অলিম্পিয়া বাৰ্তা
পাকিস্তান দলৰ প্ৰাক্তন অলৰাউণ্ডাৰ শ্বাহিদ আফ্ৰিদীয়ে পাকিস্তান প্ৰিমীয়াৰ লীগত কাশ্মীৰ নামেৰে এটা দল অন্তৰ্ভুক্ত কৰাৰ বাবে পাকিস্তান ক্ৰিকেট বোৰ্ডক অনুৰোধ জনাইছে।
উল্লেখযোগ্য যে আফ্ৰিদীয়ে কিছুদিন আগতে পাকিস্তান অধ্যুষিত কাশ্মীৰ অঞ্চল ভ্ৰমণ কৰি এক সভাত অংশগ্ৰহণ কৰে। উক্ত সভাত আফ্ৰিদীয়ে উল্লেখ কৰে যে তেওঁ উক্ত অঞ্চলৰ প্ৰতিভাৱান ক্ৰিকেটাৰসকলক সহায় কৰিব খোজে।
তেওঁলোকক প্ৰয়োজন হ’লে সকলো সহায় কৰি পি এছ এলৰ দৰে প্ৰতিযোগিতাৰ বাবে যোগ্য ৰূপত গঢ়ি তোলাত আগভাগ লোৱাৰো আশ্বাস প্ৰদান কৰে ক্ৰিকেটাৰগৰাকীয়ে।
” মই এই সুযোগ লৈ পি চি বিক এটা অনুৰোধ কৰিব বিচাৰিম যে পাকিস্তান অধ্যুষিত কাশ্মীৰৰ এটা দল যেন তেওঁলোকে পি এছ এলত চামিল কৰে। মই কাশ্মীৰ দলটোক নেতৃত্ব দি আগুৱাই লৈ যাব বিচাৰো। পি চি বিৰ নতুন ফ্ৰেঞ্চাইজি দলটোৰ নাম কাশ্মীৰ হোৱা উচিত।” আফ্ৰিদীয়ে কয়।
তেওঁ লগতে কয়,”কাশ্মীৰত যদি এখন ষ্টেডিয়াম থাকিলহেঁতেন তেন্তে তাত ক্ৰিকেট অকাডেমি স্থাপন কৰিব পৰা গ’লহেঁতেন। আৰু তেনে অকাডেমি চলোৱাত মই আগভাগ ল’লোহেঁতেন। মই শুনিছোঁ ইয়াত ১২৫ টাকৈ ক্লাব আছে। সেই ক্লাব সমূহৰ মাজত ক্লাব টুৰ্ণামেণ্টৰ আয়োজন কৰিব লাগে।”
আফ্ৰিদীয়ে সেই সভাত ভাৰত তথা ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ বিষয়েও কটু মন্তব্য কৰে। ভাৰতত তেওঁৰ মন্তব্যক লৈ তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হয়। হৰভজন সিঙৰ পৰা আৰম্ভ কৰি সুৰেশ ৰাইনালৈকে বহুজনে ক্ৰিকেটাৰজনক সমালোচনাৰে থকা সৰকা কৰে।