Friday, September 30, 2022
HomeNewsজুনিন'হ নেইমাৰ হোৱাৰ কাহিনী

জুনিন’হ নেইমাৰ হোৱাৰ কাহিনী

olympiasports.in

‘টাৰ্নিং প‌ইণ্ট’

১৯৯২ চনৰ জুন মাহৰ এক বৰ্ষণমুখৰ দিন। নেইমাৰ ছিনিয়ৰে পত্নী নেডাইন আৰু চাৰিমহীয়া সন্তানটো লগ লৈ ছেণ্ট’ছ অভিমুখে ৰাওনা হৈছে। ৰঙা ৰঙৰ বাহনখনৰ পিছৰ ছীটটোত চাৰিমহীয়া জুনিন’হ আলফুলে শুই আছে। পাহাৰীয়া অকোৱা-পকোৱা বাটেৰে বৰষুণৰ দিনত গাড়ী চলোৱাটো যথেষ্ট প্ৰত্যাহ্বানৰ কাম। নেইমাৰ ছিনিয়ৰৰ বাবে সেই প্ৰত্যাহ্বানেই কঢ়িয়াই আনিলে বিভীষিকা। সমুখৰ পৰা আহি থকা বাহন এখনে হঠাৎ অগা-ডেৱা কৰাত নেইমাৰ ছিনিয়ৰে সাউতকৈ বাঁও দিশে গাড়ীৰ ষ্টিয়েৰিং পকাই দিলে। সমুখৰ গাড়ীয়ে আহি তেওঁৰ গাড়ীৰ মাজভাগত আঘাত কৰিলেহি। নেইমাৰ ছিনিয়ৰৰ লগতে পত্নীও বেয়াকৈ আঘাতপ্ৰাপ্ত হ’ল। শৰীৰৰ অৱশতা আঁতৰি যেতিয়া সম্বিত ঘূৰি আহিল, জুনিন’হক বিচাৰি চলাথ কৰাৰ পিছতো ক’তো বিচাৰি নাপালে। দুয়োৰে মূৰত সৰগ ভাগি পৰিল। ভৰিৰ তলৰ মাটি হেৰুওৱাৰ দৰে আছিল সেই অনুভৱ। বহু সময় পাৰ হৈ গ’ল। জুনিন’হক বিচাৰি পোৱাৰ সকলো আশা প্ৰায় হেৰুৱাই পেলাইছিল নেইমাৰ দম্পতীয়ে। নেইমাৰ ছিনিয়ৰে ঈশ্বৰক প্ৰাৰ্থনা জনালে—‘ প্ৰয়োজন হ’লে জুনিন’হৰ সলনি মোকেই লৈ যোৱা জুনিন’হক ঘূৰাই দিয়া।’

কণমানি জুনিন’হ মাতৃ নেডাইনৰ কোলাত কাষত পিতৃ নেইমাৰ ছিনিয়ৰ

অৱশেষত যেন ঈশ্বৰে শুনিলে নেইমাৰ ছিনিয়ৰৰ প্ৰাৰ্থনা। জুনিন’হক বিচাৰি পোৱা গ’ল পিছৰ ছীটৰ তলত। তেজেৰে তুমৰলি কণমানি দেহটোক সাবটি লৈ যোৱা হ’ল হাস্পতাললৈ। চিকিৎসাৰ অন্তত লাহে লাহে শিশু জুনিন’হ সুস্থ হৈ উঠিল।

বিভিন্ন সময়ত নেইমাৰৰ হেয়াৰ ষ্টাইল

সিদিনা দুৰ্ঘটনাত কথমপি প্ৰাণ ৰক্ষা পৰা শিশু জুনিন’হ‌ই এসময়ত ইতিহাসৰ পাতত ফুটবল প্ৰতিভাৰে লিখি পেলালে নিজৰ নাম। নেইমাৰ জুনিয়ৰ নামটো জনপ্ৰিয় হৈ পৰিল বিশ্বৰ ফুটবল প্ৰেমীৰ মাজত। কিন্তু ফুটবল পথাৰত ভৰি দিয়াৰ আৰম্ভণিৰ সময়ছোৱাত নেইমাৰ থমকি ৰ’বলগীয়া হৈছিল। প্ৰতিভাৰ আকৰ নেইমাৰৰ দুভৰিৰ ছন্দত কাৰো সন্দেহ নাছিল। ১৩ বছৰ বয়সতে ৰিয়েল মাদ্ৰিদৰ দৰে দলৰ চকু পৰিছিল নেইমাৰৰ ওপৰত। ৰিয়েল মাদ্ৰিদৰ আগতে বাৰ্চিলোনায়ো শিশু নেইমাৰলৈ আগবঢ়াইছিল প্ৰস্তাৱ। অৱশ্যে পিছত পিতৃ নেইমাৰ ছিনিয়ৰে ৰিয়েল মাদ্ৰিদৰ সৈতে চুক্তি সম্পাদনা কৰে আৰু কিশোৰ নেইমাৰক স্পেইনলৈ লৈ যায়। এক মোটা অংকৰ ধন আগবঢ়াইছিল নেইমাৰলৈ। প্ৰশিক্ষণৰ কালত অংশলোৱা প্ৰতিখন মেচত প্ৰায় ২৭ টা গ’ল কৰিছিল মাত্ৰ ১৯ দিনৰ ব্যৱধানত। সকলো ঠিকেই চলি আছিল যদিও এমাহ পাৰ নৌহ‌ওঁতেই জুনিয়ৰৰ অৱস্থা লাহে লাহে বেয়া হৈ আহিছিল। ঘৰৰ পৰিবেশৰ পৰা আঁতৰি ক্ৰমে অসুস্থ হৈ পৰিল কিশোৰ নেইমাৰ। স্মৃতিকাতৰতাই সময়বোৰ অসহায় অসহায় কৰি তুলিলে। পৰিয়াল, বন্ধুবৰ্গ, তেওঁ পঢ়া বিদ্যালয়, ঘৰুৱা চহৰখন আৰু ছেণ্ট’ছলৈ মনত পৰি থকা হ’ল। সকলো সময়তে মনটো ভাৰাক্ৰান্ত হৈ থকা হ’ল। খাদ্যবোৰো জিভাত নলগা হ’ল। সময়বোৰো দুৰ্বিসহ হৈ পৰিল নেইমাৰৰ। পিতৃয়ে এইবাৰ অলপো পলম নকৰি ছেণ্ট’ছলৈ উভতি যোৱাৰ কথা ভাবিলে। ইতিমধ্যে মানসিক অস্থিৰতাই নেইমাৰৰ প্ৰদৰ্শনৰ ওপৰতো প্ৰভাৱ পেলাবলৈ ধৰিলে।নেইমাৰো ছেণ্ট’ছলৈ উভতি যোৱাৰ বাবে মান্তি হ’ল।

কৈশোৰ অৱস্থাত নেইমাৰ

২০১০ চনৰ ১৩ আগষ্ট‌। পিতৃ আৰু নেইমাৰ জুনিয়ৰে ছেণ্ট’ছ ফুটবল ক্লাবৰ এলভে’ৰৰ সৈতে আলোচনাত মিলিত হয়। সেই সময়ত ছেলছিয়ে ট্ৰেন্সফাৰ বীডৰ জৰিয়তে প্ৰস্তাৱ আগবঢ়াইছিল নেইমাৰলৈ। সেয়ে ছেণ্ট’ছৰ অধ্যক্ষৰে হোৱা আলোচনাখন গুৰুত্বপূৰ্ণ আছিল। আলোচনাৰ মাজতে অধ্যক্ষ লুইছে-কোঠাৰ সকলো লাইট বন্ধ কৰি দিলে। কেৱল এখন খালী চকীত কেন্দ্ৰীভূত হৈ থাকিল সমস্ত পোহৰ। নিৰ্দিষ্ট চকীখনলৈ আঙুলিয়াই অধ্যক্ষ লুইছে ক’লে– ‘এইখন চকী ৰাষ্ট্ৰৰ মহান ক্ৰীড়া নায়কজনৰ‌। ‘এৰিটন ছেন্না’ৰ মৃত্যুৰ পিছৰ পৰাই এই চকীখন খালী হৈ আছে। যদি নেইমাৰ জুনিয়ৰে ছেলছিৰ প্ৰস্তাৱ নাকচ কৰি ছেণ্ট’ছত থাকিব বিচাৰে, তেতিয়া এদিন হয়তো নেইমাৰেই এই চকীখনৰ উত্তৰাধিকাৰী হ’ব।’

ব্ৰাজিলৰ মহান ক্ৰীড়া নায়ক ‘এৰিটন ছেন্না’

অধ্যক্ষ লুইছৰ কথা কেইটাই নেইমাৰক ভবাই তুলিলে। আনকি ব্ৰাজিলিয়ান কিম্বদন্তি পেলেই টেলিফোন কৰি ছেণ্ট’ছৰ সৈতে থকাৰ পৰামৰ্শ আগবঢ়ালে। এই ছেণ্ট’ছত থাকিয়েই পেলছি পাঁচোটাকৈ বিশ্ব খিতাপ লাভ কৰিবলৈ সক্ষম হৈছিল। অৱশেষত প্ৰস্তাৱ অগ্ৰাহ্য কৰি নেইমাৰ ছেণ্ট’ছৰ সৈতে চুক্তিবদ্ধ হ’ল। নেইমাৰৰ নিজৰ ভাষাতেই ই আছিল তেওঁৰ জীৱনৰ ‘টাৰ্নিং প‌ইণ্ট’। ‘এইটো মোৰ কাৰণে এটা শ্ৰেষ্ঠ সিদ্ধান্ত আছিল। মই মোৰ ঘৰখন, বন্ধুবৰ্গ আৰু কেৰিয়াৰৰ কাৰণে এটা সঠিক পথ বাছি ল’লো।’ নেইমাৰৰ ‘মাই ষ্টৰি’ নামৰ আত্মজীৱনীমূলক গ্ৰন্থখনত এইদৰে উল্লেখ কৰে বৰ্তমান বিশ্বৰ এইগৰাকী দুৰন্ত ফুটবলাৰে।

পত্নী কেৰ’লিনা আৰু পুত্ৰ ডেভিডৰ লগত নেইমাৰ

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

4 × 5 =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments