Friday, September 30, 2022
HomeNewsগেৰুৱা হল ডব্লিউ ডব্লিউ ই তাৰকা ৰেষ্টলাৰ দ্য গ্ৰেট খালী

গেৰুৱা হল ডব্লিউ ডব্লিউ ই তাৰকা ৰেষ্টলাৰ দ্য গ্ৰেট খালী

অলিম্পিয়া প্ৰতিবেদন

গেৰুৱা হল ডব্লিউ ডব্লিউ ই তাৰকা ৰেষ্টলাৰ দ্য গ্ৰেট খালী । ৰেষ্টলিঙৰ পৃথিৱীৰ পৰা আহি বিজেপিত যোগদান । যোগদান কৰিয়েই বিজেপিৰ প্ৰশংসাত পঞ্চমুখ খালী ।

নাম তেওঁৰ দলীপ সিং ৰাণা । কিন্তু বিশ্ববাসীয়ে চিনি পাই তেওঁক দ্য গ্ৰেট খালী হিচাপে । বিগত কেইবা দশক জুৰি ডব্লিউ ডব্লিউ ইৰ ৰিঙৰ ভিতৰত প্ৰদৰ্শন কৰিছে নিজৰ বিক্ৰম । তেওঁৰ আছে উচ্চতা আৰু বৃহৎ শৰীৰ । বিশ্বৰ বহু বাঘা বাঘা ৰেষ্টলাৰো তেওঁৰ সন্মুখত হৈ পৰে তচনচ । প্ৰায় ৪৯ বছৰীয়া এইগৰাকী তাৰকা ৰেষ্টলাৰ হিমাচল প্ৰদেশৰ বাসিন্দা । ৰেষ্টলিঙ জগতলৈ অহাৰ আগত তেওঁ আছিল পাঞ্জাব আৰক্ষীৰ সহ আৰক্ষী অধীক্ষক । লগতে কেইবাখনো হলিউদ আৰু বলিউডৰ ছবিত অভিনেতা হিচাপে ভূমুকি মাৰিছিল খালীয়ে ।
কিন্তূ এইবাৰ ৰাজনীতিলৈ মন মেলিলে তাৰকা ৰেষ্টলাৰ গৰাকীয়ে । বৃহস্পতিবাৰে দিল্লীত বিজেপিত যোগদান কৰিলে খালীয়ে । দলৰ বিষয়-ববীয়াই উষ্ম আদৰণি জনালে দুৰ্ধৰ্ষ ৰেষ্টলাৰ দ্য গ্ৰেট খালীক ।

বিজেপিত যোগদান কৰিয়েই খালীয়ে প্ৰকাশ কৰিলে মনোভাৱ । তেওঁ কয় ” বিজেপিত যোগদান কৰি ভাল লাগিছে । এনেকুৱা দেশ নাই, য’ত মই ৰেষ্টলিং কৰা নাই ।ইচ্ছা কৰিলে আমেৰিকাতে থাকিব পাৰিলোহেঁতেন । ভাৰতলৈ ঘূৰি আহিছো কাৰণ দেশমাতৃৰ প্ৰতি মোৰ অগাধ দেশপ্ৰেম আছে”।

বিজেপিত যোগদান কৰিয়েই প্ৰথম দিনটোতে সংবাদমাধ্যমৰ আগত প্ৰধানমন্ত্ৰীৰ প্ৰশংসাত পঞ্চমুখ খালী । লগতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু বিজেপিৰ নীতিৰ প্ৰতি আকৃষ্ট হৈ এই সিদ্ধান্ত গ্ৰহণ কৰা বুলি উল্লেখ কৰে তেওঁ ।

এগৰাকী ব্যক্তি হিচাপে নিজৰ বিচাৰ-বিবেচনাৰে প্ৰতি ক্ষেত্রৰ পৰা যিকোনো দলত যোগদান কৰিবলৈ থাকে নিজস্ব অধিকাৰ । বিজেপিত যোগদান কৰিলেও খালীয়ে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ ক্ৰীড়া জগতত যি আধিপত্য বিস্তাৰ কৰিলে, সেয়া চিৰস্মৰণীয় । বিশ্বৰ প্ৰতি কোণত ডব্লিউ ডব্লিউ ই তাৰকা হিছাপে দ্য গ্ৰেট খালী হৈ থাকিব চিৰপ্ৰসিদ্ধ ।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

ten + 11 =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments