Thursday, May 26, 2022
HomeNewsকৰ'না ভাইৰাছৰ কলাৰটিউনৰ আঁৰৰ কণ্ঠ ক্ৰীড়া সাংবাদিক জেচলিন ভল্লাৰ বিষয়ে জানো আহক

কৰ’না ভাইৰাছৰ কলাৰটিউনৰ আঁৰৰ কণ্ঠ ক্ৰীড়া সাংবাদিক জেচলিন ভল্লাৰ বিষয়ে জানো আহক

অলিম্পিয়া বিশেষ প্ৰতিবেদন

✍️ পূৰ্ণানন্দ নেওগ

কৰ’না উত্তৰ কালছোৱাত এতিয়া সকলোৰে কলাৰটিউনসমূহত এটাই কণ্ঠ। ৰাজ্যিক ভাষাৰ বাদেও প্ৰায়ে হিন্দী আৰু ইংৰাজী ভাষাত ভাঁহি আহে এক নাৰী কণ্ঠ। ‘কৰ’না ভাইৰাছ ছে আজ পুৰা দেছ লড় ৰহা হেই, য়াদ ৰহে হমে বিমাৰ ছে লড়না হে বিমাৰী ছে নহি।’

ইয়াৰ লগতে কৰোনা ভাইৰাছৰ বাবে ল’ব লগা সাৱসধানতা সম্পৰ্কেও হিন্দী আৰু ইংৰাজী উভয়তে এই কণ্ঠই সজাগতামূলক বাৰ্তা দি আহিছে। প্ৰতিটো ফোনকলৰ আগত সেইগৰাকী নাৰীৰ কণ্ঠস্বৰ আপুনি শুনা পায়। আন আন ৰাজ্যিক ভাষাতো একেধৰণে এই সজাগতামূলক কলাৰটিউনটো শুনিবলৈ পোৱা যায় যদিও ইংৰাজী তথা হিন্দী ভাষাৰ লগতে পাঞ্জাৱী ভাষাতো এই কলাৰটিউন বাণীবদ্ধ কৰা হৈছে এগৰাকী ক্ৰীড়া সাংবাদিকৰ কণ্ঠত। ক্ৰীড়া সাংবাদিকগৰাকীৰ নাম জেচলিন ভল্লা।

এসময়ত ক্ৰীড়া সাংবাদিক ৰূপে দায়িত্ব পালন কৰা জেচলিন ভল্লা এগৰাকী ভইছ অভাৰ আৰ্টিষ্ট। যোৱা প্ৰায় দহ বছৰ ধৰি তেওঁ এইখন ক্ষেত্ৰত কাম কৰি আহিছে। বিভিন্ন এডৰ লগতে তেওঁৰ কন্ঠ স্পাইছ জেট, দিল্লী মেট্ৰ’ , ইণ্ডিগ’ আদিৰ বাবে ব্যৱহাৰ কৰা হৈছে। বিভিন্ন চৰিত্ৰৰ আঁৰত থাকি কণ্ঠ প্ৰদান কৰি অহা এইগৰাকী ভইছ অভাৰ আৰ্টিষ্টে গৃহ মন্ত্ৰনালয়ৰ পৰা হঠাৎ এটা প্ৰস্তাৱ লাভ কৰে।

তেতিয়া ভাৰতত কোভিড১৯য়ে প্ৰসাৰতা লাভ কৰা নাছিল। কোভিড-১৯ ৰ সম্পৰ্কে জনসাধাৰণৰ মাজত সজাগতা সৃষ্টি কৰাৰ গুৰুত্ব ইতিমধ্যেই কেন্দ্ৰীয় চৰকাৰে বুজি উঠিছিল। প্ৰয়োজন হৈছিল সকলো মাধ্যমতে এই ৰোগ বিধৰ সংক্ৰমতাৰ বিষয়ে সকলোকে সজাগ কৰি তোলাৰ। কেন্দ্ৰীয় চৰকাৰে তাৰ বাবে নিৰ্ধাৰণ কৰিছিল কেতবোৰ নীতি নিৰ্দেশনাৰ। সেই নীতি নিৰ্দেশনাসমূহো জনসাধাৰণৰ ওচৰলৈ লৈ যোৱাৰ বাবে গ্ৰহণ কৰা হৈছিল বিশেষ পদক্ষেপ।তাৰেই অন্তৰ্গত এক পদক্ষেপ আছিল ফোনকলৰ প্ৰাক মুহূৰ্তত এনেদৰে কলাৰটিউনৰ মাধ্যমৰে সজাগতামূলক বাৰ্তা প্ৰকাশ কৰা। গৃহ বিভাগে তাৰ বাবে নিৰ্বাচিত কৰিছিল জেচলিনৰ কণ্ঠ। তেওঁৰ কণ্ঠ বাণীবদ্ধ কৰা হৈছিল মাৰ্চ মাহৰ শেষৰ সপ্তাহত। জেচলিনৰ এই কথা কল্পনাৰো অগোচৰ আছিল যে তেওঁৰ কণ্ঠ এনেদৰে প্ৰতিদিনে ফোনকলৰ আগ মুহূৰ্তত শুনা যাব। তেওঁ প্ৰথম অৱস্থাত ভাবিছিল যে কেৱল ১০ দিনৰ বাবে তেওঁৰ কণ্ঠ লোৱা হৈছে। কিন্তু পিছত যেতিয়া প্ৰতিদিনে এই কণ্ঠ বাজি থকা হ’ল এক মিশ্রত প্ৰতিক্ৰিয়াৰ সৃষ্টি হ’ল তেওঁৰ মনত।

এন ডি টি ভিৰে হোৱা এক সাক্ষাৎকাৰত তেওঁ এই বিষয়ে উল্লেখ কৰি কৈছে যে, “আপুনি কাৰোবলৈ এটা ফোন কৰিছে। আপুনি জানে যে এতিয়া যিটো কণ্ঠ শুনিব সেইটো আপোনাৰেই। ৩০ চেকেণ্ডলৈ বাজি থাকিব সেই কণ্ঠ। তাত মোৰেই কণ্ঠই মোকেই কব, হাত ধোৱক, মাস্ক পিন্ধক আৰু হাতখন সঘনে চেনিটাইজ কৰক।” এয়া এক ভাল লগা অনুভৱ। কেতিয়াবা আমনি লাগিলেও অৱশ্যে কথাকেইটা জনাটো প্ৰয়োজনীয়। জেচলিন ভল্লাই লগতে কয়।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

2 × 2 =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments