স্মৰণীয় এক ৰেল যাত্ৰা; ৰেলত চিট নাপায় শৌচালয়ৰ কাষত চাদৰ পাৰি শুই গুৱাহাটীলৈ গৈছিল ছাইত যোগদান কৰিবলৈ

✍️ দেৱজিত ফুকন

সেইয়া আছিল দুহেজাৰ বাৰ চনৰ ২৮ জুনৰ কথা ৷ গুৱাহাটীৰ ছাই প্ৰশিক্ষক কেন্দ্ৰৰ পৰা বৰপথাৰ ছোৱালী হাইস্কুলৰ শাৰীৰিক নিৰ্দেশক ভৱানন্দ লাহনলৈ খৱৰ আহিল পৰবৰ্তী দিনা লাভলীনাই গুৱাহাটীৰ ছাই কেন্দ্ৰত যোগদান কৰিব লাগে ৷ লাহনে সেই খৱৰ লাভলীনাৰ পিতৃ টিকেন বৰগোহাঁইক জনালে আৱেলি সময়ত ৷ খৰখেদাকৈ যাবলৈ ওলাল যদিও যাতায়তৰ নিজা কোনো সুবিধা নাছিল ৷ ফলত মাজনিশা ১২:০০ বজাত কামৰূপ এক্সপ্ৰেছত জেনেৰেল ডবাত কণ্যাক লৈ পিতৃ টিকেন বৰগোহাঁয়ে যাত্ৰা আৰম্ভ কৰিলে সৰুপথাৰৰ পৰা গুৱাহাটীলৈ বুলি ৷ বহিবলৈ কতো এটা চিটো নাই ৷ কি কৰিব উপায় নাপায় পিতৃ টিকেন বৰগোহাঁয়ে ৰেলগাড়ীৰ শৌচালয়ৰ কাষতে মজিয়াত এখন বিছনা চাদৰ পাৰি শুবলৈ দি নিজে উৰে ৰাতি কাষত বহি গল গুৱাহাটীলৈকে ; আৰু পৰৱৰ্তী দিনা গুৱাহাটীৰ ছাই কেন্দ্ৰত ১৬ বছৰৰ অনুৰ্দ্ধ খেলুৱৈ হিছাপে যোগদান কৰেগৈ ৷ মুৱাই-থাই আৰু কিক বক্সিংৰ জগতৰ পৰা এনেদৰেই বক্সিঙৰ ৰিঙলৈ লাভলীনাৰ উত্তৰত ৷
মুৱাই-থাই আৰু কিক বক্সিঙৰ বাহিৰেও প্ৰশিক্ষক প্ৰশান্ত দাসে লাভলীনাক মণিপুৰী সমৰকলা ঠাং’টা (Thang’ta)ৰ প্ৰশিক্ষণ দিছিল ৷ এবাৰ যোৰহাটত অনুষ্ঠিত হোৱা এক কৰ্মশালাত যোগদান কৰি উভতি অহাৰ সময়ত লাভলীনাহতৰ গাড়ীখনত দুৰ্বৃত্তই আক্ৰমণ কৰে ৷ অৱশ্যে পাছত চিআৰপিএফ বাহিনী আহি দলটোক উদ্ধাৰ কৰিছিল ৷ তেতিয়া কিশোৰী লাভলীনাই দুৰ্বৃত্তৰ হাতৰ পৰা সতীৰ্থ সকলক ৰক্ষা কৰিবলৈ গাড়ীৰ পৰা নামি যাব পৰা নাছিল ৷ কিন্তু ঘৰলৈ আহি প্ৰশিক্ষক প্ৰশান্ত দাসক কৈছিল যে ভবিষ্যতে নিজকে এনেদৰে সজাই তুলিব যাতে অৱলা হিচাপে গাড়ীত বহি থকাৰ সলনি আত্মৰক্ষাৰ কাৰণে নিজেই যূজিব পাৰে ৷ সেইজনীয়ে লাভলীনা ৷ কোনো পৰিৱেশতে পাছলৈ উভতি নহা অদম্য সাহসৰ প্ৰতীক স্বাভিমানী লাভলীনা ৷

লাভলীনা বিগত বছৰ কভিডৰ সময়ত প্ৰায় তিনিমাহ ঘৰত আছিলহি ৷ সেই সময়খিনিত অঞ্চলটোৰ দুখীয়া লোকসকলৰ মাজত খাদ্য দ্ৰব্য বিতৰণ কৰি আৰ্তজনলৈ সহায়ৰ হাত আগবঢ়াইছিল ৷ ঘৰত থকা সময়খিনিত পথাৰলৈ গৈ খেতি কৰা, গছপুলি ৰোৱা , মাছমৰা আদিত ব্যস্ত থাকে মাক মামনিৰ অতি মৰমৰ জীৱৰী লাভলীনা ৷ মাকৰ ঘৰ আমাৰ চাংপুলৰ ঘৰখনৰ পৰা মাথো এক কিলোমিটাৰ নিলগত ৷ দৈনিক মাকলৈ লাভলীনাই ভিডিঅ কল কৰে ৷ ইটালীত প্ৰশিক্ষণ লৈ থকাৰ সময়ত মাকলৈ যেতিয়া ফোন কৰিবলৈ আজৰি পায় তেতিয়া আমাৰ ভাৰতবৰ্ষত সময় নিশা ১২ বাজি পাৰ হয় ৷ হলেও জীয়েকৰ ভিডিঅ কল নোপোৱালৈকে ৰুগীয়া মাকে অপেক্ষা কৰে ৷ মাক মামনিৰ দুয়োটা কিডনী বিকল হৈ পৰাত যোৱা ফেব্ৰুৱাৰী মাহত কলিকতাত কিডনী সলনি কৰিবলগীয়া হয় ৷ বৰ্তমানো সম্পূৰ্ণ সুস্থ নহয় মাক মামনি ৷ অলিম্পিকলৈ চলায় থকা কঠোৰ অনুশীলনৰ মাজত ফেব্ৰুৱাৰী মাহত লাভলীনাই চিকিৎসালয়ত মাকৰ সংগ দিছিলহি ৷ ভাৰাক্ৰান্ত মন লৈয়ে অব্যাহত ৰাখিছিল কঠোৰ অনুশীলন ৷ আৰু মাত্ৰ এটা দিনৰ পাছতে অৰ্থাৎ ১৭ জুলাই তাৰিখে লাভলীনাই ইটালীৰ পৰা যাত্ৰা কৰিব টকিঅ’লৈ ৷ ধনশিৰি মহকুমাৰ বাৰমূখীয়াৰ পৰা টকিঅ’লৈ লাভলীনাৰ এই যাত্ৰাৰ লগত জড়িত আন কিছু কথা আপোনালোকলৈ আগবঢ়াম পৰবৰ্তী খণ্ড সমূহত ৷

Leave a Reply

Your email address will not be published. Required fields are marked *