Monday, October 3, 2022
HomeNewsমোহময়ী আন্নাৰ কথা!!

মোহময়ী আন্নাৰ কথা!!

✍️ যুগললোচন দাস

অলিম্পিয়া বিশেষ লেখা

৯০ দশকৰ টেনিছ বিশ্বত খলকণি তোলা এটা নাম আছিল আন্না কুৰ্নিকোভা। ৰূপ লাবন্য আৰু টেনিছ প্ৰতিভাৰে সমুজ্জ্বল হৈ পৰা ‘আন্না’ এতিয়াও কাৰোবাৰ বাবে নয়নৰ মণি, হাৰ্টথ্ৰব। আচলতে টেনিছ কোৰ্টলৈ সৌন্দৰ্যৰ পোহৰ নমাই আনিছিল আন্নাই। ৰাছিয়াৰ এই মোহময়ী টেনিছ তাৰকাগৰাকীয়ে নিজৰ কেৰিয়াৰত এটাও গ্ৰেণ্ডশ্লেম বা অন্য ছিংগলছ খিতাপ জয় কৰিব নোৱাৰিলেও তেওঁৰ নান্দনিক প্ৰদৰ্শনে সকলোকে স্তম্ভিত কৰিছিল। টেনিছত সৌন্দৰ্য্য, ফেশ্বন, গ্লেমাৰ আদি পয়োভৰ ঘটোৱাৰ ক্ষেত্ৰত আন্না অন্যতম বাটকটীয়া। এটি লাহি শৰীৰ দেহৰ ভাজে ভাজে অফুৰন্ত যৌৱন, মুকোমল আৰু কমনীয়তাৰে পৰিপূৰ্ণ মুখমণ্ডল আৰু দুটি আবেদনময়ী চকুৰে সকলোৰে হৃদয় জয় কৰিছিল আন্নাই ।

ফ্ল’ৰিডাৰ বিখ্যাত নিক বলেটিয়েৰী একাডেমীত ১২ বছৰ বয়সত টেনিছৰ পাঠ গ্ৰহন কৰা আন্নাই ১৯৯৬ চনত পেছাদাৰী প্ৰতিযোগিতাত আত্মপ্ৰকাশ কৰিছিল। মাত্ৰ ১৬ বছৰ বয়সত উইম্বলডনৰ ছেমিফাইনেল খেলি চমক দিছিল সকলোকে। কোৰ্টত টেনিছশিল্প আৰু সৌন্দৰ্যক একাকাৰ কৰা মোহময়ী আন্নাক চাবলৈ দৰ্শকে ভিৰ কৰা হ’ল ষ্টেডিয়াম। আন্না য’ত তাতেই দৰ্শকৰ লানি নিছিঙা ভিৰ। আচলতে আন্নাৰ খেল নে তেওঁৰ অপৰূপ সৌন্দর্য উপভোগ কৰিবলৈ আহে দৰ্শকে ভাবি নিজেই দিশহাৰা হৈ যায়। বহুতেই ‘যক্ষীৰাণী’ বুলি কবলৈ ল’লে আন্নাক। পিছলৈ আন্না বেছি সমাদৃত জনপ্ৰিয় হৈ পৰে এগৰাকী ‘গ্লেমাৰ গাৰ্ল’ ৰূপে। ৰূপহী হোৱাৰ বাবে বিভিন্ন কোম্পানীবোৰ ঢপলিয়াই আহিল আন্নাক বিজ্ঞাপনত পাবৰ বাবে। আন্নাৰ জনপ্ৰিয়তা কল্পনাতীত হোৱাৰ বাবেই সকলো কোম্পানীয়ে নিজৰ প্ৰচাৰৰ বাবে আন্নাক মডেল হিচাবে ব্যবহাৰ কৰিবলৈ ধৰিলে। ইয়াৰ ফলত প্ৰচুৰ ধন উপাৰ্জন কৰিলে আন্নাই। নিজৰ ৰূপহীদেহৰ বাবে আন্নাই খুব কম বয়সতে লাভ কৰিলে খ্যাতি, বল, অৰ্থ আৰু জনপ্ৰিয়তা। মডেলিং আৰু গ্লেমাৰৰ প্ৰতি বেছি মনোনিবেশ কৰাত টেনিছত আন্নাৰ প্ৰদৰ্শন নিম্নগামী হৈ পৰিলেও তেওঁক চাবলৈ কিন্তু দৰ্শকে ভিৰ কৰি থাকিল।

১৯৮২ চনত মস্কোত জন্ম গ্ৰহন কৰা আন্নাৰ পিতৃ ছাৰ্গেই এগৰাকী ৰাষ্ট্ৰীয় পৰ্যায়ৰ মল্লযুঁজাৰু। মস্কোৰ ইউনিভাৰচিটী অৱ ফিজিকেল, কালছাৰেল এণ্ড স্পৰ্টছৰ অধ্যাপক। মাতৃ আলা এগৰাকী দৌৰবিদ। আন্নাৰ টেনিছৰ প্ৰতি প্ৰেম সৰুকালৰ পৰাই। টিভিৰ সন্মুখত বহি আন্নাই খেলবোৰ ইমান বিভোৰ হৈ চাইছিল যে প্লেটৰ খোৱাবস্তুবোৰ চামোছেৰে মুখত নিদি শূন্যতে ঢালি দিছিল। এই ঘটনা প্ৰত্যক্ষ কৰিয়েই মাক-দেউতাকে আন্নাক টেনিছ শিকাবলৈ আৰম্ভ কৰিছিল আৰু ‘এথলেটিক হট হাউছ’ খ্যাত ক্লাৱ ‘স্পাৰটেক’ত জুনিয়ৰ সদস্য হিচাবে আন্নাক ভৰ্তি কৰাই দিছিল। পেছাদাৰী টেনিছলৈ অহাৰ পিছতে আন্না কেৱল খেলৰ বাবেই নহয় নিজৰ ৰূপ লাৱন্যৰ বাবেহে অধিক জনপ্ৰিয় হৈ পৰিল। ‘স্পাইচ গাৰ্ল’ ৰূপে পৰিচিত হৈ নিজৰ সৌন্দৰ্যৰ দ্বাৰা সংবাদ মাধ্যমত যি ধুমুহাৰ সৃষ্টি কৰিছিল সম্ভৱত টেনিছ ইতিহাসত কোনো তাৰকাই এনে চাঞ্চল্যৰ সৃষ্টি কৰিব পৰা নাছিল। চুপাৰ মডেল হৈ পৰা আন্নাই ‘মষ্ট ফটো গ্ৰাফ’ও শ্ৰেষ্ঠ সুন্দৰীৰ সন্মান পাইছিল ২০০২ চনত।


প্ৰেমৰ পৃথিৱীতো খলকনি তুলি সংবাদৰ শিৰোনাম হৈছিল আন্না। ৰাছিয়ান টেনিছ তাৰকা ছাগি ফেডাৰিক, পাভেল ব’ৰে শৈশৱৰ বন্ধু নিক লাছ লেপাণ্টি, মাৰ্ক ফিল’পাইছিছৰ সৈতে আন্নাৰ বহু মুখৰোচক ৰসাল প্ৰেমৰ কাহিনী প্ৰচাৰ হৈছিল। তথাপিও ‘ভাৰ্জিন মেৰী’ বুলিয়েই তেওঁ চৰ্চিত হৈ পৰিছিল। খেলতকৈ যৌন আবেদনময়ী শৰীৰেৰে পুৰুষৰ অন্তৰ জয় কৰা আন্নাৰ প্ৰথম বিবাহৰ বাতৰিয়েও সংবাদ মাধ্যমত ব্যাপক চৰ্চা লাভ কৰিছিল। ২০০২ চনৰ জুলাই মাহত ৰুছ হকী তাৰকা ছাৰ্গেই ফেডাৰভৰ সৈতে বিবাহ হৈছিল। কিন্তু দুয়োৰে দাম্পত্য জীৱন স্থায়ী হয় মাত্ৰ ছমাহ। বিবাহ বিচ্ছেদৰ পিছত আন্না প্ৰেমত পৰে বিখ্যাত পপ গায়ক এনৰিক ইগলিয়াছৰ সৈতে। দুয়োৰে প্ৰেম যথেষ্ঠ গভীৰ হৈ পৰে। ইগলেছিয়াৰ সৈতে তেওঁৰ ‘এছৰেপ’ নামৰ মিউজিক ভিডিঅ’ এলবামতো অভিনয় কৰিলে আন্নাই। দুয়োকে সঘনাই দেখা পোৱা যায় ফ্লৰিডাৰ মিয়ামী বিচ্ছত। পিছত দুয়ো বিবাহ পাশত আবদ্ধ হয়। এই প্ৰেমে ব্যাপক চৰ্চা লাভ কৰিছিল। বৰ্তমান আন্না তিনিটা সন্তানৰ মাতৃ। ইয়াৰ প্ৰথম দুটা যমজ। টেনিছ কেৰিয়াৰত এটাও ছিংগলছ খিতাপ জয় কৰিব নোৱাৰিলেও আন্না ২০০০ চনত বিশ্বৰেংকিঙৰ অষ্টম স্থানত উপনীত হৈছিল। অৱশ্যে তেওঁ ডাবলছত বেছি পাৰদৰ্শী আছিল আৰু ৰেংকিঙত দখল কৰিছিল শীৰ্ষস্থান। মাৰ্টিনা হিংগিছৰ সৈতে যুটি বান্ধি ডাবলছত ১৯৯৯ আৰু ২০০২ চনত অষ্ট্ৰেলিয়ান অপেন খিতাপ জয় কৰিছিল আন্নাই। পিঠি আৰু ৰাজহাড়ৰ আঘাতৰ বাবেই মাত্ৰ ২১ বছৰ বয়সতে টেনিছৰ পৰা অৱসৰ লৈছিল আন্নাই। পিছত তেওঁ আমেৰিকান টেলিভিছন পাৰ্ছনেলিটী হিচাবে খ্যাতি লাভ কৰে। আন্না কুৰ্নিকোভা এতিয়াও কিন্তু এটা চৰ্চিত নাম।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

two × 3 =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments