অলিম্পিয়া প্ৰতিবেদন
সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড’ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী তেজপুৰ ক্লাব বেডমিণ্টন প্ৰতিযোগিতাৰ। মুঠ ছটা দলে অংশগ্ৰহণ কৰা প্ৰতিযোগিতাত ঢলা শদিয়া দলে চেম্পিয়নৰ খিতাপ দখল কৰাৰ বিপৰীতে তেজপুৰৰ কমাৰ চুবুৰী ক্ৰিকেট ক্লাবে ৰানাৰ্ছ আপৰ সন্মান লাভ কৰে।

প্ৰতিযোগিতাখনৰ প্লেয়াৰ অৱ দ্য টুৰ্ণামেণ্টৰ সন্মান লাভ কৰে ঢলা শদিয়া দলৰ ত্ৰিভায়া ৰাজ বৰা। ছোৱালীৰ ব্যক্তিগত একক শাখাত জিৰো বয়জ ক্লাবৰ নিধি দাস ৰয়, লৰাৰ ব্যক্তিগত অনুর্ধ ১১ শাখাত তেজপুৰ ষ্টেচন ক্লাবৰ ৰক্তিম শৰ্মা, অনুর্ধ ১৩ বৰ্ষৰ ল’ৰাৰ শাখাত মণিমুগ্ধ ৰাজখোৱা, অনুর্ধ ১৫ বছৰ ল’ৰাৰ শাখাত ত্ৰিভায়ান ৰাজ বৰা, অপেন ব্যক্তিগত শাখাত মেগনলিয়া ক্লাবৰ মাধুৰ্য্য নাথ আৰু অপেন দলগত শাখাত ঢলা শদিয়া ক্লাবৰ ত্ৰিভায়ান ৰাজ বৰা আৰু প্ৰজ্ঞান বৰকাকতিয়ে লাভ কৰে চেম্পিয়নৰ খিতাপ।