Sunday, October 2, 2022
HomeNewsকেৱল ধোনিৰ নামতহে আছে; আন কাৰোৰে নামত নাই এইকেইটা বিশেষ অভিলেখ

কেৱল ধোনিৰ নামতহে আছে; আন কাৰোৰে নামত নাই এইকেইটা বিশেষ অভিলেখ

অলিম্পিয়া বিশেষ লেখা

কেপ্টেইন কুলৰ আজি জন্মদিন। আজি ৩৯ তম জন্মদিন ভাৰতৰ সৰ্বশ্ৰেষ্ঠ অধিনায়কজনৰ। ভাৰতীয় ৰেল বিভাগৰ এজন সাধাৰণ কৰ্মচাৰীৰ পৰা উত্তৰণ ঘটি বিশ্বৰ এগৰাকী সফল উইকেটৰক্ষক, বেটছমেন তথা অধিনায়কলৈ এক অবিস্মৰণীয় যাত্ৰা তেওঁৰ। মহেন্দ্ৰ সিং ধোনি। অগণন ক্ৰীড়া অনুৰাগীৰ হৃদয়ত নিগাজীকৈ স্থান দখল কৰা এটা নাম। ২০০৪ চনত ভাৰতীয় দলৰ হৈ অভিষেক ঘটিছিল ঝাৰখণ্ডৰ এইগৰাকী প্ৰতিভাৱান ক্ৰিকেটাৰৰ। সাতটাকৈ বছৰ গোটেইকেইটা ফৰ্মেটৰে নেতৃত্ব দি ভাৰতীয় ক্ৰিকেটক উচ্চ শিখৰত উপনীত কৰাইছিল তেওঁ। উইকেটৰক্ষক, ফিনিচাৰ, তথা অধিনায়কৰ দৰে দায়িত্ব সমান গুৰুত্বৰে পালন কৰি সফল হৈছিল এম এছ ধোনি।

ধোনীয়ে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত এনে কেইটামান অভিলেখ গঢ়ি থৈছে যিকেইটা অভিলেখৰ গৰাকী আজিলৈ তেওঁৰ বাহিৰে দ্বিতীয় এজন হ’বলৈ পৰা নাই। আহকচোন প্রিয় ক্ৰিকেটাৰজনৰ উক্ত অভিলেখ কেইটাৰ বিষয়ে জানো-

আই চি চি’ৰ তিনিটাকৈ ট্ৰফী জয় কৰা একমাত্ৰ অধিনায়ক

মহেন্দ্ৰ সিং ধোনীয়েই বিশ্বৰ একমাত্ৰ ক্ৰিকেটাৰ যি অধিনায়ক হিচাবে আই চি চিৰ গোটেইকেইটা ট্ৰফী হস্তগত কৰিছে। ২০০৭ ত তেওঁৰ নেতৃত্বত ভাৰতে আই চি চি টি-২০ বিশ্বকাপৰ খিতাপ দখল কৰিবলৈ সক্ষম হৈছিল। ২০১১ ধোনি নেতৃত্বাধীন ভাৰতীয় দলে এদিনীয়া বিশ্বকাপ ক্ৰিকেটৰ খিতাপ জয় কৰে। তাৰ ঠিক দুবছৰৰ পিছত আই চি চি চেম্পিয়নছ ট্ৰফীৰ খিতাপো লাভ কৰে ভাৰতে। সেইবাৰো নেতৃত্বত আছিল এম এছ ধোনীয়েই।

এদিনীয়াত উইকেটৰক্ষক বেটছমেন হিচাবে সৰ্বোচ্চ ব্যক্তিগত ৰান

এজন উইকেটৰক্ষক বেটছমেন হিচাবে এদিনীয়া ক্ৰিকেটত সৰ্বোচ্চ ব্যক্তিগত স্ক’ৰৰ অধিকাৰী এম এছ ধোনী। ২০০৫ চনত ধোনীয়ে শ্ৰীলংকাৰ বিৰুদ্ধে সংগ্ৰহ কৰিছিল ১৮৩ ৰ বিশাল স্ক’ৰ। সেয়াই আছিল এগৰাকী উইকেটৰক্ষক হিচাবে কোনো বেটছমেনে সংগ্ৰহ কৰা সৰ্বাধিক ব্যক্তিগত স্ক’ৰ ।

অষ্ট্ৰেলিয়াৰ মাটিতে অষ্ট্ৰেলিয়াক হোৱাইট ৱাছ কৰা একমাত্ৰ অধিনায়ক

অষ্ট্ৰেলিয়াক অষ্ট্ৰেলিয়াৰ মাটিতে হৰুৱাটো তেনেই সহজ নহয়। তেনে স্থলত অষ্ট্ৰেলিয়াক হোৱাইটৱাচ কৰাটো সোনত সোৱগা চৰাৰ দৰে কথা। সেই অসাধ্য সাধন কৰা বিশ্বৰ একমাত্ৰ অধিনায়ক গৰাকীয়েই হৈছে এম এছ ধোনি। ২০১৬ ত অষ্ট্ৰেলিয়া ভ্ৰমণ কৰা ভাৰতীয় দলে অংশ লৈছিল টি২০ শৃংখলাতো। সেই শৃংখলাত ৩-০ ব্যৱধানত পৰাস্ত হৈছিল অষ্ট্ৰেলিয়া দলটো।

অধিনায়ক হিচাবে এদিনীয়াত সৰ্বাধিক ছয় কোবোৱাৰ অভিলেখ

অধিনায়ক হিচাবে এদিনীয়া আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত সৰ্বাধিক সংখ্যক ছয় কোবোৱাৰ অভিলেখো আছে ধোনিৰ নামতে। অধিনায়ক হিচাবে তেওঁ ২০৪ টা ছয় কোবাইছে এই পৰ্য্যন্ত।

সৰ্বাধিক নট-আউট

বিশ্ব ক্ৰিকেটৰ এগৰাকী সৰ্বশ্ৰেষ্ঠ ফিনিচাৰ হিচাবে গণ্য কৰা হয় তেওঁক। স্বাভাৱিকতেই তেওঁৰ নামতেই আছে সৰ্বাধিক নট-আউট থকাৰ অভিলেখ। মুঠ ৮২ বাৰ নট-আউট আছিল কেপ্তেইন কুল।

এদিনীয়া ক্ৰিকেটত সৰ্বাধিক ষ্টাম্পিং

চিতা বাঘৰ দৰে দ্ৰুত গতি ধোনীৰ। তেওঁৰ তীক্ষ্ণ দৃষ্টিৰ পৰা সাৰি যাব নোৱাৰে ক্ৰিজৰ বাহিৰত যোৱা বেটছমেন একোজন। এদিনীয়া ক্রিকেটত তেওঁ ১২০ বাৰ ষ্টাম্পিং কৰিছে । সেয়াও এক অভিলেখেই।

সৰ্বাধিক সংখ্যক মেচত দলক নেতৃত্ব

এম এছ ধোনীৰ নামতেই আছে সৰ্বাধিক সংখ্যক অধিনায়কৰ দায়িত্ব পালন কৰাৰ অভিলেখ। তেওঁৰ আগতে ৰিকী পণ্টিঙৰ নামত আছিল এই অভিলেখ। ৰিকী পন্টিঙে অষ্ট্ৰেলিয়া দলক নেতৃত্ব দিছিল ৩২৪ খন আন্তঃৰাষ্ট্ৰীয় মেচত। তাৰ বিপৰীতে ধোনীয়ে ৩৩২ খন মেচত ভাৰতীয় দলক নেতৃত্ব প্ৰদান কৰিছে। তেওঁ ৬০ খন টেষ্টত দলক নেতৃত্ব দিয়াৰ লগতে ২০০ খন এদিনীয়া আৰু ৭২ খন টি-২০ ত ভাৰতীয় দলক নেতৃত্ব দিছিল।

টি২০ ক্ৰিকেটত সৰ্বাধিক সংখ্যক জয়

মহেন্দ্ৰ সিং ধোনি এদিনীয়াৰ লগতে টি২০ ক্ৰিকেটৰো এগৰাকী সফল অধিনায়ক। তেওঁ নেতৃত্ব দিয়া ৭২ খন টি২০ ত দলে ৪১ খনতেই জয় লাভ কৰিছিল।

৭ নং বেটিং ক্ৰমত সৰ্বাধিক সংখ্যক শতকীয় ইনিংছ

তেওঁ ৭ নং স্থানত বেটিং কৰি সৰ্বাধিক সংখ্যক শতক অৰ্জন কৰাৰ অভিলখৰো গৰাকী। উক্ত স্থানত বেটিং কৰি তেওঁ দুটাকৈ শতক অৰ্জন কৰিবলৈ সক্ষম হৈছে যিটো আজিলৈ দ্বিতীয় জন ক্ৰিকেটাৰে কৰিবলৈ সক্ষম হোৱা নাই।

উইকেটৰক্ষক হৈও সৰ্বাধিকবাৰ বলিং কৰা একমাত্ৰ ক্ৰিকেটাৰ

সাধাৰণতে উইকেটৰক্ষক এজনক বল কৰা দেখা নাযায়। কিন্তু মহেন্দ্ৰ সিং ধোনীয়ে বলিং কৰাৰ সুযোগ কেতিয়াও এৰি দিয়া নাছিল। তেওঁ উইকেট কিপিং কৰি থকাৰ অৱস্থাতো ১১ বাৰকৈ বলো হাতত তুলি লৈছিল।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

10 − 7 =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments