Tuesday, October 4, 2022
HomeNewsক্ৰিকেট প্ৰেমীৰ চকু কপালত তোলা ক্ৰিকেট বিশ্বৰ পাঁচটা বিতৰ্ক; শুনিলে আপুনিও আচৰিত...

ক্ৰিকেট প্ৰেমীৰ চকু কপালত তোলা ক্ৰিকেট বিশ্বৰ পাঁচটা বিতৰ্ক; শুনিলে আপুনিও আচৰিত হ’ব!

অলিম্পিয়া বিশেষ লেখা

✍️ পূৰ্ণানন্দ নেওগ

অনুৰাগীসকলৰ বাবে খেলুৱৈসকল ৰোল মডেল। বহুতে অন্ধ ভাৱে অনুসৰণ কৰে তেওঁলোকৰ প্রিয় খেলুৱৈজনক। কেৱল খেলপথাৰত দেখা পোৱা খেলুৱৈজনকে নহয়, খেলপথাৰ বাহিৰৰ খেলুৱৈজনকো জানিবলৈ উৎসুক হৈ থাকে অনুৰাগীসকল। কিন্তু, কেতিয়াবা খেলুৱৈৰ কৰ্মকাণ্ডই হতাশ কৰে অনুৰাগীসকলক। খেলুৱৈৰ অখেলুৱৈসুলভ আচৰণৰ বাবে লজ্জানত হয় অনুৰাগীসকল। ক্ৰিকেট ইতিহাসত এনে ঘটনা তেনেই সুলভ, যাৰ বাবে বহুতৰে প্রিয় ক্ৰিকেটাৰজনেও জনপ্ৰিয়তা হেৰুওৱাই নহয় বহু সময়ত নিন্দাৰ পাত্ৰও হব লগা হৈছে তেওঁলোক।

আহকচোন ক্ৰিকেট ইতিহাসৰ তেনে পাঁচটা বিতৰ্কিত ঘটনাৰ বিষয়ে জানো য’ত ক্ৰিকেটাৰ একোজন নায়কৰ শাৰীৰ পৰা পোনেই খলনায়কৰ শাৰীলৈ অৱনমিত হ’ব লগা হৈছিল।

১) হাৰ্চেল গিবছৰ বিতৰ্ক:

দক্ষিণ আফ্ৰিকাৰ বিস্ফোৰক বেটছমেন হাৰ্চেল গিবছক বেড বয় বুলিয়ে জনা গৈছিল। ২০১০ চনত এইজন প্ৰাক্তন ক্ৰিকেটাৰে এখন গ্ৰন্থ প্ৰকাশ কৰে। To The Point নামৰ গ্ৰন্থখনত তেওঁ প্রকাশ কৰে কেতবোৰ বিস্ফোৰক কথা। গ্ৰন্থখনত উল্লেখ কৰা মতে পূৰ্বতে তেওঁ বৰ বেয়াকৈ নিচাসক্ত আছিল যাৰ বাবে আনকি তেওঁ ৰিহেবিলিটেছন কেন্দ্ৰতো কটাবলগীয়া হৈছিল। তাৰোপৰি হাঞ্চে ক্ৰনিয়া মেচ ফিক্সিঙত ধৰা পৰাৰ সমান্তৰালকৈ হাৰ্চেল গিবছো মেচ ফিক্সিঙত ভূমিকা থকাৰ অপৰাধত ছয় মাহ নিলম্বনৰ সন্মূখীন হ’বলগীয়া হৈছিল। ইয়াৰ বাহিৰেও গ্ৰন্থখনত আন কেতবোৰ আপত্তিজনক কথা প্ৰকাশ কৰিছিল হাৰ্চেল গিবছে। নিজৰ জীৱনকালত গ্ৰুপ ছেক্সৰ দৰে কৰ্মত ভাগ লোৱাৰ কথা ঘোষণা কৰিছিল গিবছে। তাৰোপৰি বিশ্ব ক্ৰিকেট ইতিহাসৰ এখন অন্যতম শ্ৰেষ্ঠ মেচ য’ত অষ্ট্ৰেলিয়াৰ বিশাল ৪৩৬ ৰানৰ লক্ষ্য আগত লৈ দক্ষিণ আফ্ৰিকাই ৩৩৮ ৰান সংগ্ৰহ কৰি বিজয় সাবস্ত্য কৰিছিল সেইখন মেচত দৰ্শনীয় ১৭৫ ৰানৰ ইনিংছ খেলিছিল। সেইখন মেচ হেনো গিবছে মদৰ নিচাৰ মাজতে খেলিছিল। গিবছৰ এনে কথাবোৰে সেই সময়ত তেওঁৰ অনুৰাগীসকলৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছিল।

) শ্বেন ৱাৰ্ণৰ ড্ৰাগ আসক্তি তথা যৌন ব্যভিচাৰিতা:

শ্বেন ৱাৰ্ণ কেৱল অষ্ট্ৰেলিয়াৰে নহয় বিশ্বৰে এগৰাকী অন্যতম শ্ৰেষ্ঠ স্পীনাৰ আছিল। খেলপথাৰৰ সমান্তৰালকৈ তেওঁ খেলপথাৰৰ বাহিৰতো সঘনাই চৰ্চাত থাকিছিল। সমগ্ৰ জীৱন বিতৰ্কৰ মাজতে আবদ্ধ আছিল শ্বেন ৱাৰ্ণৰ। যৌন কেলেংকাৰীৰ পৰা আৰম্ভ কৰি ড্ৰাগছ কেলেংকাৰীলৈ বিতৰ্কৰ এক দীঘলীয়া অধ্যায়। ২০০৩ চনৰ বিশ্বকাপৰ ঠিক আগে আগে শ্বেন ৱাৰ্ণৰ বিৰুদ্ধে নিষিদ্ধ দ্ৰব্য সেৱনৰ অভিযোগ উঠিল। অভিযোগ প্ৰমাণ হোৱাত এবছৰলৈ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা নিষিদ্ধ হৈছিল ৱাৰ্ণ।

৩) হৰভজন সিঙৰ মংকিগেট মন্তব্য:

আক্ৰমণাত্মক ব্যক্তিত্বৰ অধিকাৰী ভাৰতৰ স্পীনাৰ হৰভজন সিঙো সময়ে সময়ে বিতৰ্কৰ আৱৰ্তত সোমাই পৰে। সেয়া কোনো নতুন কথা নহয়। ২০০৮ চনত অষ্ট্ৰেলিয়া ভ্ৰমণকাৰী ভাৰতীয় দলটোৱে টেষ্ট শৃংখলাত অংশ লৈছিল। ছিডনীত অনুষ্ঠিত এখন টেষ্টত সেইবাৰ হৰভজন সিং আৰু অষ্ট্ৰেলিয়াৰ এন্দ্ৰিঅ’ ছাইমণ্ডছৰ মাজত সূত্ৰপাত হোৱা বিবাদে সমগ্ৰ ক্ৰীড়া বিশ্বকে স্তম্ভিত কৰি তুলিছিল। ছাইমণ্ডছে হৰভজনৰ বিৰুদ্ধে অভিযোগ আনিছিল শাৰীৰিক অবয়বক লৈ ঠাট্টা কৰাৰ। সেই বিবাদ নিস্পতি কৰিবলৈ আনকি এখন কমিটিও গঠন কৰি দিয়া হৈছিল। শচীন টেণ্ডুলকাৰ সাক্ষী ৰূপত অৱতীৰ্ণ হ’ব লগা হৈছিল সেই কমিটিৰ আগত। ইয়াৰ উপৰিও আই পি এল দল কিংছ ইলেভেন পঞ্জাৱত থাকোতে সতীৰ্থ শ্ৰীসান্তক প্ৰহাৰ কৰাৰ দৰে ঘটনাও ঘটিছিল। যি ঘটনাই অনুৰাগীসকলক নাৰাজ কৰি তুলিছিল।

৪) আই পি এলৰ স্পট ফিক্সিং আৰু শ্ৰীসান্ত:

২০১৩ চনত আই পি এলৰ স্পট ফিক্সিঙৰ ঘটনাই ক্ৰিকেটপ্ৰেমী স্তম্ভিত কৰি তুলিছিল। নিশাটোৰ ভিতৰতে শ্ৰীসান্ত সহিতে ৰাজস্থান ৰয়েলছৰ অংকিত চাৱন আৰু অজিত চান্দিলাক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি লৈ গৈছিল। তোলাপাৰ লাগিছিল ক্ৰিকেট বিশ্ব। অংকিত আৰু শ্ৰীসান্তক চিৰদিনৰ বাবে নিলম্বন কৰা হৈছিল আৰু অজিত চান্দিলা সন্মুখীন হৈছিল পাঁচ বছৰৰ নিষেধাজ্ঞাৰ। অৱশ্যে পিছলৈ শ্ৰীসান্ত এই অভিযোগৰ পৰা মুক্ত হয়। পুনৰ খেলপথাৰলৈ ঘূৰি অহাৰ মন মেলিছে সততে বিতৰ্কত থাকি ভাল পোৱা শ্ৰীসান্তে।

৫) বল উলমাৰৰ মৃত্যু:

২০০৭ চনত কেৰিবিয়ান ভূমিত অনুষ্ঠিত বিশ্বকাপ ক্ৰিকেটৰ সময়ছোৱাতে পাকিস্তান দলৰ প্ৰশিক্ষক বব উলমাৰৰ অস্বাভাৱিক মৃত্যুৰ ঘটনাই সমগ্ৰ ক্ৰিকেট বিশ্বকে জোকাৰি গৈছিল। প্ৰথমতে সকলোৱে হৃদ ক্ৰীড়া বন্ধ হৈ মৃত্যু হোৱা বুলি ভাবিছিল যদিও উলমাৰৰ মৃত্যুত ৰহস্যৰ গোন্ধ পাইছিল বহুজননে। সেয়ে ১১ জনীয়া তদন্ত কমিটি পৰ্যন্ত গঠন কৰা হৈছিল এই মৃত্যুৰ তদন্তৰ বাবে। কিন্তু তদন্তৰ ফলাফলত বৰ বিশেষ একো ওলোৱা নাছিল। আজিও ৰহস্যৰ আৱৰ্ততে থাকি গল সেই মৃত্যু।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

three × 1 =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments