Tuesday, October 4, 2022
HomeNewsচলি আছিল ক্ৰিকেটৰ চূড়ান্ত মেচ, তাৰ মাজতে চলিল সন্ত্ৰাসবাদীৰ নিৰ্বিচাৰ গুলীবৰ্ষণ

চলি আছিল ক্ৰিকেটৰ চূড়ান্ত মেচ, তাৰ মাজতে চলিল সন্ত্ৰাসবাদীৰ নিৰ্বিচাৰ গুলীবৰ্ষণ

অলিম্পিয়া বাৰ্তা

সন্ত্ৰাস জৰ্জৰ পাকিস্তানৰ ক্ৰিকেটক পুনৰ জোকাৰি গ’ল সন্ত্ৰাসবাদী কাৰ্যকলাপে। ঘটনাটো ৭ আগষ্টৰ। পাকিস্তানৰ অ’ৰাকজাই জিলাৰ ঘটনা এইটো। অ’ৰাকজাই জিলা আছে পাকিস্তানৰ খাইবেৰ পাখটুনখৱা নামৰ প্ৰদেশত। ৭ আগষ্টত উক্ত স্থানতে অনুষ্ঠিত হৈছিল এখন স্থানীয় ক্ৰিকেট টুৰ্ণামেণ্ট।

পাকিস্তানৰ সংবাদ পত্ৰ ‘দ্য নিউজ ইন্টাৰনেছনেল’ৰ খবৰ অনুসৰি টুৰ্ণামেণ্টৰ ফাইনেল মেচখন উপভোগ কৰিবলৈ সিদিনা যথেষ্ট সংখ্যক দৰ্শক খেলপথাৰত উপস্থিত হৈছিল। তাৰ মাজত আছিল স্থানীয় ৰাজনৈতিক কৰ্মীৰ লগতে বহুকেইজন সংবাদিকো।

খেল অনুষ্ঠিত হৈ থকাৰ মাজতে হঠাৎ খেলপথাৰৰ বিপৰীত দিশে থকা পাহাৰৰ পৰা নিৰ্বিচাৰে গুলীবৰ্ষণ কৰে উগ্ৰপন্থীৰ দলে। এই আক্ৰমণত খেলুৱৈ, দৰ্শক তথা তাত উপস্থিত আন আন লোকসকলে কথমপি প্ৰাণ ৰক্ষা কৰে। আয়োজকসকলে লগে লগে খেল বাতিল কৰিবলৈ বাধ্য হয়।

উল্লেখযোগ্য যে ২০০৯ চনত পাকিস্তান ভ্ৰমণকাৰী শ্ৰীলংকাৰ দলৰ ওপৰত চলা সন্ত্ৰাসবাদী আক্ৰমণৰ পিছৰে পৰা পাকিস্তানত আন্ত:ৰাষ্ট্ৰীয় মেচৰ সংখ্যা যথেষ্ট হ্ৰাস পাইছে। আজিও আন্তঃৰাষ্ট্ৰীয় দলে কোনো দলে পাকিস্তান ভ্ৰমণ কৰিবলগীয়া হ’লে দহবাৰ ভাবিব লগা হয়। তেনে স্থলত খেল চলি থকা অৱস্থাত এনেদৰে সন্ত্ৰাসবাদীৰ আক্ৰমণে পুনৰ আন্ত:ৰাষ্ট্ৰীয় পৰ্যায়ত দেশখনক বেকফুটলৈ ঠেলি দিলে।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

4 × five =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments