Friday, September 30, 2022
HomeNewsভাৰতীয় হকীৰ সফলতাৰ নেপথ্যত দুৰন্ত নবীন !!

ভাৰতীয় হকীৰ সফলতাৰ নেপথ্যত দুৰন্ত নবীন !!

অলিম্পিয়া বিশেষ প্রতিবেদন

তেওঁ নিজেও এসময়ত হকী খেলিছিল। স্কুল হকী দলৰ গ’লৰক্ষক আছিল। সময়ৰ পাকচক্ৰত খেলুৱৈ হোৱাৰ বাসনা পূৰ ন’হলেও সাম্প্ৰতিক সময়ত ভাৰতীয় হকীৰ পুনৰুত্থানত তেওঁ এক উল্লেখনীয় ভূমিকা গ্ৰহণ কৰিছে। ইতিমধ্যে সেই কথা গোপন হৈ থকা নাই। ভাৰতীয় পুৰুষ আৰু মহিলা হকীৰ পূৰ্বৰ গৰিমা চলিত টকিঅ’ অলিম্পিকতে ঘূৰাই পোৱাৰ আঁৰত আছে সেই ব্যক্তিজনৰ অহোপুৰুষাৰ্থ। বয়সৰে প্ৰবীণ হ’লেও কামেৰে নবীন হৈ থকা এইগৰাকী ব্যক্তি হৈছে উৰিষ্যাৰ মুখ্যমন্ত্ৰী নবীন পাটনায়ক।

টকিঅ’ অলিম্পিকত পুনৰুজ্জীৱিত হৈ পৰা ভাৰতীয় হকীক লৈ বহুতেই আচৰিত হ’লেও আচলতে এই সাফল্যৰ আধাৰশিলা ৰচনা হৈছিল আজিৰ পৰা কেইবাবছৰ আগতেই। ২০১৮ চনত যেতিয়া সাহাৰাৰ সৈতে ভাৰতীয় হকী দলৰ চুক্তিৰ ম্যাদ উকলিছিল, তেতিয়া উৰিষ্যা চৰকাৰ আগবাঢ়ি আহিছিল ভাৰতীয় হকীৰ সহায় হ’বলৈ। ভাৰতীয় হকীৰ ছিনিয়ৰ আৰু জুনিয়ৰ উভয় দলৰে স্পনছৰৰ বাবদ হকী ইণ্ডিয়াৰে প্ৰায় ১৫০ কোটি টকাৰ চুক্তি স্বাক্ষৰ হৈছিল উৰিষ্যা চৰকাৰৰ। ভাৰতীয় ক্রীড়া ইতিহাসত এনেদৰে কোনো এখন ৰাজ্য চৰকাৰে জাতীয় দল এটাক স্পনছৰ কৰাৰ উদাহৰণ এয়াই প্ৰথম আছিল। উৰিষ্যা চৰকাৰে কেৱল ভাৰতীয় হকী দলক স্পনছৰ কৰাতেই দায়িত্ব সামৰা নাছিল। উৰিষ্যাত হকীৰ জনপ্ৰিয়তা বৃদ্ধিৰ লগতে খেলবিধৰ উত্তৰণৰ বাবে বিভিন্নধৰণৰ পন্থা গ্ৰহণ কৰিছিল উৰিষ্যা চৰকাৰে।

২০১৮ চনত নবীন পাটনায়ক নেতৃত্বাধীন উৰিষ্যা চৰকাৰে টাটা গ্রুপৰ সহযোগত ভুৱেনশ্বৰত গঢ়ি তুলিলে উৰিষ্যা নেভেল টাটা হকী হাই পাৰফৰ্মেন্স চেণ্টাৰ। যাৰ জৰিয়তে ৰাজ্যখনৰ উদীয়মান খেলুৱৈসকলক হকীৰ অনুকূল এক পৰিৱেশ উপহাৰ দিয়া হ’ল। লক্ষ্য এই চেণ্টাৰৰ পৰাই গৈ এদিন আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত উজলি উঠক উৰিষ্যাৰ যুৱক-যুৱতী। বৰ্তমান ৰাজ্যখনৰ ইমূৰৰ পৰা সিমূৰলৈ প্ৰায় ২৫০০ যুৱ প্ৰতিভাক ইয়াৰ জৰিয়তে প্ৰশিক্ষণ প্ৰদান কৰি অহা হৈছে। ইয়াৰ বাহিৰেও ৰাজ্যখনত যোৱা পাঁচটা বছৰত বহুকেইখন আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতা অনুষ্ঠিত হৈছে। উৰিষ্যাত ২০১৪ চনত চেম্পিয়নছ লীগ, ২০১৮ চনত বিশ্বকাপ হকী, ২০১৭ ত হকী ৱৰ্ল্ড লীগৰ ফাইনেল মেচ অনুষ্ঠিত হৈ যায়। তাৰোপৰি ২০২৩ চনত ৰাজ্যখনে দ্বিতীয়বাৰৰ বাবে বিশ্বকাপ অনুষ্ঠিত কৰিবলৈও সাজু হৈছে। ৰুৰকিল্লাত ইতিমধ্যেই দেশৰ ভিতৰতে আটাইতকৈ বৃহৎ হকী ষ্টেডিয়ামখনৰ নিৰ্মাণৰ কামো প্ৰায় সম্পূৰ্ণ হোৱাৰ পথত। ২০,০০০ দৰ্শকৰ ক্ষমতাৰে এই ষ্টেডিয়ামখন বীৰছা মুণ্ডাৰ নামত ৰখা হৈছে। তাৰোপৰি সুন্দৰগড় জিলাৰ ১৭ টা ব্লকত চিন্থেটিক হকী টাৰ্ফ নিৰ্মাণৰ বাবেও বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে। এনেদৰেই, উৰিষ্যা চৰকাৰে বিভিন্ন পৰ্যায়ত ৰাজ্যখনত হকীৰ সৰ্বাংগীন উন্নয়নৰ বাবে বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে। ৰাজ্যখনত হকীৰ এনে চৰকাৰী পৃষ্ঠপোষকতাৰ কথা সম্প্ৰতি চর্চাত আছে।

ভাৰতীয় পুৰুষ আৰু মহিলা হকী দলে শেহতীয়াকৈ অলিম্পিকৰ মঞ্চত প্ৰদৰ্শন কৰা উল্লেখযোগ্য সফলতাৰ পিছতেই এতিয়া উৰিষ্যা চৰকাৰ তথা ৰাজ্যখনৰ মুখ্যমন্ত্ৰী নবীন পাটনায়কৰ প্ৰশংসাত পঞ্চমুখ হৈ পৰিছে ভাৰতবাসী। মুখ্যমন্ত্ৰী নবীন পাটনায়কো দল দুটাৰ এনে অদমনীয় প্ৰদৰ্শনক লৈ যথেষ্ট সুখী। অলিম্পিকত বৃহস্পতিবাৰে ভাৰতীয় পুৰুষ হকী দলে ৪১ বছৰীয়া অপেক্ষাৰ অন্ত পেলাই দখল কৰে ব্ৰঞ্জৰ পদক। মুখ্যমন্ত্ৰী নবীন পাটনায়কে দলটোক শুভেচ্ছা জনাইছে। শুভেচ্ছাবাৰ্তাত তেওঁ উল্লেখ কৰিছে যে ভাৰতীয় দলৰ এনে সাফল্যক উত্তৰ প্ৰজন্মক উদ্বুদ্ধ কৰিব। সঁচাই ভাৰতীয় হকীৰ সেই সোণালী দিন ঘূৰি আহক। ভাৰতীয় হকীৰ পুনুৰোত্থান হওক, তাত সহযোগী হওঁক উৰিষ্যা চৰকাৰ তথা নবীন পাটনায়কৰ দৰে দূৰদৰ্শী নেতা।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

4 × 5 =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments