✍️ পূৰ্ণানন্দ নেওগ
আজি সমগ্ৰ অসমবাসীৰ বাবে এটা আনন্দৰ দিন। এক ঐতিহাসিক ক্ষণৰ সাক্ষী হৈ ৰৈছে অসমীয়া জাতিটো। এতিয়াৰে পৰা প্ৰতিজন অসমীয়াই বুকু ফিন্দাই ক’ব পাৰিব যে অলিম্পিকত পদক আমাৰো আছে। কোনো পৰীক্ষাত প্ৰশ্ন আহিব যে অলিম্পিকত পদক লাভ কৰা অসমৰ প্ৰথমগৰাকী খেলুৱৈ কোন? উত্তৰ বিচাৰি পৰীক্ষাৰ্থী বিমুখ হ’ব নালাগে। এনে প্ৰশ্নৰ উত্তৰো আমাৰ হাতত এতিয়া আছে। অসমৰ ক্রীড়া ইতিহাসত স্বৰ্ণ যুগৰ সূচনা কৰি অসম কন্যা লাভলীনা বৰগোঁহাইয়ে অলিম্পিকত ব্ৰঞ্জৰ পদক জয় কৰাৰ পিছৰে পৰা আমাৰ বাবে কিছু কথা উজু হৈ পৰিল। বুধবাৰে টকিঅ’ অলিম্পিকৰ ছেমিফাইনেলত তুৰ্কীৰ কঠিন প্ৰতিপক্ষৰ হাতত পৰাস্ত হ’লেও লাভলীনাৰ জহতে সমগ্ৰ অসমবাসী এক নজিৰ বিহীন ঘটনাৰ সাক্ষী হৈ ৰ’ল।
অসমৰ পৰা এই পৰ্যন্ত চাৰিগৰাকী খেলুৱৈয়ে বিশ্ব ক্রীড়াৰ মহাৰণ অলিম্পিকত ভৰি থোৱাৰ সুযোগ লাভ কৰিছে। দীপাংকৰ ভট্টাচাৰ্য্যই সূচনা কৰা এই স্বৰ্ণিল যাত্ৰাৰ শেহতীয়া সংযোজন আছিল লাভলীনা। তাৰ মাজত আৰ্চাৰীত জয়ন্ত তালুকদাৰ, বক্সিঙত দুবাৰকৈ শিৱ থাপাই অলিম্পিকত দেশক প্ৰতিনিধিত্ব কৰিছিল। কিন্তু কোনেও এই পৰ্যন্ত ক্ৰীড়াৰ মেগা ইভেণ্টখনত বৰ উল্লেখযোগ্য প্ৰদৰ্শন আগবঢ়াব পৰা নাছিল। কেৱল বাৰ্চিলোনা অলিম্পিকত শ্বাটলাৰ দীপাংকৰ ভট্টাচাৰ্য্যই প্ৰি-কোৱাৰ্টাৰ ফাইনেললৈকে আগুৱাই অসমৰ লগতে ভাৰতবাসীৰ মনত আশাৰ সঞ্চাৰ কৰিছিল। কিন্তু প্ৰি-কোৱাৰ্টাৰত দীপাংকৰ ভট্টাচাৰ্য্যৰ আশা নিৰ্বাপিত কৰিছিল চীনৰ প্রতিপক্ষই। ইয়াৰ পিছত আৰ্চাৰীৰ দলগত শাখাৰ লগতে ব্যক্তিগত শাখাটো প্ৰতিদ্বন্দিতা আগবঢ়োৱা জয়ন্ত তালুকদাৰে কিন্তু প্ৰাৰম্ভিক পৰ্যায়তে থমকি ৰ’ব লগা হৈছিল। ঠিক সেইদৰে অলিম্পিকত অংশগ্ৰহণ কৰা দেশৰ সৰ্বকণিষ্ঠ বক্সাৰ শিৱ থাপায়ো এই পৰ্যন্ত দুবাৰকৈ অলিম্পিকত অংশগ্ৰহণ কৰিছে যদিও দুয়োবাৰেই প্ৰাৰম্ভিক ৰাউণ্ডৰ পৰাই বাহিৰ হ’বলগীয়া হৈছিল। তাৰ বিপৰীতে কিন্তু লাভলীনাৰ এই অলিম্পিক যাত্ৰা আছিল কাৰ্যতঃ কিছু পৃথক। কৰ’না মহামাৰীৰ বাবে অলিম্পিকৰ প্ৰাক মুহূৰ্তত পৰ্যাপ্ত আন্তঃৰাষ্ট্ৰীয় টুৰ্ণামেন্টত অংশগ্ৰহণৰ সুবিধা পোৱা নাছিল লাভলীনাই। নিজেও কৰ’নাত আক্ৰান্ত হৈ কিছু দিনৰ বাবে অনুশীলনৰ পৰাও আঁতৰি থাকিবলগীয়া হৈছিল লাভলীনাই। তাৰ মাজতে মাতৃৰ অসুখৰ বাৰ্তায়ো লাভলীনাক কিছু আমনি দি আহিছিল। কিন্তু ইমানৰ পিছতো নিজ লক্ষ্যৰ পৰা অলপো বিচলিত হোৱা নাছিল বিশ্বৰে এই মুহূৰ্তৰ আগশাৰীৰ বক্সাৰগৰাকী। টকিঅ’ অলিম্পিকৰ প্ৰথম ৰাউণ্ডৰ খেলত টাই লাভ কৰাৰ পিছত প্ৰি-কোৱাৰ্টাৰত জাৰ্মানীৰ প্ৰতিপক্ষ নাডীয়া এপেজক সহজেই পৰাস্ত কৰি কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰে লাভলীনাই। কোৱাৰ্টাৰ ফাইনেলত চাইনীজ টাইপেইৰ কঠিন প্ৰতিদ্বন্দী চেন নিয়েন চিনক পৰাস্ত কৰি অলিম্পিকৰ ছেমিত প্ৰৱেশ কৰাৰ লগে লগে অলিম্পিকত কমেও এটা পদক নিশ্চিত হৈ পৰে বক্সাৰগৰাকীৰ।
গোলাঘাটৰ বাৰমুখীয়াৰ পৰা টকিঅ’লৈ লাভলীনাৰ এই যাত্ৰা সহজ নাছিল। তথাপি যাত্ৰাপথৰ কঠিন প্ৰত্যাহ্বান নেওচি লাভলীনাই সফলতাৰ যি চৰম সীমা স্পৰ্শ কৰিলে সেয়া যেন এক ৰূপকথাৰহে অংশবিশেষ। গোলাঘাটৰ টিকেন বৰগোঁহাই আৰু মামণি বৰগোঁহাইৰ জীয়ৰী লাভলীনাৰ স্বপ্নৰময় যাত্ৰাৰ এয়া কেৱল আৰম্ভণিহে। ইয়াৰ পিছতো আৰু অলেখ সাফল্য, অনেক ইতিহাসসৃষ্টিকাৰী মুহূৰ্তই অপেক্ষা কৰি আছে ভাৰতীয় বক্সিঙৰ নতুন সম্ৰাজ্ঞী লাভলীনালৈ। তাৰ বাবে আমি সকলো অসমীয়াই অধীৰ আগ্ৰহেৰে বাট চাই আছোঁ।