অলিম্পিয়া বাৰ্তা
২০১১ বৰ্ষৰ বিশ্বকাপত তেওঁ আছিল নায়ক। দলৰ বিজয়ত তেওঁ লৈছিল অগ্ৰণী ভূমিকা। বেটে বলে সমানে উজলি উঠিছিল সেইবাৰ তেওঁ। সেই দমনীয় প্ৰদৰ্শনৰ বলতেই লাভ কৰিছিল সেইবাৰ মেন অৱ দ্য টুৰ্ণামেণ্টৰ সন্মানো। হয় ইয়াত যুৱৰাজ সিঙৰ কথা কোৱা হৈছে। সেইবাৰ সকলোৰে বাবে নায়ক হৈ পৰিছিল যুৱৰাজ সিং।
কিন্তু ২০১১ বৰ্ষৰ বিশ্বকাপত নায়ক হৈ পৰা যুৱৰাজ সিঙকেই ২০১৪ চনৰ টি টুৱেন্টি বিশ্বকাপৰ খলনায়ক সজোৱা হৈছিল। সেই কথা খোদ যুৱৰাজ সিঙেও নিজে উপলব্ধি কৰিছিল।
টি টুৱেন্টি বিশ্বকাপত ফাইনেলত উপনীত হোৱা ভাৰতীয় দলটোৱে প্ৰথমে বেট ধৰি সংগ্ৰহ কৰিছিল কেৱল ১৩০ ৰান। তাৰ মূলতেই আছিল যুৱৰাজ সিঙৰ লেহেম গতিৰ বেটিং। ২১ টা বলৰ সন্মুখীন হৈ যুৱৰাজে সংগ্ৰহ কৰিছিল কেৱল ১১ ৰান। পিছত শ্ৰীলংকাই ১৮ অভাৰতে ১৩১ ৰানৰ লক্ষ্যত উপনীত হৈছিল।
সেই ইনিংছটোৰ বাবে যুৱৰাজ তীব্ৰ সমালোচনাৰ সন্মুখীন হৈছিল। আনকি ফাইনেলৰ সেই নিশা যুৱৰাজ সিঙৰ ঘৰলৈ দুৰ্বৃত্তই শিলগুটিও দলিয়াইছিল। এই কথা ব্যক্ত কৰিছে যুৱৰাজ সিঙে সাংবাদিক নিখিল নাযৰ সৈতে হোৱা এটা ইনষ্টাগ্ৰাম সাক্ষাৎকাৰত।
“সেই দিনটোৰ ফলাফলৰ বাবে মই সম্পূৰ্ণ দায়িত্ব লৈছিলোঁ। মই সিদিনা সঁচাই ভাল খেলা নাছিলোঁ।” যুৱৰাজে কয়।
“দুৰ্ভাগ্যবশত সিদিনা বিশ্বকাপৰ ফাইনেল আছিল। এনেই আই পি এলত ২১ বলত ১১ ৰান কৰাৰ উদাহৰণ যথেষ্ট দেখেছিলোঁ।” যুৱৰাজে লগতে কয়।
উল্লেখযোগ্য যে যুৱৰাজক সেই সময়ত এয়াৰপোৰ্টতো সাংবাদিকে বিভিন্ন প্ৰশ্ন কৰিছিল। ঘৰত আহি তেওঁ গম পাইছিল যে তেওঁৰ ঘৰলৈও শিলগুটি দলিওৱা হৈছিল। তেওঁৰ আন্তঃৰাষ্ট্ৰীয় কেৰিয়াৰকলৈও সৰৱ আলোচনা হৈছিল কেওঁফালে।
“মই যেতিয়া ঘৰত আহি ভৰি দিছিলোঁহি, মই খলনায়কৰ দৰে অনুভৱ কৰিছিলোঁ। সংবাদিকসকলেও মোলৈ লক্ষ কৰি প্ৰশ্ন কৰিছিল। মই শুনা পাইছিলোঁ মোৰ ঘৰলৈও শিলগুটি দলিওৱা হৈছিল।” যুৱৰাজে এনেদৰেই ৰোমন্থন কৰিছিল তেওঁৰ জীৱনৰ এক অন্ধকাৰ অধ্যায়ৰ কথা।