Thursday, July 7, 2022
HomeNewsআই পি এলত এৰাতিৰ ভিতৰতে কোটিপতি হ'ল টেম্প'চালকৰ পুত্ৰ

আই পি এলত এৰাতিৰ ভিতৰতে কোটিপতি হ’ল টেম্প’চালকৰ পুত্ৰ

অলিম্পিয়া প্ৰতিবেদন

আই পি এলত এৰাতিৰ ভিতৰতে কোটিপতি হ’ল টেম্প’চালকৰ পুত্ৰ। আই পি এলৰ নিলাম প্ৰক্ৰিয়াত ৰাজস্থান ৰয়েলছে ক্ৰয় কৰা চেতন চাকাৰিয়াৰ কাহিনী সকলোৰে বাবে হ’ব পাৰে প্ৰেৰণাৰ উৎস। দেশৰ ঐশ্বৰ্যশালী ক্ৰিকেট টুৰ্ণামেণ্ট আই পি এল বহুতৰ বাবে হৈ পৰিছে আৰ্শীবাদ। প্ৰতিবাৰ আই পি এলৰ নিলামত এই কথা প্ৰমাণ হৈ আহিছে। এফালে আই পি এলে যিদৰে বহু সপোনক উচিত ঠিকনা দিছে, ঠিক সেইদৰে দৰিদ্ৰতাৰে যুজঁ দি অহা এচাম ক্ৰিকেট প্ৰতিভাক ৰাতিটোৰ ভিতৰতে আই পি এলে কৰি তুলিছে কোটিপতি।

এইবাৰ আই পি এলৰ নিলামত ভাগ্য উদয় হ’ল সৌৰাষ্ট্রৰ ক্ৰিকেটাৰ চেতন চাকাৰীয়াৰ। সৌৰাষ্ট্রৰ হৈ ঘৰুৱা ক্ৰিকেটত উল্লেখযোগ্য প্ৰদৰ্শন আগবঢ়াই ক্ৰিকেট বিশেষজ্ঞৰ দৃষ্টি কাঢ়িবলৈ সক্ষম হোৱা চেতনৰ এই যাত্ৰা মুঠেই সহজ নাছিল। এটা অতি দৰিদ্ৰ পৰিয়ালৰ সন্তান চেতনে সৰুৰে পৰা যুজঁ দিব লগা হৈছে দৰিদ্ৰতাৰ সৈতে। চেতনৰ পিতৃ বৃত্তিত এজন টেম্প’চালক। টেম্প’ চলাই পৰিয়াল পোহপাল দিয়া পৰিয়ালটোত সৰুৰে পৰা চেতনে দেখিছে অনেক সমস্যা।

ৰাজস্থান ৰয়েলছে ক্ৰিকেটাৰগৰাকীক ২০২১ৰ নিলামত ১.২ কোটি টকাত ক্ৰয় কৰাৰ পিছতো আনন্দত উথলি উঠা নাছিল চেতন।কিয়নো নিজ ভাতৃক হেৰুওৱাৰ দুখ তেতিয়াও মাৰ যোৱা নাছিল যুৱ ক্ৰিকেটাৰগৰাকীৰ হৃদয়ৰ পৰা। উল্লেখযোগ্য যে কেৱল এমাহ আগতে তেওঁৰ ভাতৃ ৰাহুলে আত্মহত্যা কৰিছিল।সেই সময়ত চেতন ব্যস্ত হৈ আছিল চৈয়দ মুস্তাক আলী ট্ৰফীত। ভাতৃৰ মৃত্যুৰ বাতৰি চেতনক জনোৱা হোৱা নাছিল। প্ৰতিযোগিতা সামৰি ঘৰলৈ উভতাৰ পিছতো চেতনক বহু দিনলৈ ঘৰৰ মানুহে জনোৱা নাছিল ভাতৃৰ মৃত্যুৰ কথা। ভাতৃৰ মৃত্যুয়ে চেতনৰ হৃদয়ত বৃহৎ শূন্যতাৰ সৃষ্টি কৰিছিল।

ইমানৰ পিছতো অৱশ্যে চেতন নিজ লক্ষ্যৰ পৰা আঁতৰি যোৱা নাছিল। দিন ৰাতি একাকাৰ কৰি ক্ৰিকেটৰ অনুশীলনত ব্যস্ত আছিল প্ৰতিভাৱান ক্ৰিকেটাৰগৰাকী। অৱশেষত কঠোৰ পৰিশ্ৰমৰ স্বীকৃতি হাতে হাতে লাভ কৰিলে চেতনে। ২০১৮ চনত সৌৰাষ্ট্রৰ হৈ ৰঞ্জি অভিষেক ঘটা চেতনে জীৱনৰ মেচৰ প্ৰথম ইনিংছতে পাঁচটা উইকেট লাভ কৰি নিৰ্বাচকৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছিল। সৌ সিদিনা অন্ত পৰা চৈয়দ মুস্তাক আলী ট্ৰফীতো উজলি উঠিছিল উদীয়মান ক্ৰিকেটাৰগৰাকী।

কেইদিনমান পিছতেই ৰাজস্থান ৰয়েলছৰ পিংক জাৰ্চিত দেখিবলৈ পোৱা যাব টেম্প’চালকৰ পুত্ৰ চেতনক। ৰাজস্থান ৰয়েলছৰ অভিজ্ঞ প্ৰশিক্ষকৰ অধীনত নৱাগত চেতন অনাগত সময়ত কিদৰে উজলি উঠে সেয়া হব লক্ষণীয়।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

3 × 5 =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Archives list

Recent Comments