Wednesday, September 28, 2022
HomeNewsমেখেলাচাদৰ পিন্ধাৰ ভয়ত বক্সিঙৰ ৰিঙত নমা ছোৱালীজনী!

মেখেলাচাদৰ পিন্ধাৰ ভয়ত বক্সিঙৰ ৰিঙত নমা ছোৱালীজনী!

✍️ দেৱজিত ফুকন

(লাভলীনা। আজিৰ দিনত এটা পৰিচিত নাম। অলিম্পিকত স্থান লাভ কৰা অসমৰ প্ৰথমগৰাকী খেলুৱৈ তেওঁ। বৰ্তমান টকিঅ’ত তেওঁ। আৰু কেইটামান দিনৰ অপেক্ষা। তাৰ পিছতেই ইতিহাস সৃষ্টি কৰি লাভলীনাই অলিম্পিকৰ মঞ্চত ভৰি থব। লাভলীনালৈ অলিম্পিয়াৰ তৰফৰ পৰা শুভেচ্ছা জনোৱাৰ উদ্দেশ্যে দেৱজিত ফুকনৰ কলমেৰে আমি আগবঢ়াইছো লাভলীনাৰ জীৱনীভিত্তিক কিছু কথা। তাৰেই আজি প্ৰথমটো খণ্ড। পঢ়ি কেনে পালে জনাবলৈ নাপাহৰিব। )

প্ৰয়োজনতকৈ অধিক ওখ ছোৱালীজনী ৷ তেতিয়া তাই অষ্টম শ্ৰেণীৰ ছাত্ৰী ৷ বিদ্যালয়ৰ নিয়ম অনুসৰি অষ্টম শ্ৰেণীলৈ উৰ্ত্তীণ হলেই চাদৰ মেখেলা পিন্ধিব লাগে ৷ গতিকে বায়েকৰ মেখেলাচাদৰ পিন্ধি স্কুল যায় ৷ কিন্তু মেখেলাখনে কোনোমতেই ভৰিৰ কলাফুল নাপায়গৈ ৷ লাজ পায় তেনেদৰে স্কুল যাবলৈ ৷ ফলত পঢ়াশুনাত লাহে লাহে মনোযোগ কমি আহিল ৷ স্কুল খতি কৰিবলৈ ধৰিলে ৷ এনেদৰে গৈ গৈ ক্লাছ নাইনত পৰীক্ষাত ফেইল কৰি থাকিল ৷ স্কুল যোৱাতকৈ ঘৰত চাহ পুলি চেগুন পুলি ৰুই ভাল পোৱা হল ৷ তাৰ মাজতে মোৱা-থাই নামৰ মাৰ্চিয়েল আৰ্টৰ প্ৰতি আকৰ্ষিত হল ৷ প্ৰশান্ত দাস নামৰ প্ৰশিক্ষক গৰাকীৰ তত্ত্বাৱধানত মোৱা-থাই প্ৰতিযোগিতাত প্ৰথম যোৰহাটত আৰু তাৰ পাছত ঝাৰখাণ্ডত প্ৰতিযোগিতাত পদক বুটলিবলৈ সক্ষম হল ৷ একে সময়তে অসমৰ সোনাপুৰত অনুষ্ঠিত ৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰতিযোগিতাত লাভ কৰিলে সোনৰ পদক ৷

সেয়া আছিল আজিৰ পৰা এটা দশকৰ আগৰ কথা ৷ ২০১১ চনত ভাৰতীয় খেল প্ৰাধিকৰণৰ (ছাই) এটা দল আহিছিল সৰুপথাৰলৈ প্ৰতিভাৰ সন্ধানত ৷ ছোৱালীজনীয়ে সেই দলটোৰ সন্মুখত নিজৰ প্ৰতিভাৰ প্ৰদৰ্শন কৰিলে ৷ তিনিমাহৰ পাছত ছাইলৈ নিৰ্বাচিত হোৱাৰ খৱৰ আহিল ৷ ছাই কেন্দ্ৰত যোগদান কৰিবনে নাই তাক লৈ দোধোৰমোধোৰ অৱস্থাত থকাৰ সময়ত মাকে কলে যে তাই যদি ছাইত যোগদান কৰে তেতিয়া এনেদৰে মেখেলাচাদৰ পিন্ধাৰ দৰকাৰ নাই আৰু ৷ ছাইত যোগদান কৰিবলৈ মেখেলাচাদৰ পিন্ধি বেয়া পোৱা ছোৱালীজনীক আৰু বেলেগ অজুহাতৰ প্ৰয়োজন নাছিল ৷ মেখেলাচাদৰ পিন্ধাৰ পৰা ৰেহাই পোৱাৰ আশাতেই পাছদিনাই গুৱাহাটীৰ ছাই প্ৰশিক্ষণ কেন্দ্ৰত যোগদান কৰিছিল ৷ আৰু আজি এটা দশকৰ পাছত মেখেলাচাদৰ পিন্ধাৰ ভয়ত ছাইত যোগ দিয়া ছোৱালীজনীয়ে অসমৰ প্ৰথম মহিলা খেলুৱৈ হিচাপে টকিঅ’ অলিম্পিকত ভাৰতবৰ্ষক প্ৰতিনিধিত্ব কৰাৰ সুযোগ লাভ কৰিছে ৷ আমাৰ ঘৰৰ পৰা মাথো চাৰি কিলোমিটাৰ নিলগৰ বৰপথাৰ বাৰমূখীয়া গাৱৰ টিকেন বৰগোহাঁই আৰু মামনি বৰগোহাঁইৰ কনিষ্ঠ কন্যা লাভলীনা বৰগোহাঁই এই ভিতৰুৱা অঞ্চলটোৰ পৰা গৈ কিদৰে বিশ্বৰ দৰবাৰত জিলিকি উঠিবলৈ সক্ষম হল এই দীঘলীয়া যাত্ৰাৰ লগত বিভিন্ন ঘটনা পৰিঘটনা জড়িত হৈ আছে ৷ তেনেবোৰ অনেকে নজনা কথা ধাৰাবাহিক ভাবে আপোনালোকলৈ আগবঢ়াই যাম টকিঅ’ অলিম্পিকৰ প্ৰাকমুহূৰ্তত ৷

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

18 − nine =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments