Tuesday, October 4, 2022
HomeNewsজন্মদিন বিশেষ: ফুটবল এৰি কিয় এথলেটিকছ বাছি লৈছিল অৰ্জুন ভোগেশ্বৰ বৰুৱাই!!

জন্মদিন বিশেষ: ফুটবল এৰি কিয় এথলেটিকছ বাছি লৈছিল অৰ্জুন ভোগেশ্বৰ বৰুৱাই!!

অলিম্পিয়া বিশেষ প্ৰতিবেদন

✍️ পূৰ্ণানন্দ নেওগ

( ক্ৰীড়া সাংবাদিক জিন্টু বৰঠাকুৰ আৰু চিৰঞ্জীৱ শৰ্মাৰ দ্বাৰা ৰচিত আন্তৰ্জাতিক ক্ৰীড়াক্ষেত্ৰত ছটা দশকৰ অসমীয়া শীৰ্ষক কিতাপখনৰ সহায়ত লেখাটো যুগুতোৱা হৈছে।)

অসমৰ ক্ৰীড়া জগতৰ এক বৰ্ণিল চৰিত্ৰ ভোগেশ্বৰ বৰুৱা। এথলেটিকছত সুনাম অর্জন কৰিলেও ভোগেশ্বৰ বৰুৱা আছিল আন বহুকেইটা খেলত পাৰ্গত। সেই কথা হয়তো বহুতৰে জ্ঞাত নহয়। সাঁতোৰ, শ্বুটিং, ফুটবল, বক্সিং কি খেলা নাছিল তেওঁ। এগৰাকী সম্পূৰ্ণ ক্ৰীড়াবিদ আছিল এইগৰাকী অসমৰ সফলতম দৌৰবিদ। শিৱসাগৰৰ ঐতিহাসিক জয়সাগৰ পুখুৰীৰ পাৰত শৈশৱ পাৰ কৰা খেলুৱৈজনে ল’ৰালিতে সমনীয়াৰ লগত সাঁতুৰিছিল, ফুটবল খেলিছিল।

১৯৬০ চনৰ ২৩ নৱেম্বৰত তেওঁ যোগদান কৰিছিল ভাৰতৰ প্ৰতিৰক্ষা বিভাগৰ ই এম ই শাখাত। ইয়াৰ পৰাই আৰম্ভ হয় তেওঁৰ বৰ্ণিল খেলুৱৈ জীৱন। প্ৰতিৰক্ষা বাহিনীৰ হৈ তেওঁ ছুইমিং,শ্বুটিং, ফুটবল আদি খেলত ভাগ ল’বলৈ আৰম্ভ কৰিলে। লগতে অংশগ্ৰহণ কৰিছিল বক্সিঙৰো বিভিন্ন প্ৰতিযোগিতাত। ফুটবলত আছিল তেওঁৰ বিশেষ পাৰদৰ্শিতা। ১৯৬২ চনৰ ডুৰাণ্ড কাপ বিজয়ী প্ৰতিৰক্ষা বাহিনী দলটোৰ তেওঁ এজন সদস্য আছিল। তেওঁ আনকি ১৯৬২ চনত আমন্ত্ৰণ লাভ কৰিছিল অন্ধ্ৰপ্ৰদেশৰ ৰাজ্যিক দলৰ বাছনি শিবিৰলৈ। সেই সময়ত ৰাইটবেকত দুৰ্দান্ত প্ৰদৰ্শন আগবঢ়াইছিল বৰুৱাই। অন্ধ্ৰপ্ৰদেশৰ ৰাজ্যিক দলৰ বাছনি শিবিৰলৈ আমন্ত্ৰণ লাভ কৰিলে ঠিকেই। কিন্তু মূৰকত নিৰ্বাচিত ন’হল তেওঁ। সেই সময়ত প্ৰদৰ্শনৰ তুংগত থকা বৰুৱাই বাছনি লাভ নকৰাত সৰ্বত্ৰে প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল। বহু ক্ৰীড়ানুৰাগী আচৰিত হৈছিল। বৰুৱাও এনে কাৰ্যত ক্ষুণ্ণ হৈছিল। অৱশেষত বৰুৱাৰ জেদী মনটোৱে লৈ পেলালে সিদ্ধান্ত- নেখেলে তেওঁ আৰু ফুটবল। মনোনিৱেশ কৰিব এথলেটিকছত। পিছদিনাই তেওঁ বন্ধু পি কে দেৰ লগত উপস্থিত হৈছিলগৈ এন আই এছ প্ৰশিক্ষক সূৰ্য নাৰায়ণৰ ওচৰত। অভিজ্ঞ সূৰ্য নাৰায়ণে বৰুৱাৰ প্রতিভাৰ সঠিক উমান পাইছিল। ভোগেশ্বৰ বৰুৱা নামৰ ক্ৰীড়া সত্তাটোক আটোমটোকাৰীকৈ গঢ় দিয়াত এই সূৰ্য নাৰায়ণৰো আছিল অভূত বৰঙণি। তাৰ পিছত বৰুৱাক এগৰাকী আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ এগৰাকী খেলুৱৈ হিচাবে প্ৰতিষ্ঠা কৰিলে দ্ৰোণাচার্য বঁটা বিজয়ী গুৰু ইলিয়াচ বাবৰে। এনেদৰেই আমি আজি দেখিবলৈ পোৱা অৰ্জুন ভোগেশ্বৰ বৰুৱাৰ জন্ম হৈছিল। ফুটবল এৰি দেশৰ এগৰাকী শ্ৰেষ্ঠ এথলিট হোৱাৰ বাট এনেদৰেই মুকলি হৈছিল ভোগেশ্বৰ বৰুৱাৰ।

এছিয়ান গেমছত স্বৰ্ণ জয়ৰ বাতৰি প্ৰকাশ পাইছিল The Assam Tribune ত

ভোগেশ্বৰ বৰুৱাই এথলেটিকছত ভৰি দিয়ে ১৯৬২-৬৩ চনত। মুকলি ভাৰত এথলেটিকছৰ সেই প্ৰতিযোগিতাত ৪×৪০০ মিটাৰ ৰিলেত তেওঁ অর্জন কৰিছিল প্ৰথম স্থান। সেয়াই আৰম্ভণি। ইয়াৰ পিছত বহুবাৰ তেওঁ ৪০০, ৮০০ মিটাৰ দৌৰ আৰু ৪×১০০ মিটাৰ ৰিলেত ৰাষ্ট্ৰীয় চেম্পিয়নৰ খিতাপ লাভ কৰিছিল। ভোগেশ্বৰ বৰুৱাই তেওঁৰ জীৱনৰ প্ৰথমটো আন্তৰ্জাতিক সফলতা অৰ্জন কৰে ১৯৬৪ চনত। চিলনত অনুষ্ঠিত ইণ্ডো- চিলন ট্যুৰত ৪০০ আৰু ৮০০ মিটাৰ দৌৰত প্ৰথম স্থান দখল কৰিছিল। ৮০০ মিটাৰ দৌৰত তেওঁ গঢ়ি তোলে এক নতুন অভিলেখো। ৰাছিয়া ভ্ৰমণৰ অংশ হিচাবে ১৯৬৮ চনত তেওঁ মস্কো, ৰাছিয়া আৰু বাংকুৰত অংশ লোৱা প্ৰতিযোগিতাতো শ্ৰেষ্ঠত্ব অর্জন কৰিছিল এইগৰাকী অসম সন্তানে।

ডেকা বয়সৰ ভোগেশ্বৰ বৰুৱা

১৯৬৬ চনত ভোগেশ্বৰ বৰুৱাই অর্জন কৰিছিল জীৱনৰ বৃহৎ সফলতা। বেংককত অনুষ্ঠিত পঞ্চম এছিয়ান গেমছত আজুৰি আনে তেওঁ স্বৰ্ণ। সেইবাৰ টকিঅ’ এছিয়ান গেমছত জাপানৰ ৱাই মাৰাৱিয়ে গঢ়া ১.৫২ মিনিটৰ ৰেকৰ্ড। ইয়াৰ পিছত ১৯৭০ চনত অনুষ্ঠিত ষষ্ঠ এছিয়ান গেমছত ৪×৪০০ মিটাৰ ৰিলে দৌৰত দ্বিতীয় স্থান অৰ্জনৰে তেওঁ লাভ কৰিছিল ৰূপৰ পদক। সেয়া আছিল তেওঁৰ অন্তিম আন্তৰ্জাতিক সাফল্য। ভাৰতীয় ক্ৰীড়া ক্ষেত্ৰলৈ আগবঢ়োৱা অৱদানৰ বাবে কেন্দ্ৰীয় চৰকাৰে ১৯৬৭ কৃতিমান খেলুৱৈগৰাকীক প্ৰদান কৰে অৰ্জুন বঁটা। ২০১৯ চনত তেওঁক অসম চৰকাৰে বীৰ চিলাৰায় বঁটাৰে সন্মানিত কৰে

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

5 × 1 =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments