Wednesday, September 28, 2022
HomeNewsআইতাক ছেলিয়াৰ হাতত ধৰি খেলপথাৰলৈ…..

আইতাক ছেলিয়াৰ হাতত ধৰি খেলপথাৰলৈ…..

অলিম্পিয়া প্রতিবেদন

ফুটবল মানেই আবেগ, উত্তেজনা, শিহৰণ, শক্তি আৰু শৈলীৰ অনুপম সংমিশ্ৰণ৷ মনত জয়ৰ ক্ষুধা লৈ খেলপথাৰত নমা এজাক তজবজীয়া তেজাল যুদ্ধাৰ মহাৰণ৷ এই যুঁজৰেই এজন সফল সেনাপতি তেওঁ৷ অভিলেখৰ পিছত অভিলেখ৷ খেলপথাৰত নমাৰ পিছতেই গলৰ ক্ষুধা লৈ বিপক্ষৰ শিৰিৰত ত্ৰাসৰ সৃষ্টি কৰাৰ মানসিকতাই তেওঁক ‘‘মহানায়কৰ’’ শাৰীলৈ লৈ গৈছে৷

Goals are important if you want to win – তেওঁৰ ভাষ্য এয়া৷ চাৰিবছৰ পূৰ্বে সংবাদ মাধ্যমত প্ৰকাশিত এটি চমু সাক্ষাৎকাৰত তেওঁৰ ফুটবলত আকোঁৱালী লোৱাৰ আঁৰৰ ব্যক্তিগৰাকী কোন বুলি সোধা এটি প্ৰশ্নৰ উত্তৰ তেওঁ কিছু আৱেগিক হৈ কেৱল মাথো এটা শব্দই কৈছিল–‘‘আইতা’’৷ হয়, চাৰি বছৰ বয়সতেই আইতাক ‘‘ছেলিয়া’’ৰ হাতত ধৰি খেলপথাৰলৈ যোৱা লৰাজনেই আজি বিশ্ব ফুটবলৰ অন্যতম কাণ্ডাৰী লায়নেল মেছি৷

আইতাক ছেলিয়াৰ অতিকে মৰমৰ আছিল মেছি৷ মেছিয়েও বহুত ভাল পাইছিল আইতাকক৷ সেইবাবেই ক্লাৱ ফুটবলত কৰা প্ৰতিটো গলৰ পিছতে দুইহাত দাঙি আকাশলৈ আইতাক ছেলিয়াক স্মৰণ কৰে মেছিয়ে৷ পেছাদাৰী ফুটবলৰ প্ৰতিটো গ’লেই উছৰ্গা কৰে আইতাকৰ নামত৷ অতিকে মৰমৰ আইতাকে তেওঁৰ দহ বছৰ বয়স হওঁতেই এই পৃথিৱীৰ পৰা আঁতৰি গৈছে৷ শেহতীয়াকৈ সংবাদ মাধ্যমৰ সৈতে হোৱা কথোপকথনত মেছিয়ে একেধৰণৰ এক প্ৰশ্নৰ উত্তৰ দিবলৈ গৈ মেছিয়ে স্মৰণ কৰে আইতাকৰ হাতত ধৰি ফুটবল খেলপথাৰলৈ যোৱাৰ সেই কথাবোৰ৷

‘‘তেতিয়া মোৰ হয়তো চাৰি বছৰ সম্পূৰ্ণ হোৱাই নাছিল৷ ঘৰৰ কাষতে থকা খেল পথাৰখনত মোতকৈ বয়সত ডাঙৰ লৰাবোৰে ফুটবল খেলিথকা চাবলৈ সদায়েই আইতাই মোকে লৈ গৈছিল৷ সেই লৰাবোৰৰ মাজত এজন মোৰ ভতিজাও আছিল৷ ফুটবল প্ৰশিক্ষক জন আইতাৰ চিনাকী৷ সেইবাবে মাজে মাজে বল খেলিবলৈও পাওঁ৷ ফুটবলত মোৰ ৰাপ ইতিমধ্যে বাঢ়ি গৈছিল৷ এদিন মোক বেছি বয়সৰ লৰাবোৰৰ এক টুৰ্ণামেণ্টৰ বাবে আমাৰ স্থানীয় দলটোত এজন খেলুৱৈৰ আৱশ্যক হ’ল৷ কথাটো জানিব পাৰি ছেলিয়াই প্ৰশিক্ষকক লগ ধৰি মোক দলত লোৱাৰ বাবে খাটনি ধৰিলে৷ মই সৰু লৰা, দুখ পাম বুলি প্ৰশিক্ষকে কথাটো প্ৰথমে মানি লোৱা নাছিল৷ কিন্তু ছেলিয়াও নাচোৰ বান্দা৷ মোক দলত লবলৈ প্ৰশিক্ষকক বাৰে বাৰে খাটনি ধৰিলে৷ অৱশেষত মোক দলত লোৱা হ’ল আৰু মইও ভালেই খেলিছিলো৷ সেয়াই আছিল আৰম্ভণি৷ ইয়াৰ পিছত মাজে মাজে মই দলত খেলাৰ সুযোগ পাওঁ৷

চাৰি বছৰ বয়সতেই তেওঁৰ জন্মস্থান ৰজাৰিঅ’ত থকা ‘‘গ্ৰেন্দোলাৰ’’ ক্লাৱত যোগ দিয়ে মেছিয়েই৷ ইয়াৰ পিছত কেৱল ফুটবল খেলিছে মেছিয়ে৷ কেতিয়াবা ক্লাৱত কেতিয়াবা ৰাস্তাত….৷ কেৱল মাথো খেলি গৈছে তেওঁ৷ বিৰামহীনভাবে৷ আজি তেওঁ আৰ্জেণ্টাইন ফুটবল স্পন্দন৷ অন্যতম গৌৰৱ বিশ্বফুটবলৰ৷ মেছি লাখ লাখ অনুৰাগীৰ কোনো এজনে কলমৰ চিয়াহীঁ নিগৰাই লিখিছে, World stops when he starts to play
Lightning Fast, defenders he stay…

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

fifteen − seven =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments