অলিম্পিয়া বিশেষ লেখা
এখন শান্ত সমাহিত নদীৰ দৰে স্থিতপ্ৰজ্ঞ ধোনি! কেপ্টেইন কুল বুলিয়েই সৰ্বত্ৰে পৰিচিত। কি ধাতুৰে গঢ়া ধোনি নামৰ ব্যক্তিত্ব!! সহজাত ৰিপুক বশ কৰিবলৈ কেনেদৰে সক্ষম অধিনায়ক!! এনে বহু প্ৰশ্নই বিচৰণ কৰি থাকে ধোনিৰ সহস্ৰ অনুৰাগীৰ মনত। যেন এক গৱেষণাৰ বিষয় এনে ধৈৰ্য, এনে সহনশীলতা। কিন্তু এনে শান্ত মেজাজৰ আঁৰতো আছে অন্য এক ধোনি। সততে সংবাদ মাধ্যমেও তুলি নধৰে ধোনিৰ এই প্ৰতিচ্ছবিখন। ইতিহাস সাক্ষী আছে। ধোনিৰো খং উঠে, অতীতত বহুবাৰ কেপ্টেইন কুলেও হেৰুৱাই পেলাইছে ধৈৰ্য। ঘটনাকেইটা এনেধৰণৰ-
১) আম্পায়াৰলৈ ৰঙা চকু!:প্ৰথমে, সৌ সিদিনাৰ আই পি এলৰ মেচখনৰ কথাই কওঁ। সিদিনা ডুবাইত মুখামুখি হৈছিল ছানৰাইজাৰ্ছ হায়দৰাবাদ আৰু চেন্নাই ছুপাৰ কিংছ। চেন্নাই ছুপাৰ কিংছে হায়দৰাবাদৰ সমুখত ১৬৮ ৰানৰ লক্ষ্য বান্ধি দিছিল। ইনিংছৰ ১৯ তম অভাৰত ধোনিয়ে বল হাতত তুলি দিছিল শ্ৰাদুল ঠাকুৰক। ছানৰাইজাৰ্ছ হায়দৰাবাদক জয়ৰ বাবে তেতিয়াও প্ৰয়োজন আছিল ২৫ ৰানৰ। শ্ৰাদুল ঠাকুৰৰ সমুখত আছিল ৰাছিদ খান। ঠাকুৰে প্ৰতিটো বলেই বেটৰ পৰা আঁতৰত ৰাখিবলৈ চেষ্টা কৰিছিল। অভাৰৰ দ্বিতীয়টো বলো যথেষ্ট বাহিৰত পেলাইছিল ঠাকুৰে। বলটো ৱাইড দিবলৈ আম্পায়াৰ পল ৰিফেলে দুহাত প্ৰসাৰিত কৰিছিলেই। কিন্তু আম্পায়াৰৰ সম্ভাব্য সিদ্ধান্তৰ অনুমান কৰি ধোনিয়ে আম্পায়াৰলৈ প্ৰশ্ন নিক্ষেপ কৰিছিল। ধোনিৰ দেহত দেখা পোৱা গৈছিল আক্ৰমনাত্মক এক ভংগী। স্বাভাৱিক নাছিল সেই আচৰণ অধিনায়কৰ। খেলৰ অন্তত টুইটাৰ, ফেচবুক আদি সামাজিক মাধ্যম গৰম হৈ পৰিল। সমালোচনাৰে থকাসৰকা কৰি দিয়া হ’ল কেপ্টেইন কুলক। জনপ্ৰিয় ধাৰাভাষ্যকাৰ ইয়ান বিশ্বপেও ক’লে আম্পায়াৰ সিদ্ধান্ত সঠিক নাছিল।
মুস্তাফিজৰক ঢকা: ২০১৫ চনৰ বাংলাদেশ ভ্ৰমণৰ সময়ৰ কথা। ধোনি নেতৃত্বত ভাৰতে ভাগ লৈছিল আন্তৰ্জাতিক এদিনীয়াৰ এটা চিৰিজত। চিৰিজৰ প্ৰথমখন মেচত বাংলাদেশৰ মুস্তাফিজুৰ ৰহমানৰ বলে ত্ৰাসৰ সৃষ্টি কৰিছিল ভাৰতীয় শিবিৰত। ভাৰতীয় ইনিংছৰ ২৫ তম অভাৰত নিজৰ দৃষ্টিকটু আচৰণৰে সংবাদ শিৰোনাম দখল কৰিলে কেপ্টেইন কুলে। ৰান লোৱাৰ পৰত বাংলাদেশী বলাৰ মুস্তাফিজুৰক ঢকা মাৰি দিয়াৰ সেই ঘটনাই খেলপথাৰ উত্তপ্ত কৰি তুলিছিল। পিছত ধোনি আৰু মুস্তাফিজুৰ দুয়োজনকে অখেলুৱৈসুলভ আচৰণৰ বাবে জৰিমনা বিহা হৈছিল।
আম্পায়াৰৰ ওপৰত গুজৰণি: ২০১২ চনৰ অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে এখন মেচ। ধোনিয়ে বল হাতত তুলি দিছিল ৰাইনাক। তেনেতে, মাইক হাচিক ষ্টাম্পিঙৰ বাবে আৱেদন কৰা হৈছিল। চূড়ান্ত সিদ্ধান্তৰ বাবে সেই আৱেদন তৃতীয় আম্পায়াৰলৈ প্ৰেৰণ কৰা হয়। তৃতীয় আম্পায়াৰে প্ৰথম অৱস্থাত আউট ঘোষণা কৰিছিল। হাচি বিষন্ন বদনে পেভিলিয়নমুখী হ’ল। কিন্তু কিছু সময় পিছতে ফিল্ড আম্পায়াৰে হাচিক পুনৰ উভতাই আনিলে। ক’লে, তৃতীয় আম্পায়াৰৰ সিদ্ধান্ত নট-আউট আছিল। কিন্তু টিভিৰ পৰ্দাত সেয়া ভুলকৈ প্ৰকাশ পাইছিল। তাতে ক্ষুদ্ধ হৈ পৰিছিল ধোনি। আম্পায়াৰৰ সৈতে কথাৰ কটাকটি পৰ্যন্ত হৈছিল সেই পৰত।
২০১৯ ৰ আই পি এলত ধোনিৰ গৰম মেজাজ: ২০১৯ ৰ আই পি এল। ১৫২ ৰানৰ লক্ষ্য আগত লৈ ক্ৰিজত নামে চেন্নাইৰ দলটো। শেষৰ অভাৰত চেন্নাইক প্ৰয়োজন আছিল ১৮ ৰানৰ। ইংলেণ্ডৰ বেন ষ্ট’কছৰ প্রথমটো বলতে ৰবীন্দ্ৰ জাদেজাই বল বাউণ্ডেৰীৰ পাৰ কৰায়। অভাৰৰ তৃতীয়টো বলত পেভিলিয়নমুখী হয় ধোনি। শেষ তিনি বলত চেন্নাইক প্ৰয়োজন আছিল ৮ ৰান। সেই সময়তে মিছেল চান্টনাৰৰ বিপক্ষে এটা ফুলটছ বল কৰে বেন ষ্ট’কছে। প্ৰথমে আম্পায়াৰে ন’ বল ঘোষণা কৰিছিল যদিও পিছত আকৌ সেই সিদ্ধান্ত বাতিল কৰে। ধোনি অগ্নিশৰ্মা হোৱাৰ বাবে সেয়াই যথেষ্ট আছিল। আম্পায়াৰৰ সৈতে ক্ৰিজৰ বাহিৰৰ পৰাই তৰ্কত লিপ্ত হয় ধোনি। কেপ্টেইন কুলৰ সেই আক্ৰমনাত্মক ভংগী অনাকাংক্ষিত আছিল ধোনিৰ অনুৰাগীৰ বাবে