Tuesday, October 4, 2022
HomeNewsশূন্য ৰানত ১০ উইকেট : ক্ৰিকেট ইতিহাসত ২৫ বাৰ সৃষ্টি হৈছে এই...

শূন্য ৰানত ১০ উইকেট : ক্ৰিকেট ইতিহাসত ২৫ বাৰ সৃষ্টি হৈছে এই ৰেকৰ্ড

olympiasports.in

এটাও ৰান খৰচ নকৰাকৈ আটাইকেইটা উইকেট দখল কৰাৰ ৰেকৰ্ডৰ বিষয়ে আপুনি জানেনে? ক্ৰিকেটৰ ইতিহাসত এনে বহুবাৰ হৈছে য’ত এক ৰানো খৰচ নকৰাকৈ ১০ টা উইকেটেই এজন বলাৰে দখল কৰিছে।২০১৭ চনত ৰাজস্থানৰ জয়পুৰত এনে এক ৰেকৰ্ড সৃষ্টি হৈছিল…

ইতিহাসৰ পৃষ্ঠাৰ পৰা

✍️ তুষাৰ প্ৰতিম

ক্ৰিকেট অনিশ্চয়তাৰ খেল। কেতিয়া কি হয় কোনেও আগতীয়াকৈ ক’ব নোৱাৰে।

আজি ক্ৰিকেটৰ ইতিহাসৰ কেইটামান বিশেষ ৰেকৰ্ড লৈ আহিছোঁ আপোনালোকলৈ। টেষ্ট ক্ৰিকেটৰ ইতিহাসত ১০ টা উইকেট দখল কৰা মাত্ৰ দুজন ক্ৰিকেটাৰেই আছে। ইংলেণ্ডৰ অফ স্পিনাৰ জিম লে’কৰ আৰু ভাৰতৰ লেগ স্পিনাৰ অনিল কুম্বলে। এওঁলোক দুজনৰ ৰেকৰ্ডৰ বিষয়ে হয়তো সকলোৱেই জানে।

টেষ্ট ক্ৰিকেটৰ ইতিহাসত ১০ উইকেট দখল কৰা দুই প্ৰখ্যাত ক্ৰিকেটাৰ …

যিসকলে এই বিষয়ে নাজানে তেওঁলোকক এই বিষয়ে জনাই দিওঁ যে , ১৯৫৬ চনত ইংলেণ্ডৰ অফ স্পিনাৰ Jim Leker য়ে অষ্ট্ৰেলিয়াৰ বিপক্ষে মানচেষ্টাৰ টেষ্টৰ দ্বিতীয় ইনিংছত ৫৩ ৰান খৰচ কৰি ১০ উইকেট দখল কৰাৰ পিছত দ্বিতীয়বাৰ ১৯৯৮-৯৯ চনত পাকিস্তানৰ বিপক্ষে অনুষ্ঠিত হোৱা দিল্লী টেষ্টত ভাৰতৰ লেগ স্পিনাৰ অনিল কুম্বলেই ৭৪ ৰান খৰচ কৰি ১০ উইকেট দখল কৰিবলৈ সক্ষম হৈছিল।

পিছে শিৰোনামাত উল্লেখ কৰাৰ দৰে এটাও ৰান খৰচ নকৰাকৈ আটাইকেইটা উইকেট দখল কৰাৰ ৰেকৰ্ডৰ বিষয়ে আপুনি জানেনে? ক্ৰিকেটৰ ইতিহাসত এনে বহুবাৰ হৈছে য’ত এক ৰানো খৰচ নকৰাকৈ ১০ টা উইকেটেই এজন বলাৰে দখল কৰিছে।

হয়, ক্ৰিকেট ইতিহাসত ২৫ বাৰ এনে হৈছে, য’ত এজন বলাৰে এক ৰানো খৰচ নকৰাকৈ ১০ টা উইকেট দখল কৰিছে।

পোন প্ৰথমে Dartnell নামৰ ক্ৰিকেটাৰ গৰাকীয়ে ১৮৬৭ চনত Broad Green ক্লাবৰ হৈ এক মেচত অংশগ্ৰহণ কৰি এটাও ৰান খৰচ নকৰাকৈ দক্ষিণ লণ্ডনৰ Thronton Heath ক্লাবৰ ১০ টা উইকেট দখল কৰিবলৈ সক্ষম হৈছিল। একেদৰে এই বিশেষ ৰেকৰ্ড অন্তিম বাৰৰ বাবে সৃষ্টি হৈছিল ১৯৮৮-৯৯ চনত। অষ্ট্ৰলিয়াৰ Brisbane চহৰৰ Bayside Muddies ক্লাবৰ হৈ ডেভিড ম’ৰ্টেনে খেলি Ranatunga ক্লাবৰ বিপক্ষে এই ৰেকৰ্ড সৃষ্টি কৰিছিল। ইয়াৰ পূৰ্বে আকৌ এগৰাকী স্কুলীয়া ছাত্ৰী Emma Liddel য়ে ১৯৯৫-৯৬ চনত Sydney ত এই ৰেকৰ্ড সৃষ্টি কৰিবলৈ সক্ষম হৈছিল। এইগৰাকী মহিলা ক্ৰিকেটাৰে অৱশ্যে পৰবৰ্তী সময়ত অষ্ট্ৰেলিয়াৰ মহিলা দলৰ হৈ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত অংশগ্ৰহণ কৰি ৩খন টেষ্টত ১২ উইকেট দখল কৰাৰ লগতে ৩৩ খন এদিনীয়া ক্ৰিকেটত অংশগ্ৰহণ কৰি ৩২ টা উইকেট দখল কৰিবলৈ সক্ষম হৈছিল।

Emma Liddel

0 ৰানত ১০ উইকেট দখল কৰাৰ আটাইতকৈ আকৰ্ষণীয় মেচ হৈছিল ১৯২৩ চনৰ ৬মে’ তাৰিখে। Jennings Tune য়ে cliff Club ৰ হৈ Howden and District ক্ৰিকেট লীগত অংশগ্ৰহণ কৰি এই ৰেকৰ্ড সৃষ্টি কৰিছিল। Jennings Tune য়ে এই মেচখনত বিপক্ষৰ সকলো ক্ৰিকেটাৰকে ব’ল্ড কৰিবলৈ সক্ষম হৈছিল। ক্ৰিকেটৰ ইতিহাসত এইটোৱেই এনেকুৱা এটা ৰেকৰ্ড য’ত এজন বলাৰে ০ ৰানত ১০ টা উইকেট‌ই ব’ল্ড কৰিবলৈ সক্ষম হৈছিল। অৱশ্যে এই ৰেকৰ্ডক আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটে স্বীকৃতি প্ৰদান কৰা নাই। তথাপিও আন্তঃৰাষ্ট্ৰীয় বহু ক্ৰিকেট বিশেষজ্ঞই এই ৰেকৰ্ডসমূহক সন্মান প্ৰদান কৰি আহিছে।

ভাৰততো সৃষ্টি হৈছে এনে ৰেকৰ্ড

২০১৭ চনত ৰাজস্থানৰ জয়পুৰত এনে এক ৰেকৰ্ড সৃষ্টি হৈছিল য’ত এটাও ৰান খৰচ নকৰাকৈ ১০ উইকেট দখল কৰিবলৈ সক্ষম হৈছিল। ২০১৭ চনত ৰাজস্থানৰ জয়পুৰত অনুষ্ঠিত হোৱা ভাৱেৰ সিং সো‍ঁৱৰণী টি-২০ ক্ৰিকেটত ১৫ বছৰীয়া আকাশ চৌধুৰী নামৰ এগৰাকী ক্ৰিকেটাৰে এটাও ৰান খৰচ নকৰাকৈ ১০ টা উইকেট দখল কৰিবলৈ সক্ষম হৈছিল।

ৰাজস্থাৰ জয়পুৰৰ আকাশ চৌধুৰী

ৰাজস্থানৰ জয়পুৰত অনুষ্ঠিত হোৱা ভাৱেৰ সিং সোঁৱৰণী টি-২০ ক্ৰিকেট প্ৰতিযোগিতাখনত আকাশ চৌধুৰীয়ে ডিশা একাডেমীৰ হৈ অংশগ্ৰহণ কৰি পিয়েৰেল একাডেমীৰ ১০ উইকেটেই দখল কৰে। আকাশে মেচখনত চাৰি অভাৰ বল কৰি প্ৰথম অভাৰত ২টা দ্বিতীয় অভাৰত দুটা তৃতীয় অভাৰত দুটা আৰু চতুৰ্থ অভাৰত হেট্ৰিক অৰ্জন কৰি এই অভিলেখ সৃষ্টি কৰিবলৈ সক্ষম হৈছিল।

উৎস : ইণ্টাৰনেট, জি নিউজ হিন্দী, এম ক্ৰিকেটাৰ

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

fourteen − thirteen =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments