Friday, September 30, 2022
HomeNewsজন্মদিন বিশেষ: ৰঞ্জি ট্ৰফীত অসমৰ হৈ প্ৰথমটো ৰান সংগ্ৰহ কৰা ক্ৰিকেটাৰজন, মুস্তাক...

জন্মদিন বিশেষ: ৰঞ্জি ট্ৰফীত অসমৰ হৈ প্ৰথমটো ৰান সংগ্ৰহ কৰা ক্ৰিকেটাৰজন, মুস্তাক আলীৰে আছিল যাৰ বন্ধুত্ব

অলিম্পিয়া বিশেষ লেখা

✍️ পূৰ্ণানন্দ নেওগ

( লেখাটো চিৰঞ্জীৱ শৰ্মা আৰু জিন্তু বৰঠাকুৰৰ গ্ৰন্থ ‘ৰঞ্জি ক্ৰিকেটত অসম সন্তান’ৰ সহায়ত প্ৰস্তুত কৰা হৈছে।)

এক বিৰল সন্মানৰ অধিকাৰী তেওঁ। অসমৰ ৰঞ্জি ক্ৰিকেটৰ ইতিহাসৰ প্ৰথমটো বলৰ সন্মুখীন হৈছিল তেওঁ। সংগ্ৰহ কৰিছিল ৰঞ্জি ইতিহাসৰ প্ৰথমটো ৰান। ১৯৪৮-৪৯ ছিজনত অসমে ৰঞ্জি ইতিহাসৰ প্ৰথমখন খেলত ভাগ লৈছিল। শ্বিলঙত অনুষ্ঠিত সেই মেচখনত ইউনাইটেড প্ৰ’ভিন্সৰ বিৰুদ্ধে অৱতীৰ্ণ হৈছিল অসম দলটো। সেই খেলতে অপেনিং বেটছমনৰ ভূমিকাত অৱতীৰ্ণ হৈছিল তেওঁ। তেওঁ আছিল নৱ কমল ভূঞা। এন কে ভূঞা নামেৰেই জনপ্ৰিয় তেওঁ। সেই ঐতিহাসিক খেলখনত ভূঞাৰ লগতে অংশ লৈছিল অসমৰ অমলেন্দু গুহ ৰয়, নলিনী (পিলীক)চৌধুৰী আৰু প্ৰাক্তন ৰাষ্ট্ৰপতি ফকৰুদ্দিন আলী আহমেদৰ ভাতৃ এ আহমেদ।

১৯২৭ চনৰ ১০ জুলাইত ডিব্ৰুগড়ত জন্ম লাভ কৰিছিল এন কে ভূঞাই। তেওঁ প্ৰতিদ্বন্দিতামূলক খেলত আত্মপ্ৰকাশ কৰিছিল আন্তঃস্কুল প্ৰতিযোগিতাৰ জৰিয়তে। প্ৰথমখন প্ৰতিযোগিতামূলক খেলত অৱতীৰ্ণ হৈছিল নগাঁও স্কুলৰ হৈ ১৯৩৯-৪০ চনত। কলেজীয়া শিক্ষাৰ সময়ছোৱাত তেওঁ কলকাতাৰ চেইণ্ট প’লছ আৰু কটন কলেজৰ হৈ বিভিন্ন প্ৰতিযোগিতাত অংশ লৈছিল। ভূঞা আছিল গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰথমজন ক্ৰীড়া সম্পাদক। গুৱাহাটী বিশ্ববিদ্যালয়ৰ ফুটবল আৰু ক্ৰিকেট উভয় দলৰে তেওঁ অধিনায়ক আছিল।ঐতিহ্যমণ্ডিত গুৱাহাটী টাউন ক্লাব আৰু গুৱাহাটী জিলা দলক তেওঁ নেতৃত্ব দিছিল।

ক্ৰমে ২২ আৰু ৯২ বছৰীয়া নৱ কমল ভূঞা
উৎস: নৱ কমল ভূঞাৰ ফেচবুক

ভূঞাৰ জীৱনৰ আন এক উল্লেখযোগ্য কৃতিত্ব আছিল যে তেওঁ গুৱাহাটী আৰু শ্বিলঙত হ’লকাৰৰ বিৰুদ্ধে দুখন প্ৰীতি মেচত অংশ লৈছিল য’ত তেওঁ ভাৰতৰ প্ৰখ্যাত খেলুৱৈ চি কে নাইডু, মুস্তাক আলী, চি টি চালৱালে আদিৰ বিৰুদ্ধে খেলাৰ সুযোগ লাভ কৰিছিল। আনকি নিজৰ ক্ৰীড়া জীৱনত তেওঁ মুস্তাক আলীৰ পৰা বেটিঙৰ টিপছো আয়ত্ত কৰিছিল। অৱশ্যে ক্ৰিকেট কেৰিয়াৰ বৰ বেছি দীঘলীয়া নাছিল তেওঁৰ। পিছত তেওঁ অতিৰিক্ত আৰক্ষী অধীক্ষক হিচাবে চাকৰিত যোগদান কৰে।

পৰৱৰ্তী কালত তেওঁ ইংলেণ্ডৰ এটা বহুজাতিক কোম্পেনীত যোগ দিয়ে। তাত তেওঁ কোম্পেনীৰ হৈও খেলিবলৈ লয়। জে এল এল নামৰ কোম্পেনীটোত সেই সময়ত ৱেষ্ট ইণ্ডিজৰ তিনিজনকৈ টেষ্ট খেলুৱৈ আছিল। ইংলেণ্ডত তেওঁ স্থানীয় ক্ৰিকেটতো অংশ লৈছিল।

ক্রিকেটৰ লগতে এথলেটিকছৰো এজন সুদক্ষ খেলুৱৈ আছিল তেওঁ। গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰথম এথলেটিকছ চেম্পিয়ন জনেই আছিল এন কে ভূঞা। ক্ৰিকেটৰ মুস্তাক আলী আৰু ফুটবলৰ শৰৎ দাস আছিল তেওঁৰ প্রিয় খেলুৱৈ। লেখক হিচাবেও নৱ কুমাৰ ভূঞাৰ অৱদান লেখত ল’বলগীয়া। তেওঁ লিখি উলিয়ায় An Immature Democracy through the eyes of an Aam admi শীৰ্ষক গ্ৰন্থখনিও। ২০১২ চনত তেওঁ লাভ কৰে ‘কমল কুমাৰী নেচনেল এৱাৰ্ড’ৰ সন্মান।

কমল কুমাৰী ৰাষ্ট্ৰীয় বঁটা গ্ৰহণৰ মুহূৰ্তত ভূঞা

অসমৰ সেই গৰাকী ক্ৰীড়াবিদৰে আজি জন্মদিন। নৱ কমল ভূঞাই আজি ৯৩ বছৰত ভৰি দিলে। পৱিত্ৰ দিনটোত অলিম্পিয়া ক্ৰীড়া আলোচনীৰ তৰফৰ পৰা এই লেখাৰ জৰিয়তে তেওঁলৈ শ্ৰদ্ধা আৰু শুভেচ্ছা জ্ঞাপন কৰিলোঁ।

৯৩ তম জন্মদিন উদযাপনৰ মুহূৰ্ত
- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

5 × 5 =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments