Friday, September 30, 2022
HomeNewsজন্মদিন বিশেষ: যমুনা বড়োৰ সংগ্ৰামী জীৱনৰ কিছু খতিয়ান

জন্মদিন বিশেষ: যমুনা বড়োৰ সংগ্ৰামী জীৱনৰ কিছু খতিয়ান

অলিম্পিয়া বিশেষ লেখা

যমুনা বড়ো। অসমৰে নহয় ভাৰতৰ বক্সিং ক্ষেত্ৰৰ এক উজ্জ্বল প্ৰতিভাৰ নাম। এইগৰাকী প্ৰতিভাধৰ বক্সাৰৰ আজি জন্মদিন। আজি তেওঁৰ জন্মদিনটোত জানো আহক যমুনা বড়োৰ জীৱনৰ কিছু কথা।

মাতৃৰ সৈতে যমুনা

যমুনাৰ ঘৰ শোণিতপুৰ জিলাৰ বেলশিৰি গাঁৱত। দৰিদ্ৰতাৰ সৈতে প্ৰতিভাৰ কোনো সম্পৰ্ক নাই। যদিও সেই প্ৰতিভাক সাৰ পানী যোগাই পূৰ্ণতাপ্ৰাপ্তিৰ দিশে আগবঢ়াই লৈ যোৱাত আৰ্থিক দিশটোৱে নিজা ভূমিকা পালন কৰে। যমুনাৰো সমস্যা হৈছিল তাতেই। কেৱল ১০ বছৰ বয়সতে পিতৃক হেৰুৱাইছিল যমুনাই। তেতিয়াৰ পৰা মাতৃৰ ছত্ৰছায়াতে ডাঙৰ দীঘল হৈছিল যমুনা। যমুনাৰ সৈতে তিনিটা পৰিয়ালক পোহপাল দিয়াৰ বাবে মাতৃয়ে বজাৰত পাচলি বিক্ৰী কৰিব লগা হৈছিল। স্বাভাৱিকতেই এক সংগ্ৰামৰ জীৱন আছিল সেয়া যমুনাৰ বাবে। তথাপি তেজত বৈ থকা প্ৰতিভাৰ কোবাল ধাৰাক ৰাখোৱাৰ সাধ্যই বা আছে কাৰ?

যমুনাৰ চুবুৰীয়াৰ কেইজনমান ল’ৰাই নিতৌ আবেলি উশ্বুৰ অনুশীলন কৰিছিল। সিহঁতকে দেখি যমুনায়ো খেলিবলৈ লৈছিল উশ্বু। খুউব সোনকালেই খেলবিধ আয়ত্ব কৰি লোৱা যমুনাই জিলা পৰ্য্যায়ৰ উশ্বু প্ৰতিযোগিতা এখনত সোণৰ পদক কঢ়িয়াই আনিবলৈও সক্ষম হয়। সেই সময়ত যমুনাক প্ৰায়োজন আছিল উন্নত প্ৰশিক্ষণৰ। কিন্তু গাঁৱত উশ্বুৰ প্ৰশিক্ষণৰ কোনো সু ব্যৱস্থা নাছিল। তেনে সময়তে স্থানীয় প্ৰশিক্ষক জেচেশমিক আৰু হনক বড়োয়ে যমুনাক দেখুৱাই দিলে ছাইলৈ বুলি যোৱাৰ বাট।

‘ছাই’ত ভৰি দিয়েই যমুনাৰ ভাগ্যৰ চকৰি সলনি হৈ পৰিছিল। ‘ছাই’ত আহিয়েই উশ্বুৰ পৰা বক্সিঙৰ ৰিঙত ভৰি দিলে যমুনাই। যমুনাৰ বক্সিঙত প্ৰথমটো খিতাপ আহে ২০১০ত তামিলনাডুত অনুষ্ঠিত ছাব জুনিয়ৰ ৱ’মেনচ নেশ্বনেল বক্সিং চেম্পিয়নশ্বিপত।

তাৰ পিছত ইটোৰ পিছত সিটো পদক জয়েৰে কেৰিয়াৰত এঢাপ এঢাপকৈ আগুৱাই যায় যমুনা। ২০১৮ চনত বেলগ্ৰেড চেম্পিয়নশ্বিপতো অংশগ্ৰহণ কৰি ৰূপৰ পদক জয় কৰে যমুনাই। ২০১৯ চনত গুৱাহাটীত অনুষ্ঠিত ইণ্ডিয়া অপেন ইন্টাৰনেচল বক্সিং টুৰ্ণামেণ্টত ৫৪ কেজি শাখাত যমুনাই স্বৰ্ণ লাভ কৰিবলৈ সক্ষম হয়। অতি শেহতীয়াকৈ যমুনাই ৰাছিয়াত অনুষ্ঠিত ৱৰ্ল্ড বক্সিং চেম্পিয়নশ্বিপত ব্ৰঞ্জ পদক অৰ্জন কৰি পুনৰ ৰাজ্যখনলৈ গৌৰৱ কঢ়িয়াই আনে। উল্লেখযোগ্য যে এইখন আছিল যমুনাৰ প্ৰথমখন বিশ্ব চেম্পিয়নশ্বিপ। আৰু প্ৰথমখন চেম্পিয়নশ্বিপতে এনেদৰে পদক অৰ্জন কৰি সকলোৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হয় যমুনা।

যমুনাৰ এতিয়া পৰৱৰ্তী লক্ষ্য নিজৰ ওজন শাখাক ৫৭ লৈ সলনি কৰি অলিম্পিকৰ দৌৰত আগবঢ়া।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

13 + seven =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments