Sunday, July 3, 2022
HomeNewsউপেক্ষাৰ অলিখিত কাহিনী; জয়ন্ত, দীপাংকৰ, কল্পনা, তৈবুন নিচাক কোনে মনত ৰাখে?

উপেক্ষাৰ অলিখিত কাহিনী; জয়ন্ত, দীপাংকৰ, কল্পনা, তৈবুন নিচাক কোনে মনত ৰাখে?

✍️ পূৰ্ণানন্দ নেওগ

অসমৰ ক্রীড়াক্ষেত্ৰলৈ নতুন বসন্ত আহিছে। সাহিত্য, সংস্কৃতি, ৰাজনীতি, অৰ্থনীতিৰ লেখীয়াকৈ এতিয়া দৈনন্দিন চর্চাত স্থান পায় ক্ৰীড়াৰ প্ৰসংগয়ো। ক্রীড়াৰ প্ৰতি অসমীয়াৰ মনোভাৱ যেন ক্ৰমাৎ সলনি হৈছে। গুৱাহাটী পাৰ কৰি ক্রীড়াকেন্দ্ৰিক চৰ্চা এতিয়া বিয়পি পৰিছে অসমৰ গাঁও-ভূঞে। অসমত ক্রীড়াৰ এই সামগ্ৰিক উত্তৰণত বিশেষকৈ দুটা ঘটনাৰ ব্যাপক প্ৰভাৱ পৰিলক্ষিত হয়। ২০১৮ত ফিনলেণ্ডত অনুষ্ঠিত অনুর্ধ ২০ বিশ্ব এথলেটিক চেম্পিয়নশ্বিপত হিমা দাসৰ স্বৰ্ণ জয় তথা টকিঅ’ অলিম্পিকত লাভলীনা বৰগোঁহাইৰ ব্ৰঞ্জ বিজয়ে বহু অসমীয়াৰ মানসিকতাকে সলনি কৰি পেলালে। এক কথাত এই দুই পৰিঘটনাই অসমৰ ক্ৰীড়ালৈ কঢ়িয়াই আনিলে নৱ-জাগৰণ।

ইয়াৰ পিছতে আহে যোৱা কেইটামান বছৰত অসমত ক্রীড়াই লাভ কৰা চৰকাৰী পৃষ্ঠপোষকতাৰ কথা। ২০০৭ চনত ৰাষ্ট্ৰীয় ক্রীড়া আয়োজনৰ আলম লৈ অসমে লাভ কৰা বৃহৎ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ আন্তঃগাঁথনিৰ বাবেই আজি অসমৰ ক্রীড়াই দেশৰ অন্য প্ৰান্তৰ সৈতে ফেৰ মাৰিবলৈ সক্ষম হৈছে। সেই সময়ত প্রতিকূলতাক নেওচি ৰাজ্যত ৰাষ্ট্ৰীয় ক্ৰীড়াৰ দৰে বৃহৎ ক্রীড়া সমাৰোহ আয়োজনৰ মৰ সাহ কৰা প্ৰয়াত মুখ্যমন্ত্ৰী তৰুণ গগৈৰ কথা স্বীকাৰ নকৰিলে পাপে চুব। তৰুণ গগৈয়ে গঢ় দি যোৱা ক্রীড়া আন্তঃগাঁথনি আৰু পৰৱৰ্তী সময়ত বৰ্তমানৰ চৰকাৰে ক্রীড়াক লৈ যি উৎসাহ দেখুৱাইছে সেই উৎসাহৰ কোবতেই যেন আজিৰ এই ক্রীড়া অনুকূল পৰিৱেশ।

ক্রীড়াবিদক নিয়মিত পেন্সন, ৰাষ্ট্ৰীয় ক্ৰীড়াৰ পদকপ্ৰাপ্তলৈ চৰকাৰী চাকৰি, তাৰোপৰি বিভিন্ন ৰাষ্ট্ৰীয় তথা আন্তঃৰাষ্ট্ৰীয় টুৰ্ণামেণ্টত পদক জয়ী চাকৰিৰ সমান্তৰালকৈ অৰ্থ সাহাৰ্য্য আদি কথাই এতিয়া চৰকাৰী এজেণ্ডাত ঠাই দখল কৰিছে। নিঃসন্দেহে এয়া অসমৰ ক্ৰীড়াৰ বাবে যথেষ্ট আশাব্যঞ্জক এক পৰিৱেশ। নতুন চামক ক্রীড়াৰ প্ৰতি আকৰ্ষিত কৰিবলৈ চৰকাৰৰ এই পদক্ষেপসমূহ ফলপ্ৰসূ যে হ’ব তাত কাৰো সন্দেহ নাই।

কিন্তু তাৰ মাজতে শেহতীয়াকৈ এচাম প্ৰবীণ ক্রীড়াবিদৰ প্ৰতি চৰকাৰৰ যি মনোভাৱ তাকলৈও বিভিন্ন মহলত প্ৰশ্নৰ উদয় হৈছে। দুবাৰকৈ অলিম্পিকত প্ৰতিনিধিত্ব কৰা ৰাজ্যৰ প্রথমগৰাকী অলিম্পিয়ান দীপাংকৰ ভট্টাচাৰ্য্য সৌ সিদিনা ৰাজ্যিক ক্রীড়া পেন্সন দিৱসত যি দৰে উপেক্ষিত হ’ল, সেই কথা ইতিমধ্যেই সকলোৱে জানিব পাৰিছে। সেই একেটা অনুষ্ঠানতে বিশ্ব বক্সিং চেম্পিয়নশ্বিপত পদক লাভ কৰা অসমৰ প্ৰথমগৰাকী বক্সাৰ কল্পনা চৌধুৰী, আন্তঃৰাষ্ট্ৰীয় সাঁতোৰবিদ মিথু বৰুৱা, অলিম্পিয়ান অৰ্জুন জয়ন্ত তালুকদাৰ আদিকো কৰা হ’ল চৰম উপেক্ষা। ৰাষ্ট্ৰীয় ক্ৰীড়াৰ লগতে বহু আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতাৰ চেম্পিয়ন আটাইকেইগৰাকীকে চৰকাৰে ঘোষণা কৰা এককালীন সহাৰ্য্যৰ পৰা বঞ্চিত কৰা হ’ল। ইয়াৰ আঁৰত কি কথা লুকাই আছে সেয়া অৱশ্যে বহুতৰে বোধগম্য হোৱা নাই।

কল্পনা চৌধুৰী অথবা মিথু বৰুৱাই ইতিমধ্যে সম্পূৰ্ণৰূপে ক্রীড়া জীৱনৰ সামৰণি মাৰিছে। কিন্তু তাৰ বিপৰীতে জয়ন্ত তালুকদাৰ আজিও এগৰাকী সক্ৰিয় খেলুৱৈ। ২০১২ চনত লণ্ডন অলিম্পিকত দেশক প্ৰতিনিধিত্ব কৰা জয়ন্তই যিকোনো মুহূৰ্ততে পুনৰ বাতৰিৰ শিৰোনাম দখল কৰিব পাৰে। পুনৰ আন্তঃৰাষ্ট্ৰীয় মঞ্চত এইগৰাকী আৰ্চাৰ উজলি উঠিব পাৰে। সাফল্যৰ তালিকাখনো তেওঁৰ বৰ দীঘলীয়া। আজি কেৱল দুই-এখন বিশ্ব চেম্পিয়নশ্বিপ অথবা আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতাত সফলতা অৰ্জন কৰা খেলুৱৈক যিদৰে উচ্চ পদৰ চৰকাৰী চাকৰি প্ৰদান কৰা হৈছে সেই সময়ত প্রাক্তন বিশ্ব চেম্পিয়নগৰাকী কি পৰিস্থিতিত উপেক্ষাৰ সন্মুখীন হ’বলগীয়া হৈছে সেয়া বিচাৰ্যৰ বিষয়।

২০০৬ তে তেওঁ অর্জন কৰিছিল আৰ্চাৰী বিশ্বকাপত স্বৰ্ণ। বিশ্ব আৰ্চাৰী চেম্পিয়নশ্বিপতো তেওঁৰ নামত আছে ৰূপৰ পদক। এছিয়ান গেমছ আৰু কমনৱেলথ গেমছতো তেওঁৰ নামত আছে দুটাকৈ পদক। ছাফ গেমছ, ৰাষ্ট্ৰীয় ক্রীড়া আদিতো চেম্পিয়ন এইগৰাকী দেশৰে আগশাৰীৰ আৰ্চাৰ। তাৰ পিছতো কিয় আজিকোপতি এইগৰাকী খেলুৱৈয়ে ৰাজ্য চৰকাৰৰ পৰা যথোপযুক্ত সা সুবিধা লাভ কৰা নাই সেয়া এক অবুজ সাঁথৰ। এগৰাকী ক্রীড়াপ্ৰেমী হিচাবে সেয়ে আমি চৰকাৰৰ ওচৰত দাবী জনাব খুজিছোঁ অসমৰ সুযোগ্য সন্তান জয়ন্ত তালুকদাৰক প্ৰাপ্য সন্মান প্ৰদান কৰক। অসমলৈ সুনাম কঢ়িয়াই অনা খেলুৱৈসকলৰ শাৰীত একেবাৰে আগশাৰীৰ এইগৰাকী অসম সন্তানৰ ওপৰত শীঘ্ৰেই চৰকাৰৰ কৃপা দৃষ্টি পৰক। সেই আশা এতিয়া ৰাজ্যৰ প্ৰতিগৰাকী ক্রীড়াপ্ৰেমীৰে।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

nine + thirteen =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Archives list

Recent Comments