নতুন ব’ল্ট

অলিম্পিয়া প্রতিবেদন

এৰিয়ন নাইটন৷ সমগ্ৰ বিশ্বৰ এথলেটিকছৰ ক্ষেত্ৰখনত বৰ্তমান এই নামটোৱে খলকনি তোলিছে৷ নাম পাইছে ‘‘নতুন ব’ল্ট’’৷ পাবইটো। কাৰণ ১৭ বছৰীয়া এই গৰাকী মাৰ্কিন স্প্ৰীণ্টাৰে ইতিমধ্যে ভংগ কৰিছে উইছেইন বল্টৰ নামত থকা ১৭ বছৰ পুৰণি এক ৰেকৰ্ড৷ এয়া আৰম্ভণিহে মাথোন৷ ১৭ বছৰত ভৰি দিয়া এই গৰাকী দৌৰবিদে যে ভৱিষ্যতে বিশ্ব ক্ৰীড়াংগণত খলকণি তোলিব সেয়া ভালদৰে বুজি পাই তেওঁৰ সৈতে ইতিমধ্যে চুক্তি সম্পন্ন কৰিছে বিশ্বৰ প্ৰখ্যাত ক্ৰীড়া কোম্পানী এডিভাছে৷ যোৱা জানুৱাৰীত ১৭ বছৰত ভৰি দিয়ে নাইটনে৷ উল্লেখ্য যে ২০০৩ ত আঠবাৰৰ অলিম্পিক জয়ী উইছেইন ব’ল্টে পেন আমেৰিকান জুনিয়ৰ এথলেটিকছ চেম্পিয়নশ্বিপত অনুদ্ধৰ্ ১৮ ৰ শাখাৰ ২০০ মিটাৰ দৌৰ ২০.১৩ ছেকেণ্ডত অতিক্ৰম কৰি অভিলেখ সৃষ্টি কৰিছিল৷ সদ্যসমাপ্ত আমেৰিকান ট্ৰেক মিটত বল্টৰ সেই অভিলেখ¸ নিজৰ নামলৈ আনে এৰিয়নে৷ ২০.১১ ছেকেণ্ড সময়লৈ ২০০ মিটাৰ দৌৰ সম্পূৰ্ণ কৰে এৰিয়নে৷ ইয়াৰ পিছতেই এৰিয়নে পাইছে ‘‘নতুন বল্ট’ৰ নাম৷ ইতিমধ্যে কেইবাটাও মাৰ্কিন নেচনেল ৰেকৰ্ড ভংগ কৰিছে এৰিয়নে৷

Leave a Reply

Your email address will not be published. Required fields are marked *