Wednesday, May 25, 2022
HomeNewsব্ৰায়ান লাৰাৰ সেই বিখ্যাত ৪০০ ৰানৰ ইনিংছৰ আঁৰৰ কাহিনীটো আৰু লাৰাৰ জীৱনৰ...

ব্ৰায়ান লাৰাৰ সেই বিখ্যাত ৪০০ ৰানৰ ইনিংছৰ আঁৰৰ কাহিনীটো আৰু লাৰাৰ জীৱনৰ টাৰ্নিং পইণ্ট

olympiasports.in

৯১ৰ ইংলেণ্ড ভ্ৰমণৰ কথা। ভ্ৰমনসূচীৰ প্ৰথমখন খেলতে ইংলেণ্ডৰ হাতত ৱেষ্ট ইণ্ডিজৰ পৰাজয়বৰণ। খেলখনত ৱেষ্ট ইণ্ডিজৰ বেটিং বিপৰ্যয় আছিল পৰাজয়ৰ মূল কাৰণ। দুয়োটা ইনিংছত দলটোৰ ৰান আছিল ক্ৰমে ১৭৩ আৰু ১৬২। ৬৯ বছৰৰ ভিতৰত ইংলেণ্ডৰ বিপক্ষে এয়া আছিল দলটোৰ প্ৰথমটো পৰাজয়। সৰ্বত্ৰ সমালোচিত হৈছিল দলটো। সেইদিনা ৰাতি এখন ৰেস্তোৰাঁত ব্ৰায়ান সংগী উইকেটকীপাৰ ডেভিড উইলিয়ামছৰ সৈতে বহিছিলগৈ কিছু সময় অতিবাহিত কৰিবলৈ। লাৰা সেই সময়ত মূল একাদশৰ পৰা বাহিৰত। কথা প্ৰসংগত উইলিয়ামছক লাৰাই ক’লে, ‘দুৰ্বল বেটিঙৰ বাবেই আমি মেচখন হাৰিলোঁ।’

সেই সময়ত একেখন ৰেস্তোৰাঁতে আছিল ৱেষ্ট ইণ্ডিজ দলৰ মেনেজাৰ ল্যান্স গিবছ। গিবছক অসন্তুষ্ট কৰিবলৈ লাৰাৰ এই কথাষাৰেই যথেষ্ট আছিল। গিবছে কথাষাৰ শুনি অনুমান কৰি লৈছিল যে লাৰাই মেচখনত খেলিবলৈ সুবিধা নোপোৱাৰ বাবেই তেনেকৈ কৈছে। দিনটোৰ পৰাজয়ে আনি দিয়া গ্লানিখিনিয়ে ইতিমধ্যেই অস্বস্তিত ৰাখিছিল গিবছক। লাৰৰ কথা শুনি খং ৰাগেৰে জৰ্জৰিত গিবছে কিছু টানকৈয়ে কৈ উঠিল, “তোমাৰ দৰে বেটছমেনে লৰ্ডছৰ পিটছত একো কৰিব নোৱাৰা। তুমি হোৱা হলেও ব্যৰ্থই হ’লাহেঁতেন। নে তুমি নিজকে গেৰী ছোবাৰ্ছ বুলি ভাবা!”

গিবছৰ কৰ্কথনা খিনিৰ বাবে লাৰা প্ৰস্তুত নাছিল।ইমান অপমানজনক কথা শুনিব লাগিব বুলিব লাৰাই ভবাই নাছিল। কথাখিনিয়ে কাঁইটে বিন্ধা দি বিন্ধিলে লাৰাক। লাৰাই উত্তৰ দিবলৈ পিছ নুহুকিলে- নাজানো বাৰু পাৰিম নে নাই! তেন্তে তেওঁলোকে যিদৰে খেলিছে মোকো তেনেকৈ খেলাৰ এটা সুযোগ নিদিয়ে কিয়?” এইবুলি কৈয়েই লাৰা আৰু এখন্তেকো তাত নৰ’ল।

বুকুত অপমানৰ একুৰা জুই জলিবলৈ লাগিল। কোনে জানে উমি উমি জ্বলি থকা অপমানৰ সেই জুইকুৰাৰ আঁৰত লুকাই আছিল ৩৭৫ ৰানৰ ইনিংছটো। টেষ্ট ক্রিকেটৰ ইতিহাসত গেৰী ছোবাৰ্ছে প্ৰতিষ্ঠা কৰা ইতিহাস ধূলিসাৎ কৰি লাৰাই ৰচনা কৰিলে নতুন ইতিহাস। ইংলেণ্ডৰ বিৰুদ্ধে এন্তিগুৱা টেষ্টত প্ৰভাৱশালী এক বলিং আক্ৰমণক টচনচ কৰি ৩৬ বছৰৰ পুৰণা ৩৬৫ ৰানৰ ইনিংছটো স্পৰ্শ কৰাই নহয় পৰৱৰ্তী সময়ত সেই ইনিংছ পাৰ কৰি নতুন ৰেকৰ্ড গঢ়ে লাৰাই।

এই টেষ্ট ৰেকৰ্ডটো গঢ়াৰ ঠিক পঞ্চাশ দিনৰ পিছত প্ৰথম শ্ৰেণীৰ ক্ৰিকেটতো সৰ্বোচ্চ ৰান গঢ়াৰ আন এক ৰেকৰ্ড গঢ়িলে লাৰাই। গিবছে কৰা অপমানৰ গ্লানিৰ পৰা তেতিয়াও হয়টো সম্পূৰ্ণৰূপে মুক্ত হোৱা নাছিল। এজবাষ্টান ওয়াৰউইকশ্বায়াৰৰ হৈ ডাৰহামৰ বিপক্ষে বিশাল ৫০১ ৰানৰ ইনিংছটো পৰিগণিত হল প্ৰথম শ্ৰেণী ক্রিকেটৰ সৰ্বোচ্চ ৰানত। এনেদৰেই দুটাকৈ বিশ্ব ৰেকৰ্ডৰ গৰাকী হ’ল লাৰা। তাৰ পিছত আহিল ২০০৪ চনৰ ইংলেণ্ডৰ বিপক্ষে খেলা পাহাৰসদৃশ ৪০০ ৰানৰ সেই বিখ্যাত ইনিংছটো। যিটো ইনিংছৰ বাবে লাৰা চিৰদিন টেষ্ট ক্ৰিকেটৰ ইতিহাসত মহানতম ক্ৰিকেটাৰ হিচাবে চিহ্নিত হৈ ৰ’ব।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

9 + 15 =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments