Wednesday, July 6, 2022
HomeNewsবাছচালকৰ কন্যাই বাট বুলিলে অলিম্পিকলৈ!

বাছচালকৰ কন্যাই বাট বুলিলে অলিম্পিকলৈ!

অলিম্পিয়া প্রতিবেদন

টকিঅ’ অলিম্পিকৰ খেলুৱৈৰ তালিকাত অন্তৰ্ভূক্ত হ’ল আন এগৰাকী ভাৰতীয়ৰ নাম৷ প্ৰণতি নায়ক৷ ২০১৯ত মংগোলিয়াত অনুষ্ঠিত হৈছিল এছিয়ান আৰ্টিষ্টিক জিমনাষ্টিকছ চেম্পিয়নশ্বিপ৷ ইয়াত প্ৰণতিয়ে লাভ কৰিছিল ব্ৰঞ্জৰ পদক৷ এতিয়া সেই সফলতাই বাট মুকলি কৰি দিলে প্ৰণতিৰ৷

টকিঅ’ অলিম্পিকৰ বাবে যোগ্যতা নিৰ্ণায়ক এছিয়ান আৰ্টিষ্টিক জিমনাষ্টিকছ চেম্পিয়নশ্বিপ ক’ৰণা মহামাৰীৰ বাবে বাতিল হোৱাত ২০১৯ বৰ্ষৰ প্ৰদৰ্শনৰ ভিত্তিতে টকিঅ’ অলিম্পিকৰ বাবে যোগ্যতা অৰ্জন কৰে প্ৰণতিয়ে৷ আন্তৰ্জাতিক জিমনাষ্টিকছ ফেডাৰেচনে এই সম্পৰ্কত কোনো স্পষ্ট ঘোষণা নকৰিলেও প্ৰণতিৰ টকিঅ’ অলিম্পিকৰ টিকট নিশ্চিত৷ ইয়াৰ জৰিয়তে প্ৰণতি টকিঅ’ৰ বাবে যোগ্যতা অৰ্জন কৰা দ্বিতীয় গৰাকী জিমনাষ্টিক হিচাবে পৰিগণিত হয়৷

এখন অতি সাধাৰণ ঘৰৰ পৰা আহি টকিঅ’ অলিম্পিক এই যাত্ৰা মুঠেও সহজ নাছিল প্ৰণতিৰ৷ পৰিয়ালক ভৰণ পোষণ দিয়াৰ বাবে বাচ চালকৰ চাকৰি কৰা পিতৃয়ে কিন্তু প্ৰণতিৰ সপোন পুৰণৰ ৰাস্তাত আগুৱাই যোৱাৰ বাবে সকলো ধৰণৰ সহযোগিতাই আগবঢ়াইছিল৷ প্ৰণতিৰ মাতৃয়ে গৃহস্থী চম্ভালে৷

পশ্চিম বংগৰ ঝাৰগাম অঞ্চলৰ বাসিন্দা নায়ক পৰিয়ালৰ সন্তান প্ৰণতিৰ জিমনাষ্টিকছত ৰাপ সৰুৰে পৰাই৷ বিদ্যালয়ৰ ক্ৰীড়া শিক্ষকৰ পৰামৰ্শমতে ন বছৰ বয়স অতিক্ৰম কৰোতেই কলকাতালৈ গুছি অহা প্ৰণতিয়ে প্ৰথমে কিছু অসুবিধা পালেও অতি কম সময়ত চহৰখনৰ ক্ৰীড়া ক্ষেত্ৰখনৰ সৈতে মিলি গ’ল৷ দক্ষ প্ৰশিক্ষক মিনাৰা বেগমৰ পৰা ক্ষীপ্ৰতাৰে প্ৰণতি আয়ত্ব কৰিলে ললে জিমনাষ্টিকৰ কৌশলসমূহ৷ আচলতে প্ৰশিক্ষক মিনাৰা বেগমৰ সৈতে হোৱা সংযোগেই প্ৰণতিৰ কেৰিয়াৰৰ টাণিং পইণ্ট৷ প্ৰণতিৰ বাবে মিনাৰা ঈশ্বৰৰ দুতৰ দৰে৷ ক’বলৈ গলে নায়কৰ পৰিয়ালটোৰ বাবেও এক ডাঙৰ সকাহৰ নাম আছিল প্ৰশিক্ষক বেগম। প্ৰণতিৰ পঢ়া-শুনা, খোৱা-বোৱাৰ লগতে পকেট খৰচ দিয়া পৰ্যন্ত দায়িত্ব লৈছিল মিনাৰাই৷ প্ৰশিক্ষকৰ তত্ত্বাবধানত প্ৰণতিয়ে কঠোৰ শ্ৰম আৰু একনিষ্ঠতাৰ বলত দেশীয় জিমনাষ্টিকছৰ বাবে সোণকালেই নিজৰ বাবে এখন সুকীয়া আসন লবলৈ সক্ষম হয়৷

উন্নত প্ৰদৰ্শনৰ ধাৰাবাহিকতা ৰক্ষাৰ সুবাদত ভাৰতীয় ৰেলৱেত চাকৰি এটাৰ যোগাৰ কৰিলে প্ৰণতিয়ে৷ ২০১৯ এছিয়ান আৰ্টিষ্টিক জিমনাষ্টিকছৰ সেই পদকটোৱে প্ৰণতিক কেৱল ৰাষ্ট্ৰীয় স্বীকৃতি দিয়াই নহয় টকিঅ’ অলিম্পিকৰ বাটো মুকলাই দিলে৷ ইয়াকেই হয়তো ভাগ্য উদয় হোৱা বুলি কয়৷ যি নহওক প্ৰণতি টকিঅ’লৈ গলে দীপা কৰ্মকাৰৰ পিছতে অলিম্পিকত অংশ গ্ৰহণ কৰা দেশৰ দ্বিতীয় গৰাকী জিমনাষ্টি হিচাপে পৰিগণিত হব প্ৰণতি৷

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

nineteen − eighteen =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Archives list

Recent Comments