Wednesday, July 6, 2022
HomeNewsঅদমনীয় লাভলীনাৰ অকথিত কাহিনী; স্কুলতে কিতাপ-চাইকেল এৰি যোগ দিছিলগৈ ছাইৰ নিৰ্বাচনী শিৱিৰত

অদমনীয় লাভলীনাৰ অকথিত কাহিনী; স্কুলতে কিতাপ-চাইকেল এৰি যোগ দিছিলগৈ ছাইৰ নিৰ্বাচনী শিৱিৰত

✍️ দেৱজিত ফুকন

অলিম্পিকলৈ যোগ্যতা অৰ্জন কৰাৰ পাছত লাভলীনাই মহাৰাষ্ট্ৰৰ পুনেৰ আৰ্মি হেড কোৱাৰ্টাৰত কিছুদিন প্ৰশিক্ষণ গ্ৰহণ কৰে ৷ যোৱা জুন মাহৰ ২১ তাৰিখৰ পৰা ইটালীত কঠোৰ প্ৰশিক্ষণত ব্যস্ত হৈ আছে ৷ ইটালিয়ান প্ৰশিক্ষক ৰাফেল গাৰ্মাবাষ্কই লাভলীনৰ লগতে অলিম্পিকত যোগদান কৰিবলগীয়া ভাৰতীয় বক্সিং দলটোক প্ৰশিক্ষণ দি আছিল ৷ দলটোত মুঠ ছয় গৰাকী মহিলা সহ মুঠ ৯ গৰাকী প্ৰতিযোগী ৷ তদুপৰি ছিকিমৰ প্ৰশিক্ষক সন্ধ্যা গুৰুঙো অন্যতম প্ৰশিক্ষক হিছাপে লাভলীনাৰ লগত আছে যদিও তেওঁ টকিঅ’লৈ নাযায় ৷ আজি লাভলীনাই ইটালীৰ পৰা টকিঅ’ অভিমূখে ইতিমধ্যে যাত্ৰা আৰম্ভ কৰিছে ৷ লাভলীনাৰ কেৰিয়াৰৰ এই সূদীৰ্ঘ যাত্ৰাত বৰপথাৰৰ মুৱাই-থাই আৰু কিক্‌ বক্সিঙৰ প্ৰশিক্ষক প্ৰশান্ত দাসৰ বিশেষ অবদান আছে ৷ পেছা সূত্ৰে ধনশিৰি আইটিআইৰ শিক্ষক প্ৰশান্ত কুমাৰ দাসে আবেলি সময়ত বৰপথাৰ হিন্দী হাইস্কুলৰ প্ৰাংগনত মুৱাই-থাই প্ৰশিক্ষণ দিয়ে ৷

সেয়া আছিল ২০১০ চনৰ কথা ৷ ধনশিৰি আইটিআইৰ ছাত্ৰী সোণমণি গগৈয়ে এদিন বৰপথাৰ ছোৱালী হাইস্কুলৰ সপ্তম শ্ৰেণীত পঢ়ি থকা মোমায়েকৰ জীয়েক লাভলীনাক প্ৰশিক্ষক তথা তাইৰ শিক্ষক প্ৰশান্ত কুমাৰ দাসৰ ওচৰলৈ লৈ আহিছিল ৷ সেইয়াই আৰম্ভণি ৷ প্ৰশান্ত কুুমাৰ দাসৰ ওচৰত লাভলীনাই মুৱাই-থাই নামৰ শাৰীৰিক কলাৰ প্ৰশিক্ষণ আৰম্ভ কৰিলে ৷ লগতে কিক্‌ বক্সিং আৰু ঠাং’টা নামৰ মণিপুৰী সমৰ কলাৰো প্ৰশিক্ষণ লৈ বিভিন্ন প্ৰতিযোগিতাত পুৰস্কাৰ বুটলিবলৈ আৰম্ভ কৰিলে ৷ এনেদৰেই ২০১২ চনৰ মে মাহত গুৱাহটীৰ ছাই কেন্দ্ৰৰ পৰা এটা দল আহে সৰুপথাৰলৈ। উদেশ্য বক্সিঙৰ খেলুৱৈ সন্ধান কৰা ৷ সৰুপথাৰৰ গোলাঘাট উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ চৌহদত আয়োজন কৰিছিল প্ৰতিভা সন্ধানী এক শিৱিৰ ৷ আচলতে চাহ জনজাতি সম্প্ৰদায়ৰ প্ৰতিভাৰ সন্ধানত দলটো আহিছিল যদিও বৰপথাৰ ছোৱালী হাইস্কুলৰ শাৰীৰিক নিৰ্দেশক ভৱানন্দ লাহনৰ বিশেষ তৎপৰতাত শেষ মূহূৰ্তত ছাইৰ দলটোৱে লাভলীনাক প্ৰশিক্ষক সকলৰ সন্মুখীন হবলৈ সুযোগ দিবলৈ ৰাজি হয় ৷ এইক্ষেত্ৰত ৰাজ্য চৰকাৰৰ ক্ৰীয়া বিভাগৰ উপ সঞ্চালক উদয় কমল চেতিয়াই যোগাযোগ কৰি সহায় কৰি দিয়ে আৰু ছাইৰ বক্সিং প্ৰশিক্ষক পদুম চন্দ্ৰ বড়োৰ সন্মুখত নিজা পাৰদৰ্শিতা প্ৰদৰ্শনৰ বাবে লাভলীনাই সুযোগ লাভ কৰে ৷সেই মুহূৰ্তত লাভলীনা আছিল শ্ৰেণীকোঠাত আৰু তাৰ পৰাই বৰপথাৰ ছোৱালী হাইস্কুলৰ সহকাৰী শিক্ষক হেমন্ত বৰাই সৰুপথাৰৰ শিৱিৰলৈ লৈ যায় ৷ লাভলীনাৰ কিতাপ ছাইকেল সেইদিনা বিদ্যালয়তে থাকি গল ৷ লাভলীনাৰ প্ৰদৰ্শনত ছাইৰ নিৰ্বাচক সকল সন্ত্তষ্ট হল আৰু লাভলীনৰ শিক্ষক সকলৰ কষ্টৰো সুফল আহিল তিনিমাহৰ পাছত ৷ বৰপথাৰ ছোৱালী হাইস্কুলৰ শাৰীৰিক নিৰ্দেশক ভৱানন্দ লাহনলৈ ছাইৰ কৰা খৱৰ আহিল লাভলীনা ছাইলৈ নিৰ্বাচিত হোৱাৰ ৷ সৰুপথাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ চৌহদত আয়োজন কৰা নিৰ্বাচনী শিৱিৰৰ পৰা আৰম্ভ কৰা বক্সিঙৰ যাত্ৰাতআৰু কোনোদিনেই লাভলীনা থমকি ৰোৱা নাই ৷ আজি লাভলীনাই বিশ্বৰ সৰ্ববৃহৎ প্ৰতিযোগিতাখনত যোগদানৰ কাৰণে টকিঅ’লৈ ৰাওনা হৈছে ইটালীৰ পৰা ৷ ২৪ জুলাইত প্ৰথম অলিম্পিকৰ বক্সিং ৰিঙত নামিব ৷ জয়লাভ কৰিলে পৰবৰ্তী খেল হব ২৭ জুলাইত ৷ এই দীঘলীয়া যাত্ৰাৰ অধিক কাহিনী পাঠকসমাজলৈ আগবঢ়াই যাম ধাৰাবাহিক ভাবে ৷

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

thirteen − two =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Archives list

Recent Comments