Wednesday, July 6, 2022
HomeNewsহ্ৰদ আৰু জলাশয়ৰ দেশত ফুটবল সংস্কৃতি

হ্ৰদ আৰু জলাশয়ৰ দেশত ফুটবল সংস্কৃতি

অলিম্পিয়া প্রতিবেদন

‘হ্ৰদ আৰু জলাশয়ৰ’ এখন দেশ৷ বিশ্ব চলচিত্ৰত তেওঁলোকৰ স্থান সদায়েই উচ্ছ৷ আইচ হকীত তেওঁলোক অধিপত্য বছৰৰ পিছত বছৰ ধৰি৷ বিশ্বৰ সকলোতকৈ সূখীদেশ সমূহৰ তালিকাৰ শীৰ্ষস্থানত তেওঁলোকৰ দেশ৷ কিন্তু ফুটবলত ? বিশ্বৰ সবাতোতকৈ জনপ্ৰিয় এই খেলবিধকলৈ তেওঁলোকৰ আকৰ্ষণ যুগ যুগ ধৰি৷ ফুটবলৰ জনপ্ৰিয়তা তেওঁলোকৰ মাজত অপৰিসীম৷ কিন্তু ফুটবলকলৈ তেওঁলোকে কোনো উৎসৱ পালন কৰিব পৰা নাছিল৷ আছিল মাথো অপেক্ষা৷ অৱশ্যে ২০১৯ ৰ নৱেম্বৰ মাহৰ ১৫ তাৰিখে সেই অপেক্ষাৰ অন্ত পৰিল৷ হেলছিংকিত সেইদিনা উৎসৱৰ বন্যা৷ লিখটেনষ্টেইনৰ বিৰুদ্ধে ইউৰো কাপৰ বাচনি পৰ্বৰ খেলখনৰ প্ৰায় অন্তিম পৰ্যায়৷ কিন্তু খেল শেষ হ’বলৈ অপেক্ষা কৰাৰ সময় নাছিল তেওঁলোকৰ ওচৰত৷ এনেয়ে সূখী তেওঁলোক৷ এতিয়া আকৌ সুখৰ ওপৰত সুখ৷ দীৰ্ঘদিনীয়া এক বেদনাৰ পৰা মুক্ত হ’ল তেওঁলোক৷ বাল্টিক সাগৰৰ উপকুলবৰ্তী এই দেশখনত বাজি উঠিছিল উৎসৱৰ বাদ্য৷ হয় ফিনলেণ্ড ৷

ইউৰো কাপত এইবাৰ নতুন মূখ ফিনলেণ্ডৰ ফুটবলৰ উত্থানৰ কিছু কথাকেই ইয়াত কব বিচাৰিছো৷ কেৱল ইউৰো নহয়৷ দেশখনৰ জাতীয় দলে এয়া প্ৰথমবাৰৰ বাবে কোনো বৃহৎ প্ৰতিযোগিতাত খেলাৰ সুযোগ লাভ কৰিছে৷ আন্তৰ্জাতিক পৰ্যায়ত ফিনলেণ্ডে ভুমুকি মৰাৰ প্ৰচেষ্টা চলাই আহিছে দীৰ্ঘদিন ধৰি৷ ১৯৯৮ ত বিশ্বকাপ ফুটবলৰ বাচনি পৰ্বত যথেষ্ট ভাল প্ৰদৰ্শন আগবঢ়াইছিল ফিনলেণ্ডে৷ বাচনিপৰ্বৰ অন্তিম ৰাউণ্ডত হাংগেৰীৰ মুখামূখী হৈছিল দলটো৷ খেলখনত জয়লাভ কৰিলে প্লে অ’ফত খেলাৰ সুযোগ৷ দুৰ্দান্ত প্ৰদৰ্শনেৰে অন্তিম পৰ্যায়লৈকে ১-০ ত আগবাঢ়ি আছে দলটো৷ খেল শেষ হবলৈ মাত্ৰ কেই ছেকেণ্ড মান থাকোতে কৰ্ণাৰৰ সুযোগ পায় হাংগেৰীয়ে৷ বক্সৰ দিশলৈ তীব্ৰবেগত উৰি অহা বলত ফিনলেণ্ডৰ খেলুৱৈৰে স্পৰ্শ আছিল যদিও দুৰ্ভাগ্যবশত গলকীপাৰ টেওতো মালিনাৰ পিঠিত লাগি বলে নেটত স্পৰ্শকৰে৷ লগে লগে খেল সমাপ্তিৰ হুইচেল বজালে ৰেফাৰিয়ে৷ ১-১ত ড্ৰ৷ উৎসৱ মূখৰ হেলছিংকি অলিম্পিয়ানস্তাদি ষ্টেডিয়ামলৈ লগে লগে নামি আহে মৰিশালী নিস্তবদ্ধতা৷ অবিশ্বাস্য ৷ ব্যৰ্থ মনোৰথ লৈ গধুৰ মনে ষ্টেডিয়ামৰ পৰা ওলাই আহে খেলুৱৈসকলে৷ ইয়াৰ পিছত দীৰ্ঘদিন ধৰি কেৱল শূণ্যতা৷ কিন্তু চেষ্টা তেওঁলোকে এৰি দিয়া নাছিল৷ তেওঁলোকে চলাই গৈছিল অবিৰত অনুশীলন৷ দেশখনৰ ফুটবল সংস্কৃতিয়ে ক্ৰমাৎ লাভ কৰে পূৰ্ণ জনপ্ৰিয়তা৷ ফুটবলাৰ গঢ়াৰ কৰ্মশালা সমূহলৈ ঢাপলি মেলিলে দেশখনৰ যুৱপ্ৰজন্মই৷ লিটমেন, ছামি হাইপিয়া, নিয়োমৰ দৰে প্ৰতিভাৱান ফুটবলাৰৰ নেতৃত্বত পূণৰ টঙালি বান্ধিলে ফিনলেণ্ড ফুটবল শক্তিয়ে৷

২০০৮ বৰ্ষৰ ইউৰো কাপৰ বাচনি পৰ্বত পুনৰ শক্তিশালী প্ৰদৰ্শনেৰে আন্তৰ্জাতিক পৰ্য্যয়ত পুনৰ নিজৰ শক্তিশালী স্থিতিৰ উমান দিলে৷ ৰয় হজছনৰ অধীনত দলে বাচনি পৰ্বৰ প্ৰতিখন মেচতেই সুন্দৰ প্ৰদৰ্শন আগবঢ়ালে৷ কিন্তু মূলপৰ্বত প্ৰৱেশৰ পূৰ্বে থমকিব লগা হ’ল দলটো? মূল পৰ্বত খেলাৰ বাবে অন্তিমখন মেছত জয়ৰ খুৱেই প্ৰয়োজন আছিল দলটোক৷ কিন্তু সমস্যা হ ল প্ৰতিপক্ষকলৈহে৷ সমূখত ক্ৰিষ্টিয়ানো ৰোনাল্ডো, নুন গোমেজ৷ দুৰ্দান্ত প্ৰদনেৰে পতুৰ্গীজ বাহিনীক গ’ল কৰাৰ পৰা বিৰত ৰাখিলেও প্ৰতিযোগিতাৰ পৰা আতঁৰিব লগা হ’ল৷ পুনৰ স্বপ্নভংগ৷ এই স্বপ্নভংগৰ বেদনাৰ মাজতেই নতুন সপোন গঢ়াৰ আশা দেখুৱাইছিল অনুৰ্ধি- ২১ দলে৷

ইউৰোৰ অনুর্ধ ২১ ৰ মূল পৰ্বত খেলা সেই দলটোৰ কেইবা গৰাকীও বৰ্তমান জাতীয় দলৰ সদস্য৷ তিমু পুক্কিৰ বাদে আন কোনো এজনেই বিশেষ একো কৰিব নোৱাৰিলে যদিও অঘটন ঘটোৱাৰ বাবে দলটোৰ সম্ভাৱনা খুৱেই প্ৰবল৷ সম্নুখত বেলজিয়াম, ডেনমাৰ্ক, ৰাছিয়াৰ দৰে শক্তি৷ এই কঠিন বাধা অতিক্ৰম কৰাত তেওঁলোকৰ ভৰষা কেৱল পুক্কি ৷ বাচনি পৰ্বৰ ২৬ টা গ’লৰ ১০ টাই কৰিছে তেওঁ৷ যোৱা বছৰ বিশ্ব চেম্পিয়ন ফ্ৰান্সক ২-০ গ’লত পৰাস্ত কৰি চমক দিছিল ফিনলেণ্ডে৷ সকলোৰে আশা চমকৰ এই ধাৰা অব্যাহত ৰাখিব বাল্টিক সাগৰৰ উপকুলবৰ্তী এই দেশে৷

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

twenty − sixteen =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Archives list

Recent Comments