অলিম্পিকত অংশগ্ৰহণ কৰা ভাৰতৰ প্ৰথমগৰাকী জিমনাষ্ট

অলিম্পিয়া প্রতিবেদন

২০১৬ চনৰ ১৪ আগষ্টৰ দিনা সমগ্ৰ ভাৰতবাসীৰ দৃষ্টি আছিল দীপা কৰ্মকাৰৰ ওপৰত ৷ জিমনাষ্টিক বুজি পায় নে নাপায় সেই লৈ কোনো ভ্ৰুক্ষেপ নাই৷ মুঠতে ভাৰতীয় ছোৱালী এজনীয়ে অলিম্পিকৰ পদক জিকাৰ এটা সুযোগ পাইছে, সেয়ে উৎসাহ জনাব লাগে আৰু পাৰিলে পদক আজুৰি আনিব লাগে। এয়াই আছিল বহু ভাৰতীয়ৰ একমাত্ৰ আকাংক্ষা।

জিমনাষ্টিকে ভাৰতীয় ক্ৰীড়াপ্ৰেমীক প্ৰথমবাৰৰ বাবে কেতিয়া আকৰ্ষিত কৰিছিল সেই ছবি তেনেই ধূসৰ। ২০১৬ চনৰ ৰিঅ’ অলিম্পিকৰ আগলৈ জিমনাষ্টিকক লৈ ভাৰতবাসীৰ উৎসুকতা বৰ বেছি নাছিল বুলিলেও ভুল নহব। টিভিৰ পৰ্দাত বিদেশী খেলুৱৈৰ জিমনাষ্টিকৰ অনুপম কলা উপভোগ কৰাতেই ভাৰতবাসীৰ উৎসুকতা সীমাবদ্ধ আছিল। কিয়নো ভাৰতীয়ৰ মনত উৎসুকতাৰ সৃষ্টি কৰিব পৰাকৈ কোনো ভাৰতীয় জিমনাষ্টে বিশ্বৰ ক্রীড়াক্ষেত্ৰত নিজৰ নাম উজলাবলৈ সক্ষম হোৱা নাছিল।

কিন্তু দীপা কৰ্মকাৰৰ আগতেও আন এজন ভাৰতীয়ই দুখনকৈ অলিম্পিকত ভাগ লবলৈ সক্ষম হৈছিল। ক্রীড়াক্ষেত্ৰত বেছি চৰ্চিত নোহোৱা সেইগৰাকী জিমনাষ্ট আছিল এগৰাকী সেনা বিষয়া। তেওঁ আছিল কেপ্টেইন অনন্ত ৰাম ডোগৰা। কেপ্টেইন ডোগৰা হৈছে সেইজন জিমনাষ্ট যি দুখনকৈ অলিম্পিকত ভাৰতৰ হৈ ভাগ ল’বলৈ সক্ষম হৈছিল। ১৯৫৬ চনৰ মেলবৰ্ণ তথা ১৯৬৪ চনৰ টকিঅ’ অলিম্পিক।

দৰাচলতে ১৯৬০ চনৰ ৰোম অলিম্পিকৰ বাবেও কেপ্টেইন ডোগৰা নিৰ্বাচিত হৈছিল ৷ সেই অলিম্পিকৰ বাবে পাতিয়ালাত শিবিৰ চলি থাকোতেই সেনাই জৰুৰীকালীন ভাবে সকলো ছুটি বাতিল কৰাৰ বাবে সেইবাৰ ভাৰতে অলিম্পিকলৈ জিমনাষ্টিকছত কোনো দল পঠিয়াব নোৱাৰিলে ৷

এটা কথা ঠিক যে অংশ গ্ৰহণ কৰা দুই অলিম্পিকতেই কেপ্টেইন ডোগৰাৰ প্ৰদৰ্শন বৰ চকুত লগা বিধৰ নাছিল যদিও ভাৰতত সেই সময়ত জিমনাষ্টিক তেনেই চালুকীয়া অৱস্থাত আছিল ৷ কিমান ভাৰতীয়ই জিমনাষ্টিক বুলি এবিধ খেল আছে বুলি জানিছিল তাৰ ওপৰতেই সন্দেহ আছিল ৷ তেনে অৱস্থাৰ পাছতো এজন ভাৰতীয় জিমনাষ্টে দুবাৰকৈ অলিম্পিকলৈ নিৰ্বাচিত হোৱা কথাটোৱেই এটা সাফল্য বুলি গণ্য কৰিব পৰা যায় ৷

হিমাচল প্ৰদেশৰ মূল নিবাসী অনন্ত ৰাম ডোগৰাই ১৯৪৭ চনত আম্বালা কেন্টনমেন্টত হাবিলদাৰৰ পদত সেনা বাহিনীত যোগদান কৰিছিল ৷ পিছলৈ আৰ্মী ইনষ্টিটিউট অৱ ফিজিকেল ট্ৰেইনিঙত যোগ দিয়া অনন্ত ৰামে ১৯৫৪-৫৫ প্ৰথম বাৰৰ বাবে ৰাষ্ট্ৰীয় জিমনাষ্টিক ছেম্পিয়নশ্বিপত অংশ গ্ৰহণ কৰিছিল ৷ সেইবাৰ তেওঁ ফ্লোৰ এক্সাৰছাইজত স্বৰ্ণ পদক বুটলিবলৈ সক্ষম হৈছিল ৷

তেতিয়াৰে পৰা ১৯৬৬ চনলৈ তেখেতে সেনাৰ হৈ ৰাষ্ট্ৰীয় পৰ্য্যায়ৰ জিমনাষ্টিকছত ভালেমান পদক বুটলিবলৈ সক্ষম হৈছিল ৷

অলিম্পিকত দুবাৰ (১৯৫৬ আৰু ১৯৬৪ চন) কৈ অংশ গ্ৰহণ কৰিবলৈ যোগ্যতা অৰ্জন কৰাৰ বিৰল সন্মান লাভ কৰা তেখেত প্ৰথম ভাৰতীয় খেলুৱৈ ৷

Leave a Reply

Your email address will not be published. Required fields are marked *