Friday, September 30, 2022
HomeNewsঅলিম্পিয়া আৰ্কাইভ:দ্য হিন্দুৰ এটা বাতৰি,এটা হত্যাকাণ্ড আৰু অসম ক্ৰিকেট!

অলিম্পিয়া আৰ্কাইভ:দ্য হিন্দুৰ এটা বাতৰি,এটা হত্যাকাণ্ড আৰু অসম ক্ৰিকেট!

অসমৰ এজন প্ৰতিভাৱান ক্ৰিকেটাৰক লৈ ভাৰতৰ প্ৰখ্যাত বাতৰি কাকত দ্য হিন্দুয়ে এটা বাতৰি কৰিছিল। হয়টো সেয়া আছিল ১৯৯২ ৰ কথা। বাতৰিটোত উল্লেখ কৰিছিল এইদৰে, ” Assam Ranji new new ball bowler Ijaj Hussain ( representing rising stars CC) a MRF Pace Foundation product , made an impressive debute in the league when he claimed the first four wicket.”। প্ৰতিভাৱান খেলুৱৈ ইজাজ হুছেইনৰ কথা এনেদৰে কৈছিল কাকতখনে। কেৰিয়াৰ আৰম্ভ কৰিছিলহে ইজাজে। কেইখনমানহে মেচত ভাগ লৈছিল তেতিয়ালৈকে। তথাপি সকলোৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছিল। ১৯৮৯ চনত বিজয় মাৰ্চেন্ট ট্ৰফীত অসমক প্ৰতিনিধিত্ব কৰে তেজপুৰত জন্মলাভ কৰা এইজন ক্ৰিকেটাৰে। ত্ৰিপুৰাৰ বিৰুদ্ধে উক্ত মেচত উভয় ইনিংছতে ৫ টাকৈ উইকেট দখল কৰিছিল ফাষ্ট বলাৰজনে। ১৯৯০ চনটো বিজয় হাজাৰে ট্ৰফীত দুৰ্দান্ত প্ৰদৰ্শন দাঙি ধৰিছিল ইজাজে। ১৯৯১ চনত তাৰেই সুবাদত এম আৰ এফ পেচ ফাউণ্ডেচনৰ আমন্ত্ৰণ লাভ কৰে এইগৰাকী ক্ৰিকেটাৰে। এম আৰ এফ ফাউণ্ডেচনৰ পৰাই তামিলনাডু দললৈ নিৰ্বাচিত হৈছিল ইজাজ। ১৯৯২ চনত দলটোৰ হৈ মুম্বাইৰ বিৰুদ্ধে অংশ লোৱা এখন খেলত ইজাজে ৪৩ ৰানৰ বিনিময়ত ৮ টাকৈ উইকেট হস্তগত কৰিছিল। এই প্ৰদৰ্শনৰ পাছতেই দ্য হিন্দু কাকতত সেই বাতৰি প্ৰকাশিত হৈছিল। ক্ৰমাগত সফলতাই এক উজ্জ্বল ভৱিষ্যতৰ ইংগিত দিছিল। ১৯৯২ চনতে ৰঞ্জি ক্ৰিকেটতো অভিষেক ঘটে ইজাজৰ। অসমৰ হৈ ৮ খনকৈ মেচত অংশ লৈছিল ইজাজে। এক প্ৰতিশ্ৰুতিৰে আৰম্ভ হোৱা ইজাজৰ কেৰিয়াৰ অৱশ্যে বৰ বেছি দীঘলীয়া ন’হল। তাৰ কাৰণ বা কি আছিল সেয়া জনা নাযায়। ২০০৩ চন। তেতিয়ালৈকে ক্ৰিকেটৰ পৰা ক্ৰমাৎ আঁতৰি আহিছিল ইজাজ। সেই বৰ্ষতেই দুখজনকভাৱে মৃত্যক সাবটিছিল এইজন প্ৰাক্তন ক্ৰিকেটাৰে। নিজ ঘৰৰ ওচৰতে ক্ৰিকেটাৰ ইজাজক হত্যা কৰা হৈছিল। সৰ্বত্ৰে এই হত্যাকাণ্ডৰ চৰ্চা হৈছিল। কোনে কিয় ইজাজক হত্যা কৰিছিল সেই কথা গম পোৱা নাযায় যদিও এগৰাকী প্ৰতিভাৱান ক্ৰিকেটাৰৰ এনে অপমৃত্যুয়ে সেই সময়ৰ ক্ৰীড়ামহলত চাঞ্চল্যৰ সৃষ্টি কৰিছিল।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

seventeen + two =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments