Tuesday, October 4, 2022
HomeNewsটেষ্টত শতৰানৰ মুখ নেদেখা ভাৰতীয় অপেনাৰজন!!

টেষ্টত শতৰানৰ মুখ নেদেখা ভাৰতীয় অপেনাৰজন!!


✍️ যুগললোচন দাস

৭০-৮০ দশকত ভাৰতীয় টেষ্ট দলৰ অ’পেনাৰ দুজনক যথেষ্ট সমীহ কৰিছিল বিশ্বৰ ভয়াবহ বলাৰ সকলে। এই অপেনাৰ দুজন হ’ল সুনীল মনোহৰ গাভাস্কাৰ আৰু চেতন চৌহান। প্ৰতিপক্ষ দলৰ হৈ অপেনিং কৰিবলৈ বেটিং ক্ৰীজত নামিলেই বলাৰৰ মূৰৰ বিষ হৈ পৰিছিল সুনীল-চেতনৰ অপেনিং যুটি। গাভাস্কাৰে নিজস্ব ধ্ৰুপদী শৈলীৰে ধীৰে-সুস্থিৰে খেলি যোৱাৰ বিপৰীতে চৌহান আছিল আক্ৰমণাত্মক। গাভাস্কাৰক আউট কৰা কঠিন। সেইদৰে চৌহানৰ মাৰমুখী বেটিঙত বলাৰ অসহায় পৰে যদিও তেওঁ নিজৰ ভুলৰ বাবেই আউট হ’বলগীয়া হৈছিল যাৰ ফলত তেওঁ শতৰানৰ কাষ চাপিও থমকি ৰৈছিল। গাভাস্কাৰ যদি হিৰ’ হৈ পৰে চৌহান হৈ পৰে ট্রেজিক হিৰ’। এইজন ভাৰতীয় অপেনাৰ চেতন চৌহান ১৬ আগষ্টত মহামাৰী ক’ৰুণাৰ সৈতে যুঁজি শেষত পৰাস্ত হ’বলগীয়া হ’ল। মৃত্যুৰ সময়লৈকে চৌহান আছিল উত্তৰ প্ৰদেশ চৰকাৰৰ এজন দায়িত্বশীল মন্ত্ৰী। ক’ৰনাত মৃত্যুবৰণ কৰা চৌহানেই ভাৰতৰ একমাত্ৰ প্ৰাক্তন টেষ্ট ক্ৰিকেটাৰ। এইজন ক্ৰিকেটাৰৰ মনত এটা ডাঙৰ দুখ থাকি গ’ল যে দেশৰ হৈ ৪০ খন টেষ্ট মেচ খেলিও এবাৰো শতৰাণ কৰিবলৈ সক্ষম নহ’ল। অথচ শতক অবিহনে চৌহানে টেষ্টত ২০০০ ৰো অধিক ৰান সংগ্ৰহ কৰি অভিলেখ গঢ়িছিল।

তেওঁৰ টেষ্ট কেৰিয়াৰত অপেনিং কৰি ৮০ ৰানৰ ঘৰত উপনীত হৈছিল ৭ বাৰ। তাৰ ভিতৰত ৯০ ৰানৰ সীমা অতিক্ৰম কৰিছিল ২ বাৰ। কিন্তু তেওঁ এশৰ ঘৰ অতিক্ৰম কৰিবলৈ কোনোদিন সক্ষম নহ’ল। ‘নাৰ্ভাছ নাইণ্টি’ৰ চিকাৰ হৈছিল চৌহান। পৰিসংখ্যা অনুসৰি প্ৰথম শ্ৰেণীৰ ক্ৰিকেটত ১৭৯ খন মেচ খেলি চেতনে সংগ্ৰহ কৰিছে ১১,১৪৩ ৰান। গড় ৪০.২২ । ইয়াৰ ভিতৰত শতৰান ২১ আৰু অৰ্ধশতক ৫৯ টা। এই অৰ্ধশতকৰ ভিতৰত ১৬ টা হ’ল টেষ্টৰ। অৰ্থাৎ টেষ্টত চৌহানে ১৬ বাৰ পঞ্চাশৰ (৫০) ঘৰ অতিক্ৰম কৰি গ’লেও তাক এবাৰো বৃহৎ ইনিংছলৈ পৰিবৰ্তন কৰাত ব্যৰ্থ হৈছিল। ৯০ ৰ ঘৰত আউট হেছিল দুবাৰ। সৰ্বোচ্চ ৯৭ । তাৰ আগতে এবাৰ ৯৩ ৰানত আউট হৈছিল। ‘নাৰ্ভাছ নাইণ্টি’ৰ চিকাৰ হোৱাৰ বাবেই তেওঁক একাংশ সামালোচকে ‘চোৰ্কাছ’ বুলি কৈছিল।

চেতন চৌহানৰ নামত থকা আন এটি অদ্ভুত ৰেকৰ্ড হ’ল যে কোনো চেঞ্চুৰী নোহোৱাকৈ টেষ্টত আটাইতকৈ বেছি ৰান সংগ্ৰহৰ অভিলেখ গঢ়িছিল তেওঁ। অৱশ্যে পিছত এই অভিলেখ ভংগ কৰে অষ্ট্ৰেলিয়াৰ শ্বেন ৱাৰ্ণে। অষ্ট্ৰেলিয়াৰ স্পিনাৰজনে শতৰান অবিহনে ১৪৫ খন টেষ্টত সংগ্ৰহ কৰিছিল ৩.১৫৪ ৰান। আনহাতে চৌহানে ৪০ খন টেষ্টত সংগ্ৰহ কৰিছিল ২,০৮৪ ৰান। এই তালিকাত ৱাৰ্নৰ পিছতেই আছে চৌহান।

সুনীল গাভাস্কাৰৰ সৈতে অপেনিং কৰিও অভিলেখ গঢ়িছিল চৌহানে। দুয়ো ৫৯ টা ইনিংছত অপেনিং যুটি খেলি সংগ্ৰহ কৰিছিল ৩০১০ ৰান। সুদীৰ্ঘ দিনৰ পিছত এই ৰেকৰ্ড ভংগ কৰে ভাৰতৰেই বীৰেন্দ্ৰ সেৱাগে আৰু গৌতম গম্ভীৰে। কিন্তু গাভাস্কাৰ চৌহানৰ সম্নিলিত গড় আছিল ৫৩.৭৫। তাৰ বিপৰীতে সেৱাগ গম্ভীৰৰ যুটিও ৰানৰ গড় হ’ল ৫২.৫২ । এই ক্ষেত্ৰত গাভাস্কাৰ-চৌহান যুটিয়েই শ্ৰেষ্ঠ। এই দুজন অপেনাৰৰ যুটিত টেষ্টত শতাধিক ৰান সংগ্ৰহ হৈছে ১০ বাৰ। শ্ৰেষ্ট হ’ল ১৯৭৯ চনত দ্য অভেলত ইংলেণ্ডৰ বিৰুদ্ধে দ্বিতীয় ইনিংছৰ ২১৩ ৰান। চৌহানৰ বৰঙনি আছিল ৮০ ৰান। গাভাস্কাৰে সংগ্ৰহ কৰিছিল ২২১ ৰান। তেওঁলোকে ভংগ কৰিছিল ১৯৩৬ চনত অল্ডট্রেফৰ্ডত বিজয় মাচেণ্ট আৰু মুস্তাক আলীয়ে সংগ্ৰহ কৰা ২০৩ ৰানৰ অভিলেখ। ১৯৮১ৰ চনত মেলবৰ্ন টেষ্টত ভাৰতৰ জয়ত অন্যতম বৰঙনি আছিল চৌহানৰ।

টেষ্ট ক্ৰিকেটত চৌহান যিমান সফল আছিল সীমিত অভাৰৰ ক্ৰিকেটত তেনে সফলতা নাপালে। অৱশ্যে তেওঁ ৭ খনহে এদিনীয়া মেচ খেলিছিল। ৰানৰ গড় ২১.৮৫।লিষ্ট এ ক্ৰিকেটতো চৌহান সিমান মনযোগী নাছিল। লিষ্ট এ ক্ৰিকেটত ২৬ খন মেচ খেলিছিল আৰু ৰানৰ গড় ২৪.৬৮ । কিন্তু প্ৰথম শ্ৰেণীৰ ক্ৰিকেটত ৪০.২২ আছিল ৰানৰ গড়।

৪০ খন টেষ্টত ৩৭.৫৭ গড়ে শতকবিহীন ভাবে ২০৮৪ ৰান সংগ্ৰহ কৰি অৱসৰ লৈ চৌহানে পিছত এজন ৰাজনৈতিক হিচাবে দ্বীতিয় ইনিংছ আৰম্ভ কৰিছিল। তেওঁ উত্তৰ প্ৰদেশত যোগী আদিত্য নাথৰ বি জে পি চৰকাৰৰ কেবিনেটত সৈনিক কল্যাণ,হোমগাৰ্ড, পি আৰু ডি আৰু সামাজিক সুৰক্ষা বিভাগৰ মন্ত্ৰীৰ পদত সেৱা আগবঢ়াইছিল। ৮০ ৰ দশকতে চৌহানে ৰাজনীতিত প্ৰৱেশ কৰিছিল আৰু উত্তৰ প্ৰদেশৰ আলমোৰাৰ পৰা বিজেপিৰ সাংসদ হিচাবে নিৰ্বাচিত হৈছিল। তাৰ আগতে চৌহান ভাৰতীয় ক্ৰিকেট দলৰ মেনেজাৰ নিযুক্ত হৈছিল। তেওঁৰ তত্বাৱধানতেই ভাৰতে ২০০১ চনত অষ্ট্ৰেলিয়া ভ্ৰমণত ঐতিহাসিক জয় সাব্যস্ত কৰিছিল। উত্তৰ প্ৰদেশ চৰকাৰৰ ক্ৰীয়া মন্ত্ৰীৰ দায়িত্ব পালন কৰা চৌহান আছিল নেচনেল ইনষ্টিটিউট অৱ ফেশ্বন টেকন’লজিৰো অধ্যক্ষ।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

4 × two =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments