লাভলীনা, ৰেৱতী, ভাৱনা: এক বিৰল উদাহৰণ

✍️ মৃদুপৱন বৰা

নিৰলস সাধনা আৰু কঠোৰ পৰিশ্ৰমৰ মাজেৰে আকাশ চোৱাৰ সপোন দেখিছিল তাই। এতিয়া সেই সপোনৰ বাটত এখোজ আগুৱালে ছোৱালীজনীয়ে।সীমিত আন্ত:গাঁথনিৰ মাজতো লক্ষ্যৰ পৰা বিচ্যুত হোৱা নাছিল। দেখিছিল বিশ্বজয়ৰ সপোন। প্ৰতিপক্ষৰ অসংখ্য নিৰ্দয় পাঞ্চ গা পাতি লব লগীয়া হৈছে।কিন্তু হাৰ মনা নাছিল। সপোন মাথোঁ এটাই ‘দ্য গ্ৰেটেষ্ট শ্ব’ অন আৰ্থ’ হিছাপে পৰিচিত অলিম্পিকত এদিন নহয় এদিন দেশক প্ৰতিনিধিত্ব কৰিব । অৱশেষত সেই সপোন পূৰণ হ’ল ৫ ফুট ১০ ইঞ্চি উচ্চতাৰ সৰুপথাৰৰ জীয়ৰী লাভলীনা বৰগোঁহাইৰ। কিন্তু এই সফলতাৰ বাট মসৃণ নাছিল বক্সাৰ লাভলীনাৰ। কলকাতাত খেলিবলৈ যোৱা লাভলীনাৰ নাছিল এটা জাৰ্ছী। অন্য খেলুৱৈৰ জলহু জাৰ্ছী পিন্ধিয়েই ৰিঙত নামি পদক জয় কৰিছিল লাভলীনাই। ইয়াৰ পিছতে দেউতাকে অলিম্পিকত খেলাৰ লক্ষ্য স্থিৰ কৰিবলৈ কয়। দেউতাকৰ এই পৰামৰ্শ শিৰত লৈ আগুৱাই যায় লাভলীনা। নিজৰ এটা জাৰ্ছী নথকা লাভলীনাই এইবাৰ টকিঅ’ অলিম্পিকৰ বক্সিং ৰিঙত দেশৰ হৈ খেলিব। ২৩জুলাইত লাভলীনাৰ আৰম্ভ হ’ব অভিযান। অলিম্পিকলৈ যোগ্যতা অৰ্জন কৰা অসমৰ প্ৰথমগৰাকী মহিলা খেলুৱৈ লাভলীনা বক্সিং ৰিঙৰ শুভ্ৰ কেনভাছত জিলিকি উঠক। এয়া অসমবাসীৰ বাবে গৌৰৱৰ ক্ষণ। স্বাভিমানী লাভলীনা হৈ উঠক বহু জনৰ অনুপ্ৰেৰণা।

কেৱল লাভলীনাই নহয় দৰিদ্ৰতাৰ প্ৰত্যাহ্বান ওফৰাই দেশক এইবাৰ প্ৰতিনিধিত্ব কৰিব আন দুগৰাকী এথলীট স্প্ৰিণ্টাৰ ৰেৱতী বিৰামাণি আৰু ৰেছ ৱাকাৰ ভাৱনা জাটে। ৫ বছৰ বয়সতে পিতৃ-মাতৃক হেৰুৱাই নিঠৰুৱা হোৱা তামিলনাডুৰ ৰেবাথীয়ে সপোন দেখিছিল দৌৰি জগত জিনাৰ।দৈনিক হাজিৰা কৰি খোৱা আইতাক আৰাম্মালৰ তত্বাৱধানত ডাঙৰ দীঘল হোৱা ৰেৱতীৰ দৌৰিবৰ বাবে নাছিল এযোৰ জোতা। আইতাকৰো কিনি দিব পৰাৰ সক্ষমতা নাছিল। খালী ভৰিৰে দৌৰি চলাই গৈছিল অনুশীলন। এদিনাখন মাদুৰাই ক্ৰীড়া বিকাশ প্ৰকল্পৰ প্ৰশিক্ষকে ৰেৱতীয়ে অনুশীলন কৰি থকা দৃশ্য প্ৰত্যক্ষ কৰে আৰু ৰেৱতীক লগ কৰি কথা পাতে। কিন্তু টকাৰ অভাৱত প্ৰশিক্ষক জনে সহায় কৰিম কোৱা সত্বেও সাহস কৰিব পৰা নাছিল ৰেৱতীয়ে। অৱশেষত প্ৰশিক্ষক কে কান্নানে সকলো খৰচ মূৰ পাতি লৈ ৰেৱতীক নাম লগায় দিয়ে মাদুৰাইৰ লেডী ড’ক কলেজত। ইয়াৰ পৰাই জীৱনে অন্য গতি লাভ কৰে ৰেবাথীৰ। প্ৰথম অৱস্থাত জোতা পিন্ধি দৌৰাটো প্ৰত্যাহ্বান আছিল ৰেৱতীৰ বাবে কিন্তু দিন বাগৰি যোৱাৰ লগে লগে ৰেৱতীৰ বাবে সেয়া সহজ হৈ উঠিল। এটা সময়ত জোতা এযোৰ কিনিবলৈ সমৰ্থ নথকা, খালী ভৰিৰে দৌৰি জগত জিনাৰ সপোন দেখা ৰেৱতীয়ে এইবাৰ দেশক অলিম্পিকত প্ৰতিনিধিত্ব কৰিব।৪X৪০০ মিটাৰৰ মিক্সড ৰীলেত দেশৰ হৈ টকিঅ’ত দৌৰিব ৰেৱতীয়ে। ‘মই কিছু সময়ৰ বাবে মৌন হৈ পৰিছিলো। মোৰ মন মগজুত ক্ৰিয়া কৰিছিল জীৱনৰ কঠিন সময়খিনিয়ে।’ টকিঅৰ টিকত নিশ্চিত হোৱাৰ পিছত এই মন্তব্য কৰিছিল ৰেৱতীয়ে।

প্ৰতিবন্ধকতা নেওচি অলিম্পিকত দেশক ৰেচ ৱাকত(RACE WALK) প্ৰতিনিধিত্ব কৰিব ৰাজস্থানৰ ভাৱনা জাটে। খেতিয়কৰ সন্তান ভাৱনাই সপোনতো ভৱা নাছিল কেতিয়াবা খোজ কাঢ়ি অলিম্পিক খেলিব বুলি । আৰ্থিক অনাটনৰ বাবে আধাতে পঢ়া সামৰা ভাৱনাই সমাজৰ বান্ধোন ওফৰাই পুৱতি নিশা ৩ বজাতে উঠি প্ৰতিদিনে ২০ কিলোমিটাৰকৈ খোজ কাঢ়িছিল। ৰাজস্থানৰ কাব্ৰা নামৰ ভিতৰুৱা অঞ্চলটোত জন্ম গ্ৰহণ কৰা ভাৱনাই এটা হাফ পেণ্ট অৰ্থা ছুটী কাপোৰ পিন্ধি খোজকঢা়টো দুসাহসিক কাম আছিল । অঞ্চলটোৰ বাসিন্দাসকলৰ বাবে ছুটী কাপোৰ পিন্ধাতো আছিল এক প্ৰকাৰৰ অপৰাধ। খালী ভৰিৰে খোজ কাঢ়ি মানুহৰ নিন্দাক একাষৰীয়া কৰি মাথোঁ নিজৰ কাম কৰি গৈছিল ভাৱনাই। অৱশেষত সেই পৰিশ্ৰমে লাভ কৰিলে মান্য়তা।ৰাঁচীত ২০২০ত অনুষ্ঠিত ৰাষ্ট্ৰীয় চেম্পিয়নশ্বিপত ২০ কিলোমিটাৰৰ দূৰত্ব ১ঘণ্টা ২৯মিনিট ৫৪ছেকেণ্ডত খোজ কাঢ়ি অভিলেখ স্থাপনেৰে অলিম্পিকলৈ যোগ্যতা অৰ্জন কৰে ভাৱনা জাটে।

প্ৰচুৰ ইচ্ছা শক্তি আৰু সদিচ্ছা থাকিলে যে ইপ্সিত লক্ষ্যত উপনীত হ’ব পাৰি তাৰেই উজ্জল নিদৰ্শন লাভলীনা,ৰেবাথী আৰু ভাৱনা। এয়া মাথোঁ উদাহৰণহে আৰু এনে বহু এথলীট ওলাব যিয়ে প্ৰত্যাহ্বান ওফৰাই সফলতাৰ বাটত আগুৱাই গৈছে। এতিয়া দেশবাসীৰ আশা গভীৰ প্ৰত্যাশাৰে টকিঅ’লৈ যোৱা প্ৰতিজন এথলীট উজলি উঠক। দেশৰ ক্ৰীড়া ইতিহাসত লিপিৱদ্ধ হওক সোণালী আখৰেৰে প্ৰতিজনৰে নাম।

Leave a Reply

Your email address will not be published. Required fields are marked *