নিজা পোচাক নাই; সতীৰ্থ খেলুৱৈৰ প্ৰতাৰণা, তাৰ মাজতে পদক আজুৰি আনিছিল লাভলীনাই!


✍️ দেৱজিত ফুকন

আৰ্থিক অনাটনৰ মাজত ডাঙৰ দীঘল হোৱা লাভলীনাই স্কুলত পঢ়ি থাকোতে যিদৰে বায়েকহতৰ ইউনিফৰ্ম পিন্ধি স্কুল যাব লগীয়া হৈছিল ঠিক তেনেদৰে একেই অৱস্থাৰ সন্মুখীন হৈছিল বক্সিং ৰিঙতো ৷ সেইটা আছিল বক্সিং কেৰিয়াৰৰ আৰম্ভণিৰ সময়ৰ কথা ৷ কলিকতাত ৰাষ্ট্ৰীয় পৰ্যায়ৰ বক্সিং প্ৰতিযোগিতাত যোগদান কৰিবলৈ গৈছিল লাভলীনা ৷ কিন্তু নিজৰ বাবে নাছিল খেলৰ অতি প্ৰয়োজনীয় সামগ্ৰীসমূহ ৷ আনকি নিজাকৈ এজোৰ খেলৰ পোচাকো নাছিল ৷ যাত্ৰাৰ সময়ত এগৰাকী সতীৰ্থ খেলুৱৈয়ে তাইৰ পোচাকযোৰ নিজে খেলাৰ পাছত লাভলীনাক দিবলৈ মান্তি হৈছিল ৷ কিন্তু অসমৰ সেই খেলুৱৈ গৰাকী ৰাষ্ট্ৰীয় পৰ্যায়ৰ সেই প্ৰতিযোগিতাত প্ৰাৰম্ভিক পৰ্যায়তে পৰাজিত হৈছিল ৷ আচৰিত কথা খেলত পৰাজয়ৰ পাছত সেই খেলুৱৈ গৰাকীয়ে তাইৰ পোচাক লাভলীনাক দিবলৈ অমান্তি হল ৷ হয়তু ঈৰ্ষাত ৷ যাৰ ফলত লাভলীনাৰ বাবে প্ৰতিযোগিতাত যোগদান সেই সময়ত অসম্ভৱ হৈ পৰিছিল ৷ অৱশ্যে এগৰাকী জেষ্ঠ খেলুৱৈয়ে তেনে অৱস্থাত তেওঁৰ নিজৰ এজোৰ পোচাক লাভলীনালৈ আগবঢ়াই দিয়ে ৷ তেতিয়া লাভলীনাৰ বয়স মাথো ১৫ বছৰ ৷ গতিকে জেষ্ঠ খেলুৱৈ গৰাকীৰ পোচাকযোৰ বহুত ডাঙৰ আৰু জলহু ধৰণৰ হল ৷ কিন্তু আন কোনো বিকল্পও নাছিল লাভলীনাৰ সন্মুখত ৷ প্ৰচুৰ আত্মবিশ্বাস আৰু যিকোনো প্ৰত্যাহ্বানৰ সন্মুখীন হব পৰা যোগ্যতা থকা লাভলীনাক যেন কোনো প্ৰতিকুল পৰিৱেশেই বিচলিত কৰিব নোৱাৰে ৷ জেষ্ঠ খেলুৱৈৰ জলহু পোছাক আৰু আনৰ পৰা লোৱা গ্লোৱেৰেই সেই প্ৰতিযোগিতাত পদক আজুৰি আনিছিল লাভলীনাই ৷ অভাৱ অনাটন বা আন কোনো সমস্যাই বাধা দিব নোৱাৰা লাভলীনা কিছুদিন পূৰ্বে কভিডটো আক্ৰান্ত হৈছিল ৷ কিন্তু তাৰ মাজতো অব্যাহত ৰাখিছিল কঠোৰ প্ৰশিক্ষণ ৷ আজিৰ দিনটোত ইটালীত প্ৰশিক্ষণ গ্ৰহন কৰি থকা লাভলীনাৰ এনে অলেখ কাহিনীৰ মাজেৰে এই অৱস্থাত উপনিত হৈছেগৈ ৷ কিন্তু দুৰ্ভাগ্যৰ বিষয় অসমৰ সংবাদ পত্ৰ আৰু ছছিয়েল মিডিয়ত লাভলীনৰ কথাই যেনেদৰে গুৰুত্ব পাব লাগিছিল তেনেদৰে গুৰুত্ব লাভ নাই কৰা ৷ বিশ্ব চেম্পিয়নশ্বিপত ব্ৰঞ্জপদক লাভ কৰাৰ পাছতো বিজ্ঞাপন জগতত ভৰি দিয়াৰ সলনি নিজৰ লগতে মাক-দেউতাকৰ সপোনবোৰ বাস্তৱিক কৰিবলৈ কঠোৰ অনুশীলন অব্যাহত ৰাখিছে ৷ এইমুহূৰ্তত লাভলীনাক প্ৰয়োজন আপোনালোকৰ শুভকামনা আৰু আশীৰ্বাদৰ ৷ কালিলৈ লাভলীনৰ বিষয়ে তৃতীয় খণ্ডত আপোনালোকলৈ আগবঢ়াম লাভলীনাৰ জীৱনৰ আন কিছু অভিজ্ঞতা ৷

Leave a Reply

Your email address will not be published. Required fields are marked *