Wednesday, July 6, 2022
HomeOur PrideCricketশীঘ্ৰেই উভতিব 'দ্য ইউনিভাৰ্চেল বছ'!

শীঘ্ৰেই উভতিব ‘দ্য ইউনিভাৰ্চেল বছ’!

অলিম্পিয়া প্ৰতিবেদন

প্ৰতিজন ক্ৰিকেট উন্মাদে তেওঁৰ অনুপস্থিতি অনুভৱ কৰিছে। তীব্ৰ শিহৰণ, উত্তেজনা আৰু অনিশ্চয়তাৰ আই পি এলত বেটিং পৰাক্ৰমৰে ষ্টেডিয়ামত সততে আটচবাজিৰ সৃষ্টি কৰা ‘দ্য ইউনিভাৰ্চেল’ বছ ক্ৰিছ গেইল এইবাৰ ক্ৰিজত অনুপস্থিত। তেওঁৰ অনুপস্থিতিক লৈ অনুৰাগীৰ হাজাৰ প্ৰশ্ন। কিন্তু উত্তৰ নাই কাৰোৰে হাতত। কিংছ ইলেভেন পঞ্জাৱৰ বিপৰ্যয়ৰ পৰতো গেইলক দেখিবলৈ নোপোৱা কথাটোয়ে বিভিন্ন প্ৰশ্নৰ অৱতাৰণা কৰিছিল দলটোৰ অনুৰাগীৰ মাজত। মাজতে চিকিৎসাধীন অৱস্থাত থকা তেওঁৰ ফটো ভাইৰেল হৈ পৰিছিল। সকলোৰে মনত প্ৰশ্নৰ উদয় হৈছিল আচলতে কি হৈছে দ্য ইউনিভাৰ্চেল বছৰ!!

কোৱা হৈছে খাদ্যৰ বিষক্ৰিয়াত আক্ৰান্ত হৈ চিকিৎসাধীন থাকিবলগীয়া হৈছিল গেইল। কিংছ ইলেভেন পঞ্জাৱৰ মুখ্য প্ৰশিক্ষক অনিল কুম্বলেৰ মতে খেলুৱৈগৰাকী খাদ্যৰ বিষক্ৰিয়াত যোৱা সপ্তাহ চিকিৎসাধীন হৈ আছিল। যাৰ বাবে ছানৰাইজাৰ্ছ হায়দৰাবাদ আৰু কলকাতা নাইট ৰাইডাৰ্ছৰ বিৰুদ্ধে টুৰ্ণামেণ্টৰ দুখন গুৰুত্বপূৰ্ণ মেচত অংশ ল’ব নোৱাৰিলে মাৰমুখী বেটছমেনজনে। অৱশ্যে, বৰ্তমান ক্ৰমাৎ সুস্থ হোৱাৰ পথত গেইল। অহা বৃহস্পতিবাৰে ৰয়েল ছেলেঞ্জাৰ্ছ বেংগালুৰুৰ বিপক্ষে গেইলক দেখা পোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। সেয়ে হ’লে সেইখন হ’ব তেওঁৰ এই বৰ্ষৰ প্ৰথমখন মেচ।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

3 × two =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Archives list

Recent Comments