Tuesday, October 4, 2022
HomeNewsদূৰ্গম অঞ্চলৰ দৰিদ্ৰ খেলুৱৈৰ মাজত সাহায্য প্ৰদান তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ

দূৰ্গম অঞ্চলৰ দৰিদ্ৰ খেলুৱৈৰ মাজত সাহায্য প্ৰদান তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ

olympiasports.in

কৰ’না মহামাৰীয়ে কাল ৰূপ ধাৰণ কৰাৰ বাবে এতিয়া লকডাউনৰ কবলত আছে ভাৰত তথা অসম। প্ৰায় এমাধ ধৰি ৰাজ্যখন লকডাউনৰ কবলত থকাৰ বাবেই এতিয়া অসহায় হৈ পৰিছে দৰিদ্ৰ লোকসকল। এনে এক জটিল সময়তেই তেজপুৰ জিলা ক্ৰীড়া সন্থাই লৈছে এক প্ৰসংশনীয় পদক্ষেপ।

তেজপুৰ জিলা ক্ৰীড়া সন্থাই ইয়াৰ পঞ্জীয়নভুক্ত জিলাক প্ৰতিনিধিত্ব কৰা দুৰ্গত অঞ্চলৰ দৰিদ্ৰ খেলুৱৈসকললৈ সহায়ৰ হাত আগবঢ়াইছে। ৰাজ্যখন লকডাউনৰ বাবে অসহায় হৈ পৰা দুৰ্গত অঞ্চলৰ এই দৰিদ্ৰ খেলুৱৈসকলক আজি তেজপুৰ জিলা ক্ৰীড়া সন্থাই অত্যাৱশ্যকীয় খাদ্য সামগ্ৰীৰ টোপোলা আগবঢ়াইছে।

তেজপুৰ জিলা ক্ৰীড়া সন্থাই সামৰি লোৱা জিলাখনৰ এই দুৰ্গত অঞ্চলসমূহ হ’ল সোনাবিল, আদাবাৰী, বৈথাভঙা, মালিজান, বৰখুলী, হাঁহচৰা, টেলেৰিয়া আদি।

জিলা ক্ৰীড়া সন্থাৰ এই প্ৰচেষ্টাৰ জৰিয়তে দুৰ্গম অঞ্চলকেইটাৰ প্ৰায় ৭০ গৰাকী দৰিদ্ৰ খেলুৱৈৰ পৰিয়াল উপকৃত হৈছে। ইয়াৰ উপৰিও ক্ৰীড়া সন্থাটোৰ সম্পাদক মৃদুল শ‌ইকীয়াই তেজপুৰ আৰু ইয়াৰ উপকন্থ অঞ্চলৰ আৰু বহু কেইটা দৰিদ্ৰ পৰিয়ালক অত্যাৱশ্যকীয় খাদ্য সামগ্ৰী যোগান ধৰিব বুলি জনাইছে।

আনহাতে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ অন্তৰ্গত পূব ঢেকিয়াজুলি ক্ৰীড়া সন্থা আৰু বিহগুৰী উপ ক্ৰীড়া সন্থাইও যোৱা দুদিনত বহু কেইটা দৰিদ্ৰ খেলুৱৈৰ পৰিয়ালক সহায়ৰ হাত আগবঢ়াইছে।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

3 × 5 =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments