✍️ দেৱজিত ফুকন
সৰুৰে পৰা তাই ল'ৰাৰ দৰে থাকি ভাল পাইছিল ৷ বৰপথাৰ ছোৱালী হাইস্কুলৰ সেউজীয়া পাৰি লগা মেখেলাচাদৰ যোৰতকৈ তাইৰ প্ৰিয় হাফপেণ্ট ষ্পৰ্টিংহে ৷ ঘৰতো মতামানুহৰ কামবোৰ বেছিকৈ কৰে ৷ তেতিয়া দেউতাক কৰ্ম সূত্ৰে ঘৰৰ কৰা আতৰত থাকে ৷ লাভলীনাই সৰুতেই দুই জেষ্ঠ যমজ ভগ্নীৰ লগ লাগি সৰুকৈ চাহ বাগিচা এখনো গঢ়ি তুলিছিল ৷ তদুপৰি বাৰীৰ পিছফালে এটা পুখুৰীও খান্দি উলিয়াইছিল ৷ শাক পাচলি খেতি কৰিছিল ৷ কেৱল ঘৰত খোৱাই নহয় বৃহস্পতিবাৰৰ বৰপথাৰ সপ্তাহিক বজাত নিজে কৰা খেতিৰ শাক পাচলি বিক্ৰী কৰিবলৈ নিছিল ৷ হাফ পেণ্ট ষ্পৰ্টিং আৰু মূৰত এটা টুপী পিন্ধি বজাৰত বস্তু বিক্ৰী কৰি থাকোতে লাভলীনাক সকলোৱে লৰা বুলিয়ে ভাৱে ৷ বস্তু কিনিবলৈ অহা গ্ৰাহকে সেইবাবে ভুল কৰি লাভলীনাক 'ভাইটি' বুলিহে মাতিছিল ৷ সেই বজাৰত শাক পাচলি বিক্ৰী কৰা সকলোৱে 'ভাইটি' বুলি সম্বোধন কৰা ছোৱালীজনী আজি ৰাতিপুৱা ৬:০০ বজাত ইটালীৰ পৰা গৈ টকিঅ'ত উপস্থিত হৈছেগৈ বিশ্ব জয়ৰ বাবে। অন্যান্য খেলুৱৈ সকলে উত্তৰণৰ বাটত যিদৰে মসৃণ আৰু যিদৰে বিভিন্ন জনৰ পৰা পৃষ্ঠপোষকতা লাভ কৰে তেনে কোনো সুবিধা আৰম্ভণিৰ সময়চোৱাত লাভলীনাই লাভ কৰা নাছিল ৷ কঠোৰ জীৱন সংগ্ৰাম লাভলীনাৰ উত্তৰণৰ একমাত্ৰ চাবিকাঠি ৷ স্বাভিমানী লাভলীনাৰ ঘৰলৈ যাবলৈ আজিও বাট পথ সুচল নহয় ৷ সফলতাৰ যে কোনো চমু পথ নাই সেই কথাটো যেন লাভলীনাৰ জীৱন সংগ্ৰামৰ পৰাই আমি বুজিব পাৰো ৷
কঠোৰ পৰিশ্ৰম আৰু অত্যন্ত জেদী মনোভাৱ লাভলীনাৰ সফলতাৰ প্ৰকৃত কাৰণ ৷ ঘৰৰ পৰা প্ৰায় তিনি কিলোমিটাৰ দুৰৰ বৰপথাৰ হিন্দী হাইস্কুলত প্ৰশিক্ষক প্ৰশান্ত কুমাৰ দাসৰ ওচৰত প্ৰশিক্ষণ লবলৈ পূৱা ৫:০০ বজাত গৈ উপস্থিত হৈছিলগৈ ৷ প্ৰায় তিনি ঘণ্টাৰ প্ৰশিক্ষণৰ পাছত আকৌ চাইকেল লৈ বৰপথাৰ ছোৱালী হাইস্কুলত ৯:০০ বজাত উপস্থিত হব লাগিছিল ৷ কেতিয়াবা সহ প্ৰশিক্ষক জয়ন্ত পালে লাভলীনাহতক প্ৰশিক্ষণ থলিৰ পৰা প্ৰায় তিনি কিলোমিটাৰ দুৰৰ ধনশিৰি নদীৰ পাৰলৈ লৈ গৈ বালিত দৌৰিবলৈ দিছিল ৷ তেনেদৰে ঘণ্টাৰ পাছত ঘণ্টা কষ্ট কৰি ছাইত যোগদান কৰাৰ পূৰ্বেই বিভিন্ন স্থানত হোৱা প্ৰতিযোগিতাত যোগদান কৰি পদক লাভ কৰিছিল ৷ কিন্তু পোৱা নাছিল সামান্যতমো চৰকাৰী সা সুবিধা ৷ দেউতাকে কোনোমতে পইছাৰ যোগাৰ কৰি ঝাৰখণ্ডত অনুষ্ঠিত প্ৰতিযোগিতালৈ যাবলৈ ৰেলৰ শ্লিপাৰ শ্ৰেণীৰ টিকট কাটি দিছিল ৷ প্ৰশিক্ষক প্ৰশান্ত কুমাৰ দাসে প্ৰতিযোগিতাৰ সজুঁলিবোৰৰ নিজৰ পকেটৰ পইছাৰে কিনি দিছিল ৷ দেউতাক টিকেন বৰগোহাঁয়ে সপোন দেখিছিল জীয়েকক লৈ ৷ আৰু আজি সেই সপোনৰ সাকাৰ ৰূপ দিবলৈ সক্ষম হৈছে লাভলীনা।