১৪ আগষ্ট: মাষ্টাৰ ব্লাষ্টাৰ শচীন টেণ্ডুলকাৰ আৰু কিম্বদন্তী ডন ব্ৰেডমেনৰ মাজৰ সেই বিশেষ যোগসূত্ৰটো!

অলিম্পিয়া বিশেষ প্ৰতিবেদন

✍️ পূৰ্ণানন্দ নেওগ

১৪ আগষ্ট দিনটোৰ আছে এক বিশেষ তাৎপৰ্য। আজিৰ পৰা ঠিক ৩০ বছৰৰ আগতে আজিৰ দিনটোত মাষ্টাৰ ব্লাষ্টাৰ শচীন টেণ্ডুলকাৰৰ সবল আত্মপ্ৰকাশৰ পদধ্বনি শুনিবলৈ পাইছিল সমগ্ৰ বিশ্বই।

১৯৯০ চনৰ আজিৰ দিনটোত অ’ল্ড ট্রেফৰ্ড ষ্টেডিয়ামত ভাৰত মুখামুখি হৈছিল ইংলেণ্ডৰ। মহম্মদ আজাহাৰুড্ডিনৰ নেতৃত্বাধীন ভাৰতীয় দলটো সেই সময়ত বিপদৰ সম্মুখীন হৈছিল। স্ক’ৰবোৰ্ডত ৰান গোট খাইছিল ৪ টা উইকেটৰ বিনিময়ত ১০৯। তেনেতে ক্ৰিজত নামিছিল যুৱ ক্ৰিকেটাৰ টেণ্ডুলকাৰ। ২২৫ মিনিটকৈ সময় মনোজ প্ৰভাকৰৰ সৈতে ক্ৰিজত অত্যন্ত দৃঢ়তাৰে ভাঙি পৰিব ধৰা ভাৰতীয় ইনিংছক চম্ভালি ল’লে যুৱ ক্ৰিকেটাৰজনে। ১৮৫ টা বলত ১১৯ ৰান কৰি নিজে শতক অর্জন কৰাই নহয় , ভাৰতক পৰাজয়ৰ মুখৰ পৰাও ৰক্ষা কৰিলে শচীনে। শচীনে মেচখনত মেন অৱ দ্য মেচৰ সন্মানো লাভ কৰিলে।

সেয়া আছিল শচীন টেণ্ডুলকাৰৰ টেষ্ট কেৰিয়াৰৰ প্ৰথমটো শতক। শতক অর্জন কৰাৰ সময়ত শচীনৰ বয়স আছিল কেৱল ১৭ বছৰ। তেওঁৰ আগতে কেৱল পাকিস্তানৰ মুষ্টাক মহম্মদেহে ইমান কম বয়সত শতক অর্জন কৰাৰ অভিলেখ গঢ়িছিল।

অৱশ্যে, ইয়াৰ বাহিৰেও ১৪ আগষ্ট দিনটোৰ আছে আন এক তাৎপৰ্য। সেই দিনটোত যি সময়ত অ’ল্ড ট্রেফৰ্ডত উজ্জ্বল ভৱিষ্যতৰ চানেকি বহন কৰি যুৱ ক্ৰিকেটাৰ শচীনে শতক অর্জন কৰিছিল, সেই একেটা দিনতে আকৌ কেৰিয়াৰৰ অন্তিমখন টেষ্টত ভাগ ল’বলৈ ক্ৰিজত নামিছিল কিম্বদন্তী ক্ৰিকেটাৰ ডন ব্ৰেডমেন।

একেটা দিনতে ক্ৰিকেট ইতিহাসৰ এই দুই মহত্বপূৰ্ণ ঘটনাৰ কথা শুক্ৰবাৰে ভাৰতৰ জনপ্ৰিয় ক্ৰিকেট ধাৰাভাষ্যকাৰ হাৰ্ষা ভোগলেই টুইটাৰত প্ৰকাশ কৰে। তেওঁ প্ৰকাশ কৰে যে সেই দিনটো যদি এফালে এক মহান ক্ৰিকেট কেৰিয়াৰৰ শুভাৰম্ভনি আছিল আনফালে আকৌ এটা বৰ্ণিল কেৰিয়াৰৰ সামৰণিও আছিল সেই দিন। ১৯৪৮ চনৰ ১৪ আগষ্টত মহান অষ্ট্ৰেলিয়ান গৰাকীয়ে জীৱনৰ অন্তিমখন মেচত অংশ লৈছিল। অভেলত অনুষ্ঠিত হৈছিল সেই মেচ। প্ৰতিপক্ষ আছিল ইংলেণ্ড। জীৱনৰ সেই অন্তিম টেষ্ট মেচখন ক্ৰিকেট ইতিহাসৰ সৰ্বকালৰ এখন বিখ্যাত মেচ আছিল। কিয়নো সেই মেচতে ব্যক্তিগত ৯৬ ৰানত ব্ৰেডমেন আউট হৈছিল। কেৱল চাৰি ৰানৰ বাবে টেষ্ট গড় ১০০ হোৱাৰ পৰা বঞ্চিত হ’ব লগা হৈছিল ব্ৰেডমেন। ১০০ গড়!! এক বিস্ময়কৰ গড় আৰু এক সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ অভিলেখৰ গৰাকী হোৱাৰ পৰা ডন ব্ৰেডমেন বঞ্চিত হৈছিল ১৪ আগষ্ট দিনটোতে।

Leave a Reply

Your email address will not be published. Required fields are marked *