✍️ মৃদুপৱন বৰা
দেশৰ হৈ অলিম্পিকত পদক জয় কৰাটো যিকোনো খেলুৱৈৰে স্বপ্ন । কিন্তু এই সপোন বাস্তৱত পৰিণত কৰাটো সহজসাধ্য নহয়। অৱশ্যে লক্ষ্য যদি স্থিৰ হয়, তেন্তে প্ৰত্যাহ্বান ওফৰাই লক্ষ্যত উপনীত হয় । ইয়াৰ উজ্জল প্ৰমাণ মাৰ্কিন স্প্ৰিণ্টাৰ গেব্বী থমাছ।চলিত টকিঅ’ অলিম্পিকত দুটাকৈ পদক জয় গেব্বীৰ ।২০০ মিটাৰ দৌৰত ব্ৰঞ্জ পদক অৰ্জন মাৰ্কিন ট্ৰেক এণ্ড ফিল্ডৰ এথলীট গৰাকীৰ।৪X১০০ মিটাৰ ৰীলেত ৰূপৰ পদক লাভ গেব্বী থমাছৰ ।এই সফলতাৰ পিছতে এতিয়া বিশ্বজুৰি চৰ্চাত গেব্বী থমাছ। স্প্ৰিণ্টাৰ গেব্বী থমাছৰ সফলতা পূৰ্বৰ কোনো হাৰ্ভাৰ্ডৰ প্ৰাক্তন ছাত্ৰৰ নাই। বিশ্বৰ বহু শীৰ্ষস্থানীয় ব্যক্তি হাৰ্ভাৰ্ডৰ প্ৰাক্তন ছাত্ৰ। কিন্তু হাৰ্ভাৰ্ড বিশ্ববিদ্যালয়ৰ স্নাতক হৈ অলিম্পিকত পদক জয়ী কৰা প্ৰথম এথলীট হিচাপে স্বীকৃতি লাভ কৰে গেব্বী থমাছে।
১৯৯৬ চনৰ জৰ্জিয়াৰ আটলাণ্টাত জন্মগ্ৰহণ কৰা গেব্বীৰ সম্পূৰ্ণ নাম গেব্ৰিয়েল থমাছ। অলিম্পিকত প্ৰতিনিধিত্ব কৰাৰ ক্ষেত্ৰত বাৰম্বাৰ বাধাৰ সন্মুখীন হৈছিল গেব্বী। কেতিয়াবা যদি ৰোগত আক্ৰান্ত কেতিয়াবা আকৌ অলিম্পিকৰ যোগ্যতা অৰ্জনত ব্যৰ্থ। গেব্বীৰ টকিঅ যাত্ৰাও সুখকৰ নাছিল । অলিম্পিকৰ প্ৰস্তুতি শেষ কৰাৰ পিছতে যকৃতত টিউমাৰ ধৰা পৰিছিল গেব্বী থমাছৰ। পুনৰ অনিশ্চিত হৈ উঠে স্প্ৰিণ্টাৰগৰাকীৰ অলিম্পিকৰ যাত্ৰা। কিন্তু হাৰ নামানিলে দৌৰবিদগৰাকীয়ে। টিউমাৰত কেঞ্চাৰৰ জীৱানু নাথাকিলে দেশৰ নাম উজ্জল কৰিব, এই প্ৰতিজ্ঞা লৈছিল গেব্বীয়ে। ভাগ্যক্ৰমে টিউমাৰত কেঞ্চাৰৰ জীৱানু ধৰা নপৰাৰ পিছতে টকিঅ’ লৈ যাত্ৰা কৰে গেব্বীয়ে।
টকিঅ’ত দুটাকৈ পদক জয়েৰে প্ৰতিজ্ঞা পূৰণ কৰাত সফল হয় স্প্ৰিণ্টাৰগৰাকী। স্নায়ু বিদ্যাৰ স্নাতক গেব্বী টেক্সাছ বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ।এপিডমিওলজীৰ স্নাতকোত্তৰ গেব্বী থমাছ । বিদ্যালয় পৰ্যায়ত গেব্বী থমাছে ছফটবল খেলিছিল যদিও মাকৰ ইচ্ছানুসৰি এথলীট খেলাত গুৰুত্ব দিয়ে । ইয়াৰ পিছৰে পৰা ট্ৰেক এণ্ড ফিল্ডত অনুশীলন আৰম্ভ কৰে গেব্বী থমাছে। দুৰন্ত গতিৰ গেব্বী এতিয়া অলিম্পিকৰ পদক জয়ী এথলীটৰ অন্যতম চৰ্চিত খেলুৱৈ। যকৃতত টিউমাৰ লৈয়ে সাহসিকতাৰে দেশক প্ৰতিনিধিত্ব কৰি সফল হোৱা গেব্বী থমাছৰ ওপৰত দৃষ্টি নিৱদ্ধ বিশ্বৰ ক্ৰীড়ানুৰাগীৰ।