগ

প্ৰায় এক দশকৰো অধিক কাল দুভৰিৰ যাদুৰে ভাৰতীয় ফুটবলপ্ৰেমীক মোহাচ্ছন্ন কৰি ৰাখিবলৈ সক্ষম হোৱা তাৰকা ফুটবলাৰ সুনীল চেত্ৰীয়ে আজি আন্তৰ্জাতিক ফুটবলত সম্পূৰ্ণ কৰিলে ১৫ টাকৈ সোনসেৰীয়া বছৰ। এই সুদীৰ্ঘ কালছোৱাত ভাৰতৰ হৈ অলেখ অভিলেখৰ গৰাকী হৈ পৰা সুনীল চেত্ৰী ভাৰতীয় ফুটবলৰ আজীৱন গ্লেমাৰ বয়। বাইচুং ভূটিয়াৰ পাছত ভাৰতৰ ফুটবলক অন্য এক চিনাকি দিয়া এইজন তাৰকা ফুটবলাৰ আজিও সেই আগৰ দৰেই তৰুণ। ফুটবল পথাৰত আজিও দুৰন্ত গতিৰ তেজী ঘোঁৰা। ২০০৫ চনত পাকিস্তানৰ বিপক্ষে আন্তঃৰাষ্ট্ৰীয় ফুটবলত অভিষেক ঘটা এইগৰাকী ভাৰতৰ অন্যতম সফল ফুটবলাৰৰ কেৰিয়াৰৰ কেইটামান বিশেষ দিশ সামৰি আমাৰ এই লেখা।

  • প্ৰতিখন মেচত গ’ল কৰাৰ সৰ্বোচ্চ অনুপাতৰ অভিলেখ আছে ভাৰতৰ সুনীল চেত্ৰীৰ নামত। চেত্ৰীৰ প্ৰতিখন মেচত গল কৰাৰ অনুপাত হৈছে ০.৬১। তাৰ বিপৰীতে বিশ্বৰ অন্যতম শ্ৰেষ্ঠ ফুটবলাৰদ্বয় লিয়নেল মেচি আৰু ক্ৰিষ্টিয়ানো ৰোণাল্ড’ৰ প্ৰতিখন মেচত গল দিয়াৰ অনুপাত ক্ৰমে ০.৫২ আৰু ০.৫৪।
  • আন্তঃৰাষ্ট্ৰীয় ফুটবলত সৰ্বাধিক গল কৰা সক্ৰিয় ফুটবলাৰৰ তালিকাত সুনীল চেত্ৰীৰ নাম আছে দ্বিতীয় স্থানত। এইক্ষেত্ৰত তেওঁ আনকি আর্জেন্টিনাৰ লিয়নেল মেচিকো চেৰ পেলাবলৈ সক্ষম হৈছে। ১১৫ খন আন্ত:ৰাষ্ট্ৰীয় মেচত সুনীল চেত্ৰীয়ে ৭২ টা গল দিবলৈ সক্ষম হোৱাৰ বিপৰীতে লিয়নেল মেচিয়ে ১৩৮ খন মেচত গল কৰিবলৈ সক্ষম হৈছে ৭০ টা। তালিকাখনত চেত্ৰীতকৈ আগত আছে কেৱল ক্ৰিষ্টিয়ানো ৰোনাল্ড’।
  • সুনীল চেত্ৰীয়ে ভাৰতৰ হৈ সৰ্বাধিক সংখ্যক আন্তৰ্জাতিক ফুটবল মেচত ভাগ লৈছে। ২০০৫ চনৰ পৰা বৰ্তমানলৈকে ভাৰতৰ তাৰকা ফুটবলাৰজনে ১১৫ খন আন্তঃৰাষ্ট্ৰীয় মেচত ভাগ লৈছে। তেওঁৰ আগতে বাইচুং ভূটিয়াই সৰ্বাধিক ১০৭ খন মেচত ভাগ লৈছিল।
  • স্বাভাৱিকতেই সুনীল চেত্ৰী হৈছে ভাৰতৰ সৰ্বাধিক আন্তঃৰাষ্ট্ৰীয় গ’ল স্ক’ৰাৰ। তালিকাৰ দ্বিতীয় স্থানত আছে প্ৰাক্তন তাৰকা ফুটবলাৰ বাইচুং ভূটিয়া।
  • ২০১০ চনত সুনীল চেত্ৰী বিদেশী ক্লাবৰ সৈতে চুক্তি স্বাক্ষৰ কৰা তৃতীয়গৰাকী ভাৰতীয় ফুটবলাৰ হিচাবে পৰিগণিত হয়। তেওঁ যোগদান কৰিছিল কেনছাচ চিটি ৱাইজাৰ্ডত। তাৰ পিছত তেওঁ চুক্তিত স্বাক্ষৰ কৰিছিল আন এটা বিদেশী ক্লাব স্পৰ্টিং ক্লাব ডি পৰ্টুগালৰ সৈতে।
  • তেওঁৰ নেতৃত্বতে ভাৰতে ২০০৭, ২০০৯ আৰু ২০১২ চনৰ নেহৰু কাপ লগতে ২০১১ চনৰ ছাফ চেম্পিয়নশ্বিপত জয়লাভ কৰিছিল।
  • নিজৰ কেৰিয়াৰত সুনীল চেত্ৰীয়ে তিনিটাকৈ হেট্ৰিক দিবলৈ সক্ষম হৈছিল। তেওঁ টাজিকিস্তান, ভিয়েটনাম আৰু চাইনীজ টাইপেৰ বিৰুদ্ধে এই হেট্ৰিককেইটা অর্জন কৰিবলৈ সক্ষম হৈছে।
  • এছিয়া কাপত এখনতকৈ অধিক মেচত গ’ল কৰা সুনীল চেত্ৰী হৈছে দ্বিতীয়জন ভাৰতীয়। ২০১১ ৰ এছিয়া কাপত তেওঁ বাহৰেইন আৰু দক্ষিণ কোৰিয়াৰ বিপক্ষে গ’ল কৰিবলৈ সক্ষম হৈছিল। তেওঁৰ আগতে ইন্দ্ৰ সিঙে এই কৃতিত্ব অৰ্জন কৰিছিল।
  • তেওঁ এ আই এফ এফ প্লেয়াৰ অৱ দ্য ইয়েৰ বঁটা দুবাৰকৈ লাভ কৰা তৃতীয়জন ভাৰতীয়। ইয়াৰ আগতে বাইচুং ভূটিয়া আৰু কে বিজয়নে এই সন্মান লাভ কৰিছিল।
  • ভাৰতীয় ছিনিয়ৰ দলৰ হৈ খেলা জীৱনৰ প্ৰথমখন মেচতেই গ’ল কৰিবলৈ সক্ষম হৈছিল সুনীল চেত্ৰীয়ে। কুৱেটাত অনুষ্ঠিত হোৱা সেই মেচখন আছিল পাকিস্তানৰ বিপক্ষে খেলা এখন বন্ধুত্বপূৰ্ণ মেচ।
- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

nine − 8 =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments