Sunday, July 3, 2022
HomeNewsএখন পুৰনি বাতৰি কাকতে সলনি কৰিছিল লাভলীনাৰ জীৱন

এখন পুৰনি বাতৰি কাকতে সলনি কৰিছিল লাভলীনাৰ জীৱন

অলিম্পিয়া প্রতিবেদন

তেতিয়া তাই ষষ্ঠ শ্ৰেণীৰ ছাত্ৰী ৷ দেউতাক টিকেন বৰগোহাঁই ঘৰৰ পৰা দূৰৈত বগীজানত এখন ক্ষুদ্ৰ চাহ বাগিছাৰ এটা সৰু চাকৰি কৰি আছিল ৷ মাজে মাজে ঘৰলৈ আহে ৷ কোনদিনা আহিব সেইকথা লাভলীনাহঁতে আগতীয়াকৈ গম নাপায়, কাৰণ ঘৰততেতিয়া কোনো মোবাইল ফোনৰ ব্যৱস্থা নাছিল ৷ কিশোৰী লাভলীনাই সদায় বাটলৈ চায় ৰয় দেউতাক আহিছে নেকি বুলি ৷ দেউতাক কামৰ পৰা ঘৰলৈ আহিলে হাতত মিঠাইৰ টোপোলা এটা লৈ আহে ৷ সেইদিনা আছিল দেওবাৰ ৷ দেউতাকে মিঠাই বান্ধি অনা বাতৰি কাকতখন মিঠাই খোৱাৰ পাছত টেবুলতে আছিল ৷ দেউতাকে দেখিলে বাতৰি কাকত খনত কাৰোবাৰ এটা প্ৰবন্ধ প্ৰকাশ পাইছে বিশ্ব খ্যাত বক্সাৰ মহম্মদ আলিৰ বিষয়ে ৷ দেউতাকে লাভলীনাক লিখনিটো পঢ়িবলৈ দিলে ৷ লাভলীনাই অতি মনোযোগেৰে সেই লেখনিটো পঢ়ি মহম্মদ আলিৰ বিষয়ে জানিব পৰাৰ লগতে বক্সিঙৰ প্ৰতি আকৰ্ষিত হল ৷ সেইয়াই আছিল লাভলীনাৰ বক্সিং সম্পৰ্কে প্ৰথম ধাৰণা ৷ দেউতাকেও উৎসাহ দিলে বক্সাৰ হ’বলৈ ৷ কিন্তু বৰপথাৰত নাছিল বক্সিঙৰ প্ৰশিক্ষণৰ কোনো সুবিধা ৷ এনে সময়তে প্ৰশান্ত কুমাৰ দাসৰ তত্ত্বাৱধানত বৰপথাৰত আৰম্ভ হৈছিল মুৱাই-থাই আৰু কিক্‌ বক্সিঙৰ প্ৰশিক্ষণ ৷ দেউতাকে দিয়া উৎসাহ আৰু মনোবলক সাৰথি কৰি গভীৰ আত্মবিশ্বাসেৰে লাভলীনাই আৰম্ভ কৰিলে মুৱাই-থাই আৰু কিক্‌ বক্সিঙৰ প্ৰশিক্ষণ ৷ লগতে মণিপুৰী সমৰ কলা ঠাং’টাৰ প্ৰশিক্ষণো গ্ৰহন কৰিলে ৷ ছাইত যোগদান কৰাৰ পাছত বক্সিঙৰ বিশেষ প্ৰশিক্ষণ নথকাকৈয়ে কলিকতাত অনুষ্ঠিত নেচনেল গেমছত যোগদান কৰি সোনৰ পদক আজুৰি আনিবলৈ সক্ষম হৈছিল লাভলীনা ৷

মুৱাই-থাই বা কিক্‌ বক্সিঙৰ প্ৰশিক্ষণৰ সময়তো লাভলীনাই নিজা জোতা বা খেলৰ পোচাকৰ সমস্যাত ভুগিছিল ৷ কিন্তু সীমিত সা সুবিধাই লাভলীনাৰ প্ৰতিভা বিকাশত হেঙাৰ হব পৰা নাছিল ৷ সেই সময়ত দেউতাক টিকেট বৰগোহাঁয়ে চাকৰি কৰি লাভ কৰিছিল মাত্ৰ ২৫০০/- টকা ৷ সেই টকাৰে কোনোমতে পৰিয়ালটো চলিবলৈও নহৈছিল ৷ গতিকে দেউতাকক কিবা খেলৰ সামগ্ৰী বিচাৰিবলৈ সুবিধাই নাছিল ৷ অৱশ্যে ভাৰতীয় ক্ৰীয়া প্ৰাধিকৰণলৈ নিৰ্বাচিত হোৱাৰ পাছত প্ৰশিক্ষণৰ সামগ্ৰী বা আন কোনো ক্ষেত্ৰতে লাভলীনাৰ কোনো সমস্যা হোৱা নাছিল ৷ যাৰ ফলত কঠোৰ অনুশীলনৰ মাজেৰে লাভলীনাই নিজকে ৰাষ্ট্ৰীয় আৰু আন্তৰাষ্ট্ৰীয় পৰ্যায়ত জিলিকাই তুলিবলৈ সক্ষম হৈছে ৷ কোনো প্ৰতিকুল পৰিৱেশে বিচলিত কৰিব নোৱাৰা ছোৱালীজনীৰ জীৱন এনে আৰু বহু কাহিনীৰে ভৰি আছে ৷ অসমৰ গৌৰৱ অসমৰ স্বাভিমান লাভলীনাৰ সফলতাই একমাত্ৰ লক্ষ্য ৷

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

fourteen − one =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Archives list

Recent Comments